থাইলেণ্ডত ছাত্ৰৰ হাতত বন্দুক; গুলীচালনাত নিহত ২ জন

Story by  atv | Posted by  [email protected] • 14 h ago
থাইলেণ্ডত ছাত্ৰৰ হাতত বন্দুক; গুলীচালনাত নিহত ২ জন
থাইলেণ্ডত ছাত্ৰৰ হাতত বন্দুক; গুলীচালনাত নিহত ২ জন
 
নতুন দিল্লী
 
থাইলেণ্ডৰ বেংককৰ সমীপৱৰ্তী ননথাবুৰী জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত  হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনাত মুঠ ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও শিক্ষাৰ্থী আৰু কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়।
 
খবৰ অনুসৰি, ননথাবুৰী জিলাৰ ‘দেৱছিৰিন ননথাবুৰী’ বিদ্যালয়ত শ্ৰেণী চলি থকাৰ সময়তে হঠাতে আক্ৰমণকাৰী শিক্ষাৰ্থীজনে গুলীচালনা আৰম্ভ কৰে। আক্ৰমণ চলোৱাৰ পাছত অভিযুক্ত শিক্ষাৰ্থীজনে নিজকে গুলীয়াই আত্মহনন কৰে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য অনুসৰি, ঘটনাত এজন শিক্ষকৰ মৃত্যু হৈছে আৰু আন ৩ জন শিক্ষাৰ্থীসহ বহু লোক আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক সংকটজনক অৱস্থাত স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
 
উল্লেখযোগ্য যে, জৰুৰীকালীন সেৱাৰ বাহন আৰু আৰক্ষী বাহিনী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অন্যান্য শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে।  শিক্ষাৰ্থীজনে  এই আগ্নেয়াস্ত্ৰ  ক’ৰ পৰা পালে আৰু কি কাৰণত এনে নৃশংস কাণ্ড সংঘটিত কৰিলে, সেই সন্দৰ্ভত থাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।