মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব এতিয়াও পৰ্যাপ্তভাৱে প্ৰস্তুত নহয়: WHO

Story by  atv | Posted by  Munni Begum • 2 h ago
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সঞ্চালক প্ৰধান টেড্ৰছ আধানম গেব্ৰেয়েছাছ
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সঞ্চালক প্ৰধান টেড্ৰছ আধানম গেব্ৰেয়েছাছ
 
জেনেভা
 
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সঞ্চালক প্ৰধান টেড্ৰছ আধানম গেব্ৰেয়েছাছে সোমবাৰে কয় যে, মহামাৰী প্ৰতিৰোধ কৰা, তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি লোৱা আৰু মহামাৰী আৰম্ভ হ’লে ইয়াৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্ব এতিয়াও “পৰ্যাপ্তভাৱে প্ৰস্তুত নহয়”। আগন্তুক ৮১সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (UNGA) উচ্চ-পৰ্যায়ৰ সপ্তাহৰ পূৰ্বে তেওঁ এই মন্তব্য কৰিছে।
 
সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্টত টেড্ৰছে কয়, “আগন্তুক সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত বিশ্বৰ নেতাসকলে মহামাৰী প্ৰতিৰোধ, তাৰ বাবে প্ৰস্তুতি আৰু মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিবলৈ মিলিত হ’ব। ৰাজনৈতিক ঘোষণাপত্ৰখন স্পষ্ট যে, বিশ্ব এতিয়াও পৰ্যাপ্তভাৱে প্ৰস্তুত নহয়।”
 
তেওঁ লগতে কয় যে, বিশ্বৰ নেতাসকলে এতিয়া “ৰাজনৈতিক প্ৰতিশ্ৰুতিসমূহক বাস্তৱ কাৰ্যলৈ ৰূপান্তৰিত” কৰিব লাগিব। লগতে মহামাৰী চুক্তিৰ অধীনত ৰোগ সৃষ্টিকাৰী জীৱাণুৰ প্ৰৱেশাধিকাৰ আৰু ইয়াৰ পৰা লাভৰ ন্যায্য ভাগ-বাটোৱাৰা সম্পৰ্কীয় সংযোজনী সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। 
 
টেড্ৰছে এই মন্তব্য এনে এটা সময়ত কৰিছে, যেতিয়া বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক উচ্চ-পৰ্যায়ৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে। এই সাধাৰণ বিতৰ্ক ২২ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব।
 
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১সংখ্যক অধিৱেশন এইবাৰৰ “বিশ্বাস পুনৰ স্থাপন, পৰিৱৰ্তন পৰিচালনা: সকলোৰে বাবে কাম কৰা এখন ৰাষ্ট্ৰসংঘ” শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হৈছে।
 
বাংলাদেশৰ খলিলুৰ ৰহমানে এই অধিৱেশনৰ সভাপতিত্ব কৰিছে। সাধাৰণ পৰিষদৰ এই অধিৱেশনত ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। তেওঁলোকে বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিজ নিজ দেশৰ অগ্ৰাধিকাৰ আৰু মতামত প্ৰকাশ কৰিব।
 
ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে সকলোৰে বাবে এখন উন্নত পৃথিৱী গঢ়াৰ ক্ষেত্ৰত আশা নেহেৰুৱাই নিৰন্তৰ প্ৰচেষ্টা চলাই যাবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘৰ মুৰব্বী হিচাপে এইবাৰেই তেওঁ অন্তিমবাৰৰ বাবে সাধাৰণ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।
 
সামাজিক মাধ্যম ‘এক্স’ত গুটেৰেছে কয়, “ৰাষ্ট্ৰসংঘৰ মহাসচিব হিচাপে মোৰ অন্তিম সাধাৰণ পৰিষদৰ অধিৱেশনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চিন্তা কৰি আছোঁ। এই কঠিন সময়ত আমি নিৰাশ নহৈ আশাবাদী হোৱাৰ পথ বাছি ল’ব লাগিব। সকলোৰে বাবে এখন উন্নত পৃথিৱীৰ বাবে কৰা প্ৰচেষ্টা আমি এৰি দিব নোৱাৰোঁ বৰং এতিয়া আগতকৈও অধিক প্ৰয়োজন।”
 
ভাৰতৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই অধিৱেশনত অংশগ্ৰহণ কৰি ভাষণ দিয়াৰ কথা আছে। ৰাষ্ট্ৰসংঘৰ মতে, ৮১সংখ্যক অধিৱেশনত বিশ্বব্যাপী সহযোগিতা পুনৰ শক্তিশালী কৰা, বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়া আৰু শান্তি, মৰ্যাদা তথা সমতাৰ বাবে সামূহিক পদক্ষেপ গ্ৰহণ কৰা আদি বিষয়ত গুৰুত্ব দিয়া হ’ব।
 
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ-পৰ্যায়ৰ সপ্তাহত বিশ্বব্যাপী সংঘাত, উন্নয়ন, জলবায়ু পৰিৱৰ্তন, মানৱীয় সংকট আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়তো আলোচনা অনুষ্ঠিত হ’ব। 
 
এই সাধাৰণ বিতৰ্কত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে নিজৰ বৈদেশিক নীতিৰ অগ্ৰাধিকাৰসমূহ বিশ্বৰ সন্মুখত দাঙি ধৰাৰ লগতে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে।