৭.৪ প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় কলম্বিয়া; মৃত্যুকৰ সংখ্যা ১৩২লৈ বৃদ্ধি, আহত ৫৭০ জনতকৈ অধিক

Story by  atv | Posted by  Munni Begum • 1 d ago
৭.৪ প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় কলম্বিয়া
৭.৪ প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় কলম্বিয়া
 
বগোটা / কলম্বিয়া 
 
সোমবাৰে সন্ধিয়া এক শক্তিশালী ভূমিকম্পই কলম্বিয়াক জোকাৰি যায়৷ এই ভূমিকম্পটো ইমানেই শক্তিশালী আছিল যে, চুবুৰীয়া দেশসমূহতো ইয়াৰ কম্পন অনুভূত হয়৷ ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্য ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৭০ জনতকৈ অধিক লোক আহত হৈছে৷ 
 
ভূমিকম্পত ফলত সম্প্ৰতি বহু লোক ধ্বংসস্তুপৰ তলত পোত যোৱাৰ বিপৰীতে বহু লোকে কথমপি প্ৰাণৰক্ষা কৰে৷ ডাঙৰ ডাঙৰ অট্টালিকাসমূহ নিমিষতে তাচপাতৰ দৰে খহি পৰে আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়৷ 
আমেৰিকা আৰু কলম্বিয়াৰ ভূ-তাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি, বগোটাৰ পৰা প্ৰায় ২৫০ মাইল অৰ্থাৎ ৪০০ কিলোমিটাৰ পশ্চিমে থকা চ'কো অঞ্চলৰ ছান জোছ ডেল পালমাৰ এই ভয়ংকৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল। ভূমিভাগৰ পৰা ৬৬ মাইল অৰ্থাৎ ১০৭ কিলোমিটাৰ গভীৰতাৰ পৰা এই কম্পনৰ উৎপত্তি হৈছিল ৷ চুবুৰীয়া ৰাষ্ট্ৰ ইকুৱেডৰতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে৷ 
 
পেৰেইৰা চহৰত কমেও ১৮ জন আৰু মানিজালেছ চহৰত দুজন লোকৰ মৃত্যু ঘটা বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিছে৷ এই ভূমিকম্পটোত কলম্বিয়াৰ কফি খেতিৰ বাবে বিখ্যাত তথা পাহাৰৰ মাজত অৱস্থিত এখন চহৰ মানিজালেছত নব্য গথিক কেথেড্ৰেলৰ এটা টাৱাৰৰ মূল হলটো মুহূৰ্ততে খহি পৰে৷ পুনৰ ভূমিকম্প অহাৰ আশংকাত স্থানীয় লোকসকলক নিৰাপদ স্থানত থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে৷
উল্লেখ্য যে, জুন মাহৰ শেষৰফালে ভেনিজুৱেলাত একেৰাহে হোৱা ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটাকৈ শক্তিশালী ভূমিকম্পৰ পিছত কলম্বিয়াতো এনেধৰণৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ এই ভূমিকম্পৰ ফলত শতাধিক অট্টালিকা ধ্বংসস্তুপত পৰিণত হোৱাৰ বিপৰীতে প্ৰায় ৫ হাজাৰৰো অধিক লোকৰ প্ৰাণহানি হৈছিল।