ছিংগাপুৰ
ভাৰতে মঙলবাৰে অৰ্থাৎ ২২ ছেপ্টেম্বৰত, মালয়েছিয়াত থকা তথা দেশখনলৈ যাবলৈ ওলোৱা ভাৰতীয় নাগৰিকসকলক ৩০ দিনীয়া ভিছামুক্ত প্ৰৱেশ ব্যৱস্থা ব্যৱহাৰ কৰি চাকৰি বিচাৰিবলৈ বা কাম কৰিব নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে।
কুৱালালামপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই সামাজিক মাধ্যমত প্ৰকাশ কৰা এক সতৰ্কবাণীত কয় যে মালয়েছিয়ালৈ অহা ভাৰতীয় নাগৰিকৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ইয়াৰে বহু লোকক ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতি দি অসাধু এজেণ্টে বিপথে পৰিচালিত কৰা বুলি উচ্চায়ুক্তই জানিবলৈ দিয়ে।
উচ্চায়ুক্তই স্পষ্ট কৰি দিয়ে যে, ৩০ দিনীয়া ভিছামুক্ত প্ৰৱেশ ব্যৱস্থা কেৱল পৰ্যটন আৰু সামাজিক ভ্ৰমণৰ বাবে প্ৰযোজ্য। এই ব্যৱস্থাৰ অধীনত মালয়েছিয়াত চাকৰি বা কোনো ধৰণৰ কৰ্মসংস্থাপন গ্ৰহণ কৰাৰ অনুমতি নাই।
সতৰ্কবাণীত কোৱা হৈছে, “৩০ দিনীয়া ভিছামুক্ত প্ৰৱেশ ব্যৱস্থা ব্যৱহাৰ কৰি চাকৰি বিচাৰি মালয়েছিয়ালৈ অহা ভাৰতীয় নাগৰিকৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। কুৱালালামপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই পৰ্যটন ভিছাৰে মালয়েছিয়ালৈ যোৱা ভাৰতীয় নাগৰিকসকলক কোনো ধৰণৰ চাকৰি গ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিছে।”
উচ্চায়ুক্তই লগতে কয়, "বহু ভাৰতীয় নাগৰিকক অসাধু এজেণ্টে ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতি দি বিপথে পৰিচালিত কৰে। ইয়াৰ ফলত তেওঁলোকে নিৰ্ধাৰিত সময়তকৈ অধিক দিন দেশখনত থাকি যোৱা, অবৈধভাৱে বসবাস কৰা, শোষণৰ সন্মুখীন হোৱা, আটক হোৱা আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হোৱাৰ দৰে সমস্যাত পৰিবলগীয়া হয়।"
ভাৰতীয় উচ্চায়ুক্তই স্পষ্ট কৰি দিয়ে যে, এনে কাৰ্য মালয়েছিয়াৰ অভিবাসন নিয়মৰ স্পষ্ট উলংঘন। ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে ভিছামুক্ত প্ৰৱেশৰ জৰিয়তে মালয়েছিয়াত সৰ্বাধিক ৩০ দিন থাকিব পাৰে যদিও এই সুবিধা কেৱল পৰ্যটন আৰু সামাজিক ভ্ৰমণৰ বাবেহে দিয়া হয়।
সতৰ্কবাণীত প্ৰকৃত পৰ্যটকসকলক মালয়েছিয়াত প্ৰৱেশৰ সময়ত কোনো ধৰণৰ অভিবাসন-সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিবলৈ বৈধ আৰু পৰীক্ষা কৰিব পৰা নথি-পত্ৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰ ভিতৰত নিশ্চিত উভতি অহাৰ টিকট, হোটেল বুকিঙৰ নথি, মালয়েছিয়া ডিজিটেল এৰাইভেল কাৰ্ড (এমডিএচি) আৰু আগমনৰ তাৰিখৰ কমেও তিনিদিন পূৰ্বে অনলাইনযোগে দাখিল কৰা তথ্য, লগতে কমেও ৬ মাহৰ বৈধতা থকা পাছপ’ৰ্ট অন্তৰ্ভুক্ত।
ভাৰতীয় উচ্চায়ুক্তই কঠোৰভাৱে পৰামৰ্শ দিছে যে, কাম বা চাকৰিৰ উদ্দেশ্যে মালয়েছিয়ালৈ যোৱাৰ ক্ষেত্ৰত কৰ্ম অনুমতিপত্ৰ অথবা প্ৰয়োজনীয় ভিছা (ভিছা উইথ ৰেফাৰেন্স—ভিডিআৰ) নথকাকৈ যাত্ৰা নকৰিব।