নতুন দিল্লী
বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে দেশখনৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। অহা ডিচেম্বৰ মাহত স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰা হাছিনাই নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বিচাৰি আবেদন জনাইছে। অৱশ্যে হাছিনাৰ এই পদক্ষেপৰ মাজতে তেওঁক নতুন ভ্ৰমণ নথি প্ৰদান কৰাৰ পৰিৱৰ্তে ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰিব লাগে বুলি দাবী জনাইছে বাংলাদেশ চৰকাৰে।
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰে স্পষ্ট কৰি দিছে যে, শ্বেখ হাছিনাক দেশলৈ ঘূৰাই অনাৰ বাবে নতুন পাছপ’ৰ্টৰ কোনো প্ৰয়োজন নাই। ভাৰত আৰু বাংলাদেশৰ মাজত ইতিমধ্যে প্ৰত্যাৰ্পণ চুক্তি কাৰ্যকৰী হৈ আছে। সেয়েহে সেই চুক্তিৰ অধীনতে হাছিনাক বাংলাদেশৰ হাতত অৰ্পণ কৰা উচিত।
বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সাংবাদিকৰ আগত কবিৰে কয়, "আমি হাছিনাক আমাৰ হাতত গতাই দিয়াটো বিচাৰোঁ। তেওঁক গতাই দিবই লাগিব। তেওঁ এগৰাকী সন্ত্ৰাসবাদী আৰু পলাতক অভিযুক্ত। ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৰ্পণ চুক্তি আছে।"
ইফালে, সংবাদ সংস্থা ৰয়টাৰ্ছৰ সোমবাৰৰ এক প্ৰতিবেদন অনুসৰি, হাছিনাৰ অধিবক্তাসকলে নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ বাবে নতুন দিল্লীস্থিত বাংলাদেশৰ দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
লণ্ডনস্থিত আইনী প্ৰতিষ্ঠান মেট্ৰিক্স চেম্বাৰ্ছৰ অধিবক্তাসকলে দিল্লীস্থিত বাংলাদেশ দূতাবাসৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত প্ৰীতি ৰহমানলৈ এই পত্ৰ প্ৰেৰণ কৰে। বাংলাদেশৰ নাগৰিক হিচাপে হাছিনাৰ অধিকাৰৰ ভিত্তিত নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ পত্ৰখনত অনুৰোধ জনোৱা হৈছে।
পত্ৰখনত উল্লেখ কৰা হৈছে যে, বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই হাছিনাৰ পূৰ্বৰ পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বাতিল কৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বাবে নতুন নথি প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈছে।
লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সম্পৰ্কীয় চুক্তিসমূহৰ অধীনত বাংলাদেশৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি আবেদন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈও অধিবক্তাসকলে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা তীব্ৰ গণবিক্ষোভৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটিছিল। কেইবাসপ্তাহ ধৰি চলা আন্দোলন ক্ৰমাৎ দেশজুৰি গণঅভ্যুত্থানলৈ ৰূপান্তৰিত হোৱাৰ পিছত হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ এৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছিল।
তাৰ পিছৰে পৰা তেওঁ ভাৰততে অৱস্থান কৰি আছে। দেশ ত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে হাছিনাৰ হৈ বাংলাদেশৰ দূতাবাসৰ সৈতে আনুষ্ঠানিকভাৱে এনে যোগাযোগ কৰা হৈছে বুলি ৰয়টাৰ্ছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
বাংলাদেশলৈ কিয় উভতিব বিচাৰিছে শ্বেখ হাছিনা?
