জয়শংকৰৰ বিদেশী মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক

Story by  atv | Posted by  Munni Begum • 29 m ago
জয়শংকৰৰ বিদেশী মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক
জয়শংকৰৰ বিদেশী মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক
 
নিউয়ৰ্ক
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চপৰ্যায়ৰ অধিৱেশনৰ সময়ত নিউয়ৰ্কত কেইবাগৰাকীও বিদেশী সমপদস্থ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ আঞ্চলিক আৰু বিশ্বজনীন বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে।
 
দেওবাৰে নিউয়ৰ্ক চহৰত উপস্থিত হয় মন্ত্ৰী জয়শংকৰ। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিছে। সোমবাৰে তেওঁৰ বৈঠকৰ কাৰ্যসূচী ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-নোৱেল বাৰোৰ সৈতে হোৱা বৈঠকৰ জৰিয়তে আৰম্ভ হয়। 
 
জয়শংকৰে সামাজিক মাধ্যমত এটা পোষ্টত কয়, “আমাৰ নিয়মীয়া বৈঠক আৰু টেলিফোনিক আলোচনাই আমাৰ বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ গতি অব্যাহত ৰখাত সহায় কৰিছে।”
 
তেওঁ লগতে কয় যে, বৈঠকত আঞ্চলিক আৰু বিশ্বজনীন বিষয়, বিশেষকৈ ইউক্ৰেইন আৰু উপসাগৰীয় সংকট সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰোপৰি বহুপাক্ষিক বিষয়সমূহ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভতো মত-বিনিময় কৰা হয়। 
 
ইকুৱেডৰৰ বৈদেশিক মন্ত্ৰী ৰবাৰ্টো কুৰিৰ সৈতে বৈঠকৰ পিছত জয়শংকৰে কয় যে, দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা, বিশেষকৈ শক্তি আৰু ঔষধ খণ্ড, মানুহৰ যাতায়াত, কৰ্মী প্ৰশিক্ষণ, উন্নয়নমূলক অংশীদাৰিত্ব আৰু ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন বহুপাক্ষিক মঞ্চত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়।
 
ইয়াৰ পিছত শ্লোভাকিয়াৰ বৈদেশিক মন্ত্ৰী জুৰাজ ব্লানাৰৰ সৈতে হোৱা বৈঠকত জয়শংকৰে দ্বিপাক্ষিক বিষয়সমূহৰ লগতে দুয়োখন দেশৰ মাজত বহুপাক্ষিক সহযোগিতা অধিক গভীৰ কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰা বুলি কয়।
 
জয়শংকৰে হাংগেৰীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী অনিতা অৰ্বানৰ সৈতেও প্ৰথমবাৰৰ বাবে এখন “অতি ভাল বৈঠক” অনুষ্ঠিত কৰে। তেওঁ কয় যে, দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে কৌশলগত অংশীদাৰিত্ব আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
জয়শংকৰে ছেপ্টেম্বৰৰ ২৬ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মঞ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিতৰ্কত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলক সম্বোধন কৰিব।