নতুন দিল্লী
কংগোত এক ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এই মৰ্মান্তিক দুৰ্ঘটনাত দুজন উচ্চপদস্থ সেনা বিষয়াকে ধৰি মুঠ ১৪ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে ঘটা এই দুৰ্ঘটনাটোৰ পিছতে বিমানখনত জুই লাগে আৰু তাত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যু হয়।
জানিব পৰা মতে, সামৰিক প্ৰতিনিধি দলটোৱে এখন বিমানেৰে দক্ষিণ-পশ্চিম কংগোৰ কিকৱিট চহৰৰ পৰা ৰাজধানী কিনছাছালৈ উভতি আহিছিল। কিন্তু যাত্ৰাপথত কেনগে অঞ্চলৰ আকাশমাৰ্গত বিমানখনত হঠাতে যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয় আৰু ই নিয়ন্ত্ৰণ হেৰুৱাই মাটিত পৰি যায়।
এই ঘটনাত নিহত হোৱা সেনা বিষয়া দুজন হৈছে সামৰিক আদালতৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মুটম্বো কাটালাই টিয়েণ্ডে আৰু সশস্ত্ৰ বাহিনীৰ অডিটৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল বাকুমি লিকুলিয়া। কংগো সেনা আৰু অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, প্ৰাৰম্ভিকভাৱে কাৰিকৰী বিজুতিৰ বাবেই এই ঘটনা ঘটা বুলি সন্দেহ কৰি ইয়াৰ সঠিক কাৰণ জানিবলৈ এক তদন্ত আৰম্ভ কৰা হৈছে।