শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সফলতাৰ শিখৰত চিকিৎসক অমল দেৱ

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 5 h ago
চিকিৎসক অমল দেৱ
চিকিৎসক অমল দেৱ
 
শতানন্দ ভট্টাচাৰ্য / শিলচৰ
 
জন্মৰ মাত্ৰ ওঠৰ ঘণ্টাৰ ভিতৰতেই তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। তেওঁৰ নাম অমল দেৱ। বৰ্তমান তেওঁ এজন MBBS ডিগ্ৰীধাৰী চিকিৎসক। আজিলৈকে তেওঁৰ শৰীৰত ১৫ বাৰকৈ অস্ত্ৰোপচাৰ কৰা হৈছে, তথাপি প্ৰচণ্ড মানসিক শক্তি আৰু অদম্য উৎসাহে তেওঁক শাৰীৰিক প্ৰতিবন্ধকতা জয় কৰি সফলতাৰ শিখৰত উপনীত হোৱাত সহায় কৰিছে। সকলো শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি অদম্য ইচ্ছাশক্তিৰে তেওঁ আজি এজন সফল চিকিৎসক। যিসকল লোকে বাধাবোৰৰ বাবে সপোন দেখিবলৈ ভয় কৰে, তেওঁলোকৰ বাবে অমল দেৱৰ এই জীৱনগাঁথা এক উৎকৃষ্ট অনুপ্ৰেৰণা। 
 
অমল দেৱৰ ঘৰ শিলচৰত। জন্মৰ পৰাই অমল 'কনজেনিটেল টেলিপেছ ইকুইন'ভেৰাছ' অৰ্থাৎ ভৰিৰ পতা বেঁকা হোৱা ৰোগ আৰু ৰক্তবাহী নলীৰ সমস্যাত ভুগি আহিছে। জন্মৰ পৰাই শাৰীৰিকভাৱে বিশেষ সক্ষম হোৱা সত্ত্বেও, একাগ্ৰতাৰে পঢ়াশুনা কৰি বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ আজি এজন চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁৰ এই সফলতাত কেৱল পৰিয়ালৰ সদস্যই নহয়, ওচৰ-চুবুৰীয়া আৰু আত্মীয়-স্বজন সকলোৱে আনন্দিত হৈ পৰিছে।
 
 
তেওঁ সঁচাকৈয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, বিশেষকৈ শিশুসকলৰ বাবে এক নিদৰ্শন। জন্মগত শাৰীৰিক জটিলতা থকাৰ পাছতো নিজৰ অদম্য অধ্যৱসায়ৰ বলত অমল দেৱে শেহতীয়াকৈ এম.বি.বি.এছ. পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসক হোৱাৰ খবৰে এতিয়া ছ'চিয়েল মিডিয়াত বহুতৰ একাউণ্টত স্থান পাইছে। তেওঁৰ এই সফলতা কেৱল ব্যক্তিগত নহয়, বৰং সমাজৰ বাবেও এক ডাঙৰ অনুপ্ৰেৰণা বুলি বহুজনে মত প্ৰকাশ কৰিছে। এটা সময়ত আন চিকিৎসকে তেওঁৰ ভৰি কাটি পেলোৱাৰ পৰামৰ্শও দিছিল, কিন্তু তেওঁ ভাগি পৰা নাছিল। লাহে লাহে মানসিক শক্তি গোটাই, পঢ়াশুনা কৰি নিজেই এজন চিকিৎসক হৈ পৰিল।
 
অৱশ্যে, এই জীৱন সংগ্ৰামত পিতৃ অমিত ৰঞ্জন দেৱ, মাতৃ ৰাধা দেৱ আৰু ভগ্নী তনুজা দেৱৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাই তেওঁক আগবাঢ়ি যোৱাৰ সাহস দিছিল বুলি অমল দেৱে জানিবলৈ দিয়ে। তেওঁৰ মতে, সমগ্ৰ শৈশৱ আৰু কৈশোৰ কালত অসহ্য যন্ত্ৰণাই আছিল তেওঁৰ চিৰলগৰী। ভৰি ফুলি গৈছিল, খোজকঢ়াত সমস্যা হৈছিল আৰু নিয়মীয়া বিষ তথা জ্বৰত তেওঁ কষ্ট পাইছিল। বিশেষভাৱে তৈয়াৰ কৰা জোতা আৰু বিষনাশক ঔষধৰ অবিহনে তেওঁৰ জীৱন কল্পনা কৰাও অসম্ভৱ আছিল। আনকি এবাৰ ভৰিত আলচাৰ হোৱাৰ ফলত তেওঁ প্ৰায় দুবছৰ ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।
 
জীৱনৰ সেই কঠিন সময়বোৰত ঘৰৰ মানুহে আৰু মেডিকেলত পঢ়ি থকাৰ সময়ত চিকিৎসকসকলে তেওঁক যথেষ্ট উৎসাহ যোগাইছিল। আৰু সেই অপৰিসীম শাৰীৰিক কষ্টৰ মাজতেই তেওঁ মনতে দৃঢ় সংকল্প লৈছিল যে তেওঁ এজন চিকিৎসক হ'ব। মেট্ৰিক পৰীক্ষাৰ মাত্ৰ ১০ দিন আগতে চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি তেওঁ বিছনাত শুই শুয়েই পঢ়াশুনা চলাই নিছিল। শিলচৰ মেডিকেল কলেজত এম.বি.বি.এছ. পঢ়ি থকা অৱস্থাতো তেওঁৰ চাৰিবাৰকৈ অস্ত্ৰোপচাৰ হৈছিল। শেষৰবাৰৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' হাস্পতালত আৰু তাৰ পিছৰ পৰাই তেওঁ যথেষ্ট সুস্থ হৈ আছে।
 
চিকিৎসক অমল দেৱ
 
মাতৃ ৰাধা দেৱে আৱেগিক হৈ জনায় যে, জন্মৰ পিছতেই যেতিয়া চিকিৎসকসকলে নৱজাতকটিৰ অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি কৈছিল, তেতিয়া তেওঁ একেবাৰে ভাগি পৰিছিল আৰু কেৱল ভগৱানক প্ৰাৰ্থনা কৰিছিল। আজি তেওঁৰ সেই প্ৰাৰ্থনা সফল হ'ল; অসুস্থ সন্তানটি আজি চিকিৎসক হৈছে আৰু এতিয়া তেওঁ মানুহৰ চিকিৎসা কৰিব।
 
"লক্ষ্য স্থিৰ ৰাখি আগবাঢ়িলে কোনো বাধাই ৰখাব নোৱাৰে।" - এয়াই হৈছে চিকিৎসক অমল দেৱৰ জীৱনৰ মূলমন্ত্ৰ।