নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। হোৱাইট হাউছৰ নিচেই কাষৰ পৰাই অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত অৱস্থাত ৰনি য়ৰ্ড্ৰিক্স গুয়ানিপা চিৰিনোছ নামৰ ২৬ বছৰীয়া এজন ভেনিজুৱেলাৰ যুৱকক আমেৰিকাৰ নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাক লৈ পুনৰবাৰ তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা বৃহস্পতিবাৰে নিশা ৱাশ্বিংটনৰ কনষ্টিটিউচন এভিনিউত আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিছৰ বিষয়াসকলে এখন নীলা ৰঙৰ ফৰ্ড এফ-১৫০ পিকআপ ট্ৰাক সন্দেহজনকভাৱে ৰখাই থোৱা প্ৰত্যক্ষ কৰে। গাড়ীখনৰ ভিতৰত থকা যুৱকজনৰ আচৰণ সন্দেহজনক যেন লগাত বিষয়াসকলে ততাতৈয়াকৈ তেওঁক জেৰা কৰিবলৈ আৰম্ভ কৰে। আচৰিত কথা যে, সোধা-পোছাৰ সময়ত চিৰিনোছে স্বীকাৰ কৰে যে তেওঁৰ মূৰৰ ভিতৰত প্ৰতিধ্বনিত হোৱা এটা অচিনাকি কণ্ঠস্বৰে তেওঁক ৱাশ্বিংটনলৈ গৈ ৰাষ্ট্ৰপতিক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল।
যুৱকজনৰ এই ভয়ংকৰ স্বীকাৰোক্তিৰ পিছতেই গাড়ীখনত তন্নতন্নকৈ তালাচী চলোৱা হয়। তালাচীত গাড়ীখনৰ পৰা মুঠ তিনিটা মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়, যিবোৰৰ ভিতৰত আছিল এটা এ আৰ-১৫ ৰাইফল, এটা মেক-১০ মেচিন পিষ্টল আৰু এটা গ্লক ৪৩এক্স পিষ্টল। ইয়াৰ লগতে কেইবা ডজন সক্ৰিয় কাৰ্টিজো জব্দ কৰা হয়। ইফালে, তদন্তৰ অন্তত পোহৰলৈ আহে যে তেওঁ ব্যৱহাৰ কৰা পিকআপ ট্ৰাকখনো দক্ষিণ কেৰ’লিনাৰ পৰা চুৰি কৰা হৈছিল।
আমেৰিকাৰ গৃহভূমি নিৰাপত্তা বিভাগৰ তথ্য অনুসৰি, চিৰিনোছে ২০২৪ চনৰ মাৰ্চ মাহত টেক্সাছ সীমান্তৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল। তেওঁৰ হাতত দেশখনত থকাৰ কোনো বৈধ আইনী নথি-পত্ৰ নাছিল। বৰ্তমান ধৃত যুৱকজনৰ বিৰুদ্ধে একাধিক গুৰুতৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত অবৈধভাৱে আগ্নেয়াস্ত্ৰ সৰবৰাহ, অনুজ্ঞাপত্ৰ অবিহনে পিষ্টল কঢ়িওৱা, পঞ্জীয়নবিহীন অস্ত্ৰ আৰু কাৰ্টিজ ৰখা, চুৰি বাহনৰ ব্যৱহাৰ আৰু চুৰি সম্পত্তি নিজৰ জিম্মাত ৰখাৰ অভিযোগ প্ৰধান। আনহাতে, অবৈধ অনুপ্ৰৱেশৰ গোচৰত ব্যৱস্থা গ্ৰহণৰ বাবে ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টেও তেওঁক নিজৰ জিম্মাত ৰাখিবলৈ অনুৰোধ জনাইছে।
এই স্পৰ্শকাতৰ ঘটনাক লৈ আমেৰিকান ছিক্ৰেট চাৰ্ভিচৰ সঞ্চালক শ্বেন কাৰানে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে হোৱাইট হাউছৰ দৰে অতিৰিক্ত নিৰাপত্তাবেষ্টনী থকা অঞ্চলৰ আশেপাশে এনেদৰে অস্ত্ৰধাৰী লোকৰ উপস্থিতি নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ভাবুকি। অৱশ্যে নিৰাপত্তাৰক্ষীসকলৰ তৎপৰতাৰ বাবেই এক বৃহৎ অঘটন ৰোধ কৰা সম্ভৱ হ’ল বুলিও তেওঁ স্বীকাৰ কৰে।
গ্ৰেপ্তাৰৰ পিছতে চিৰিনোছক ৱাশ্বিংটনৰ আদালতত হাজিৰ কৰোৱা হয় আৰু বৰ্তমান তেওঁ আমেৰিকাৰ মাৰ্শ্বাল চাৰ্ভিচৰ কঠোৰ জিম্মাত আছে। প্ৰকৃততে ৰাষ্ট্ৰপতিগৰাকীক আক্ৰমণ কৰাৰ কোনো সুপৰিকল্পিত ব্লুপ্ৰিণ্ট আছিল নেকি, সেয়া নিশ্চিত কৰিবলৈ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে।