ভূমিকম্পত বিধ্বস্ত ভেনিজুৱেলালৈ সাহায্য সামগ্ৰী আৰু চিকিৎসক দল প্ৰেৰণৰ বাবে ভৰতৰ 'অপাৰেচন এমিষ্টাড' অভিযান আৰম্ভ

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত হোৱা ভেনিজুৱেলাৰ জনসাধাৰণৰ কাষত থিয় দিবলৈ ভাৰত চৰকাৰে 'অপাৰেচন এমিষ্টাড' (Operation Amistad) নামৰ এক মানৱীয় সহায় আৰু দুৰ্যোগ প্ৰতিক্ৰিয়া (HADR) অভিযান আৰম্ভ কৰিছে।
 
এই অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ (IAF) দুখন চি-১৭ গ্ল’বমাষ্টাৰ পৰিবহণ বিমানতকৈ ৩৫ টনতকৈ অধিক সাহায্য সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি আৰু ৪১ জনীয়া উদ্ধাৰ আৰু চিকিৎসক দল ভেনিজুৱেলালৈ প্ৰেৰণ কৰা হৈছে। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই সাহায্য সামগ্ৰীৰ ভিতৰত আছে ভাৰতীয় সেনাবাহিনীৰ এখন ক্ষেত্ৰ চিকিৎসালয়ৰ এটা ইউনিট, HADR সামগ্ৰীৰ বিশেষ পেলেট, ৩০ টন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী, ৬ টন ঔষধ আৰু চিকিৎসা সঁজুলি, লগতে দুটা BHISHM Cube প'ৰ্টেবল হাস্পতাল।  
 
৪১ জনীয়া এই দলটোত অভিজ্ঞ উদ্ধাৰকৰ্মী আৰু চিকিৎসকসকল অন্তৰ্ভুক্ত আছে। তেওঁলোকে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে মিলি উদ্ধাৰ অভিযান, জৰুৰী চিকিৎসা সেৱা আৰু দুৰ্যোগপীড়িত লোকসকললৈ মানৱীয় সহায় আগবঢ়োৱাৰ কামত সহযোগিতা আগবঢ়াব।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সামাজিক মাধ্যম এক্সত কৰা এক পোষ্টত কয় যে, এই অভিযান ভাৰতৰ মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন। তেওঁ উল্লেখ কৰে যে, ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয়ৰ ইউনিট আৰু দুটা BHISHM Cube ভূমিকম্পৰ পিছৰ উদ্ধাৰ আৰু চিকিৎসা কাৰ্য অধিক শক্তিশালী কৰি তুলিব।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, এই কঠিন সময়ত ভাৰত ভেনিজুৱেলাৰ চৰকাৰ আৰু জনসাধাৰণৰ সৈতে থিয় দিছে। ভূমিকম্পত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰয়োজন অনুসৰি আগন্তুক দিনতো ভেনিজুৱেলাক অধিক সহায় আগবঢ়াবলৈ ভাৰত চৰকাৰে ঘনিষ্ঠ সমন্বয় অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে।
 
উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়া ভেনিজুৱেলাত ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্প সংঘটিত হৈছিল। যোৱা এশ বছৰত দেশখনত সংঘটিত অন্যতম প্ৰবল ভূমিকম্প হিচাপে বিবেচিত এই কম্পনত বিস্তৰ ক্ষতি সাধন হয় আৰু ইয়াৰ জোকাৰণি সমগ্ৰ অঞ্চলজুৰি অনুভূত হৈছিল।
 
ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, এই দুৰ্যোগত এতিয়ালৈকে ৫৮৯ জন লোকৰ মৃত্যু হৈছে আৰু ২,৯৮০ জন আহত হৈছে। আনহাতে, হাজাৰ হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।