নতুন দিল্লী
অৱশেষত চুবুৰীয়া চীনক প্ৰত্যুত্তৰ দিলে ভাৰত চৰকাৰে। অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰিবলৈ চীনে চলাই অহা নিৰন্তৰ প্ৰচেষ্টাৰ সময়তে ভাৰত চৰকাৰে গ্ৰহণ কৰিলে ডাঙৰ পদক্ষেপ। ভাৰত চৰকাৰে ৰাজ্যখনৰ ২৭টা গুৰুত্বপূৰ্ণ স্থানৰ নাম আনুষ্ঠানিকভাৱে নামাকৰণ কৰি চিহ্নিত কৰিছে।
শুকুৰবাৰে ভাৰতৰ অফিচিয়েল মেপত মান্য নাম হিচাপে নামাকৰণ কৰে। এই ২৭টা স্থানৰ ভিতৰত আছে ভূমি অঞ্চল, পাহাৰীয়া পাছ, হ্ৰদ, ঐতিহাসিক স্থান অন্তৰ্ভুক্ত হৈ আছে। মেপত স্থান পোৱা ২৭টা স্থানৰ ভিতৰত ১৯৬২ চনৰ যুদ্ধ আৰু সীমান্তৰ ইতিহাসৰ সৈতে জড়িত কেইবাটাও ঐতিহাসিক তথা কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ স্থান অন্তৰ্ভুক্ত হৈ আছে।
অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ২৭ টা স্থানৰ ‘নাম সলনি’ৰ প্ৰস্তাৱ এইবাৰ আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় জৰীপ সংস্থাই প্ৰকাশ কৰা অৰুণাচল প্ৰদেশৰ মানচিত্ৰত এই নামসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনা কৰি ভাৰতীয় জৰীপে প্ৰকাশ কৰা অৰুণাচল প্ৰদেশৰ মানচিত্ৰত এক নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি মুঠ ২৭ টা স্থান চিনাক্ত কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাৰ্ভে অৱ ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশৰ অফিচিয়েল মেপত এই স্থানসমূহ আনুষ্ঠানিকভাৱে চিহ্নিত কৰাৰ মূল উদ্দেশ্য হৈছে এইসমূহৰ সঠিক চিনাক্তকৰণ আৰু সাধাৰণ জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা।
চীন-ভাৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত অৱস্থিত লংজু, য’ত ১৯৫৯ চনত চীনা সেনা প্ৰৱেশ কৰাৰ ফলত দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে সংঘাতৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰি আপাৰ সোৱণশিৰি জিলাৰ লংজুৰ সমীপৱৰ্তী মাজা গাঁৱকো চিহ্নিত কৰা হৈছে।
ইয়াৰ উপৰি বিছা, দজ'লা, ৰিজা লা, পুকুৰ লা আৰু ১৯৬২ চনৰ যুদ্ধৰ অন্যতম কেন্দ্ৰবিন্দু থাগ লাকো চিনাক্ত কৰা হৈছে। চাংলাং জিলাৰ জয়ৰামপুৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক হাব, যিটো পূব অৰুণাচল আৰু ম্যানমাৰ সীমান্তলৈ নিৰাপত্তা বাহিনীৰ চলাচলৰ বাবে এক মুখ্য প্ৰৱেশদ্বাৰ।
টাৱাং পথত অৱস্থিত দেশপ্ৰেমী শ্বহীদ জছৱন্ত সিং ৰাৱাটৰ স্মাৰক চিহ্ন ‘জছৱন্ত গড়’, ১৯৬২ চনৰ যুদ্ধৰ বীৰ ত্ৰিলোক সিং থাপাৰ স্মাৰক ‘শ্বেৰ-ই-থাপা স্মৰক’, ‘শম্ভু সৰোবৰ’, কামলাং অভয়াৰণ্যৰ সমীপৱৰ্তী কামলাং নগৰ, বুদ্ধমন্দিৰ, পৃথকে চোট ৰোপুক, বৰ ৰোপুক, সাগৰ, পদ্মা, জ্যোতিৰ্নগৰ আদি অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, ভাৰতে বহু সময়ৰ পৰা চীনা কৰ্তৃপক্ষই ভাৰতীয় ভূখণ্ডৰ স্থানসমূহৰ কাল্পনিক নামাকৰণ কৰা কাৰ্যক বিৰোধ কৰি আহিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে চীনা পক্ষৰ এনে অপচেষ্টাই অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ হোৱাৰ যি ঐতিহাসিক সত্য, তাক কেতিয়াও সলনি কৰিব নোৱাৰে।