গ্ৰীনলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা: ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ দাবী

Story by  atv | Posted by  [email protected] • 1 h ago
ড'নাল্ড ট্ৰাম্প
ড'নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ডেনমাৰ্কৰ স্বায়ত্তশাসিত অঞ্চল গ্ৰীনলেণ্ডক লৈ দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগ্ৰাসী মনোভাৱে অৱশেষত এক চূড়ান্ত ৰূপ পাইছে। প্ৰাপ্ত বাতৰি অনুসৰি, দীৰ্ঘদিন ধৰি গ্ৰীনলেণ্ড নিজৰ দখললৈ অনাৰ যি হুংকাৰ আমেৰিকাই দি আহিছিল, সেয়া এতিয়া বৈধভাৱে বাস্তৱায়িত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া গ্ৰীনলেণ্ডৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু অঞ্চলটোৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ অধিকাৰ আনুষ্ঠানিকভাৱে অৰ্জন কৰিছে।
 
মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। শেহতীয়া কিছু দিন ধৰি গ্ৰীনলেণ্ডৰ প্ৰতি যথেষ্ট আগ্ৰাসী স্থিতি গ্ৰহণ কৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰে যে, গ্ৰীনলেণ্ড আৰু আমেৰিকাৰ মাজত ইতিমধ্যে এখন চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ ফলশ্ৰুতিত ডেনমাৰ্কৰ এই স্বায়ত্তশাসিত অঞ্চলটো এতিয়া সম্পূৰ্ণৰূপে আমেৰিকাৰ নিয়ন্ত্ৰণলৈ আহিছে বুলি তেওঁ প্ৰকাশ কৰে।
 
এই চুক্তিখনৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে, "এই চুক্তিৰ ফলত গ্ৰীনলেণ্ডৰ সামগ্ৰিক নিৰাপত্তা আৰু অন্যান্য সকলো প্ৰয়োজনীয় বিষয়ৰ ওপৰত আমেৰিকাৰ পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতিষ্ঠিত হ'ব। ইয়াৰ জৰিয়তে আমেৰিকাৰ যাৱতীয় উদ্বেগৰ এক স্থায়ী আৰু পূৰ্ণ সমাধান হ'ব।" আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে আমেৰিকাই কোনো ধৰণৰ ধন ব্যয় কৰিব লগা নহ'ব।
 
চুক্তিখনৰ সামৰিক আৰু কৌশলগত দিশটোৰ ওপৰত আলোকপাত কৰি ট্ৰাম্পে এক কঠোৰ বাৰ্তাও প্ৰেৰণ কৰে। তেওঁৰ ভাষ্য অনুসৰি, এতিয়াৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুস্পষ্ট আৰু লিখিত অনুমোদন অবিহনে আমেৰিকাৰ কোনো প্ৰতিপক্ষ বা প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰই গ্ৰীনলেণ্ডত কোনো সামৰিক ঘাটি স্থাপন কৰিব নোৱাৰিব। ইয়াৰ লগতে অঞ্চলটোত আন কোনো দেশৰ সামৰিক উপস্থিতি বা কোনো ধৰণৰ সংবেদনশীল বিনিয়োগো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।