বাংলাদেশলৈ হাছিনাৰ সম্ভাব্য প্ৰত্যাৱৰ্তনৰ আঁৰত আছে কেইবাটাও গুৰুত্বপূৰ্ণ আইনী আৰু ৰাজনৈতিক কাৰণ। ২০২৪ চনৰ গণঅভ্যুত্থানৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা মাৰাত্মক দমন অভিযানৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ অভিযোগত ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাক অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।
অৱশ্যে হাছিনাই নিজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। তেওঁ পূৰ্বেই প্ৰকাশ কৰিছিল যে ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি গৈ আদালতৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে।
হাছিনাৰ সহযোগীসকলৰ মতে, প্ৰয়োজনীয় আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হ’ব। আনহাতে, হাছিনা ক্ষমতাচ্যুত হোৱাৰ পিছত তেওঁৰ ৰাজনৈতিক দল আৱামী লীগকো নিষিদ্ধ কৰা হৈছে। দলটোৰ কেইবাজনো নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বহু নেতাই ভাৰতকে ধৰি বিভিন্ন দেশত আশ্ৰয় লৈছে।
হাছিনাক প্ৰত্যাৰ্পণৰ দাবীত অটল বাংলাদেশ
বাংলাদেশ চৰকাৰে শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ জৰিয়তেহে ঘূৰাই নিয়াৰ স্থিতিত অটল আছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰে হাছিনাক নতুন পাছপ’ৰ্ট প্ৰদানৰ প্ৰয়োজনীয়তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ কয়, "হাছিনা ৰংপুৰত শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহিব নেকি যে, তেওঁক পাছপ’ৰ্ট দিব লাগিব? সন্ত্ৰাসবাদী বা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ পাছপ’ৰ্টৰ প্ৰয়োজন নহয়। এয়া তেওঁক গতাই দিয়াৰ বিষয় আৰু ইয়াৰ বাবে ইতিমধ্যে আইনী প্ৰক্ৰিয়া আছে।"
কবিৰে লগতে কয় যে, বাংলাদেশে প্ৰচলিত আইনী আৰু কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে হাছিনাক ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উল্লেখ্য যে বাংলাদেশে ইতিমধ্যে হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ ভাৰত চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে। নতুন দিল্লীয়েও এই অনুৰোধ পৰীক্ষা কৰি থকা বুলি পূৰ্বে প্ৰকাশ কৰিছিল।
ভাৰত-বাংলাদেশৰ সম্পৰ্কত নতুন প্ৰত্যাহ্বান
শ্বেখ হাছিনাৰ ভাৰতত অৱস্থানে বিগত সময়ছোৱাত ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাইছে। ২০২৪ চনত হাছিনাৰ চৰকাৰৰ পতনৰ পিছত ভাৰতে তেওঁক আশ্ৰয় দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত কূটনৈতিক মতানৈক্য বৃদ্ধি পাইছিল। ইয়াৰ মাজতে বাংলাদেশে বাৰম্বাৰ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী জনোৱাত বিষয়টো অধিক জটিল হৈ পৰিছে।
বিশেষকৈ হাছিনাৰ সম্ভাব্য স্বদেশ প্ৰত্যাৱৰ্তনে বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতিতো নতুন উত্তেজনাৰ সৃষ্টি কৰাৰ আশংকা আছে। দেশখনত এতিয়াও হাছিনাৰ সমৰ্থকসকল সক্ৰিয় হৈ থকাৰ বিপৰীতে তেওঁৰ বিৰোধীসকলে গণঅভ্যুত্থানৰ সময়ত সংঘটিত দমনমূলক কাৰ্যকলাপৰ বাবে কঠোৰ শাস্তিৰ দাবী জনাই আহিছে।
অৱশ্যে এই জটিল বিষয়টোৰ এক গ্ৰহণযোগ্য সমাধান ওলালে ভাৰত আৰু বাংলাদেশৰ মাজত সৃষ্টি হোৱা কূটনৈতিক উত্তেজনা কিছু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে।
এনে পৰিস্থিতিত শ্বেখ হাছিনাই নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বিচাৰি কৰা আবেদনে বিশেষ তাৎপৰ্য বহন কৰিছে। এফালে হাছিনাৰ অধিবক্তাসকলে তেওঁৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰাৰ চেষ্টা চলোৱাৰ বিপৰীতে আনফালে বাংলাদেশ চৰকাৰে প্ৰত্যাৰ্পণৰ দাবীত নিজৰ স্থিতি কঠোৰ কৰি ৰাখিছে।
এতিয়া হাছিনাৰ আবেদন সন্দৰ্ভত বাংলাদেশৰ দূতাবাসে কি সিদ্ধান্ত গ্ৰহণ কৰে আৰু ভাৰত চৰকাৰে প্ৰত্যাৰ্পণৰ বিষয়টো কেনেদৰে আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব।