বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বিজ্ঞানৰ দৰে আকৰ্ষণীয় বিষয় এটাও বহু সময়ত কেৱল নম্বৰ পোৱা আৰু মুখস্থ কৰাৰ মাজতেই সীমাবদ্ধ হৈ পৰিছে। "নিউটনৰ সূত্ৰ কি?"- এই প্ৰশ্নৰ উত্তৰ শিশুসকলে অনৰ্গল দিব পাৰিলেও, সেই একেই সূত্ৰ দৈনন্দিন জীৱনত কেনেদৰে প্ৰয়োগ হয়, সেই কথা বুজাবলৈ গ'লে তেওঁলোকে উজুটি খায়। এই সমস্যাটোক গভীৰভাৱে অনুধাৱন কৰিয়েই লোখণ্ডৱালা ছাৰে আৱাসিক এলেকাসমূহত শিশুসকলৰ বাবে 'কাৰ্যভিত্তিক শিক্ষণ' আৰম্ভ কৰে। উল্লেখ্য যে, তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্যালয়ৰ 'এক্টিভিটি-বেছড লাৰ্নিং'ৰ এজন চৰকাৰী প্ৰশিক্ষকো।
এই ব্যৱহাৰিক পৰীক্ষাসমূহৰ গুৰুত্ব সম্পৰ্কে ছাৰে কয়, "বিজ্ঞানৰ মূল উদ্দেশ্য পৰীক্ষাত কেৱল নম্বৰ অৰ্জন কৰাই নহয়, বৰং আমাৰ চাৰিওফালে ঘটি থকা ঘটনাসমূহক কৌতূহল আৰু যুক্তিৰে নিৰীক্ষণ কৰাটোহে। শিশুৰ হাতত দামী যন্ত্ৰপাতি তুলি দিয়াৰ পৰিৱৰ্তে, ঘৰৰ সাধাৰণ পেলনীয়া সামগ্ৰীৰে যেতিয়া কোনো বৈজ্ঞানিক সূত্ৰ প্ৰমাণ কৰা হয়, তেতিয়া সেয়া তেওঁলোকৰ মনত চিৰস্থায়ী হৈ পৰে। গৱেষণাগাৰ কোনো বন্ধ কোঠাৰ মাজত আৱদ্ধ হৈ থাকিব নালাগে; ই শিশুসকলৰ হাতৰ মুঠিতেই উপলব্ধ হোৱা উচিত।"
বিভিন্ন আৱাসিক এলেকাৰ লোকসকলে তেওঁৰ সৈতে যোগাযোগ কৰি কৰ্মশালাৰ আয়োজন কৰে। শিশুসকল তেওঁৰ চাৰিওফালে জুম বান্ধি বহে। ছাৰৰ হাতত কোনো গধুৰ কিতাপ নাথাকে; থাকে কেৱল কেইবিধমান সাধাৰণ সামগ্ৰী। এডাল সৰু ষ্ট্ৰ' আৰু এটা খালী বটলৰ সহায়ত তেওঁ শিশুসকলক বায়ুৰ চাপ কেনেদৰে কাম কৰে সেয়া বুজায়। দুখন সাধাৰণ আইনা লৈ খেলি খেলি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ শিকোৱা হয়। খেলৰ মাজেৰেই শিশুসকলে মাধ্যাকৰ্ষণ, গতি আৰু শক্তিৰ সূত্ৰসমূহ আয়ত্ত কৰিবলৈ লয়। ইয়াত 'শুদ্ধ' বা 'ভুল'ৰ কোনো ভয় নাথাকে। শিশুসকলে মন খুলি প্ৰশ্ন কৰাৰ পূৰ্ণ স্বাধীনতা পায়।
ছাৰে গুৰুত্ব আৰোপ কৰি কয়, "যেতিয়া কোনো এটা শিশুৱে প্ৰশ্ন কৰে, 'এইটো এনেকুৱা কিয়?'- তাৰ পৰাই আচল বৈজ্ঞানিক প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটে।" কৰ্মশালাৰ অন্তত সেই আৱাসিক এলেকাটোত একোটা 'বিজ্ঞান ক্লাব' গঢ়ি তোলা হয়। এই ক্লাবটো পৰিচালনা কৰিবলৈ তেওঁ তাৰ আগ্ৰহী প্ৰাপ্তবয়স্কসকলক প্ৰশিক্ষণ দিয়ে। ক্লাবটোৱে প্ৰতিমাহে শিশুসকলৰ সৈতে কমেও এটা বিজ্ঞানভিত্তিক কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি আশা ৰখা হয়।
তেওঁৰ এই প্ৰয়াস কেৱল পৃথিৱীৰ বিজ্ঞানৰ মাজতেই আৱদ্ধ নহয়; ই পোনে পোনে গৈ মহাকাশ স্পৰ্শ কৰে। জ্যোতিৰ্বিজ্ঞান হৈছে লোখণ্ডৱালা ছাৰৰ হৃদয়ৰ অতি কাষৰ এটা বিষয়। তেওঁ ভাৰতৰ প্ৰাচীনতম তথা আগশাৰীৰ জ্যোতিৰ্বিজ্ঞান সংস্থা 'জ্যোতিৰ্বিদ্যা পৰিষদ'ৰ প্ৰাক্তন সভাপতি আছিল। তেওঁৰ এই বিশাল অভিজ্ঞতাৰ আটাইতকৈ বেছি সুফল লাভ কৰে এই কণ কণ শিশুসকলেই।
সন্ধিয়া নামি অহাৰ লগে লগে আৰু আকাশত ইটোৰ পিছত সিটো তৰা জিলিকি উঠাৰ লগে লগে, আৰম্ভ হয় এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়। বহু সময়ত আৱাসিক এলেকাৰ ছাদৰ ওপৰতেই জ্যোতিৰ্বিজ্ঞানৰ ক্লাছ বহে। শিশুসকলে যেতিয়া প্ৰথমবাৰৰ বাবে দূৰবীক্ষণ যন্ত্ৰৰে চন্দ্ৰৰ গাত থকা গহ্বৰ বা বৃহস্পতি গ্ৰহৰ উপগ্ৰহসমূহ প্ৰত্যক্ষ কৰে, তেতিয়া তেওঁলোকৰ চকুত যি বিস্ময় আৰু কৌতূহল জিলিকি উঠে, সেয়া যিকোনো কিতাপৰ জ্ঞানতকৈ বহুগুণে শ্ৰেষ্ঠ। সপ্তৰ্ষিমণ্ডল ক'ত আছে, ধ্ৰুৱতৰা কেনেকৈ চিনিব লাগে, কৃত্তিকা নক্ষত্ৰমণ্ডল দেখিবলৈ কেনেকুৱা- এই সকলোবোৰ কথা ছাৰে সাধুকথাৰ দৰে সুন্দৰকৈ বুজাই দিয়ে। ফলস্বৰূপে, যিবোৰ শিশুৱে আগতে আকাশৰ ফালে ঘূৰিও নাচাইছিল, তেওঁলোকেও এতিয়া নিৰ্ভুলভাৱে নক্ষত্ৰৰ অৱস্থান নিৰ্ণয় কৰিব পাৰে।
অধ্যাপক মুজতবা লোখণ্ডৱালা তেওঁ ছত্ৰ-ছাত্ৰীৰ সৈতে
আকাশৰ সৈতে গঢ়ি উঠা এই সম্পৰ্কৰ বিষয়ে ছাৰে কয়, "আকাশৰ ফালে চোৱা মানে কেৱল নক্ষত্ৰমণ্ডলৰ নাম মুখস্থ কৰা নহয়। ইয়াৰ অৰ্থ হ'ল এই অসীম বিশ্বব্ৰহ্মাণ্ডত আমাৰ অৱস্থানটোক অনুভৱ কৰা। যেতিয়া কোনো শিশুৱে দূৰবীণেৰে মহাকাশৰ ৰহস্যময় বিস্ময়সমূহ প্ৰত্যক্ষ কৰে, তেতিয়া তেওঁৰ মুখত যি আনন্দ আৰু উপলব্ধিৰ আভা ফুটি উঠে, সেয়া সঁচাকৈয়ে অসাধাৰণ।"
এই পদক্ষেপ ইমান সফল হোৱাৰ আঁৰৰ কাৰণ বিচাৰিবলৈ গ'লে পোনে পোনে চকুত পৰে লোখণ্ডৱালা ছাৰৰ বিশাল ব্যক্তিত্ব। তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত B.E. ডিগ্ৰীধাৰী। ইয়াৰ উপৰি তেওঁ ১৮ বছৰ ধৰি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিছে। বৰ্তমান তেওঁ কেইবাটাও বৃহৎ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ 'মেণ্টৰ' হিচাপে কৰ্মৰত। ইমানৰ পাছতো, আৱাসিক এলেকাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনৰ সৰল প্ৰশ্নৰ উত্তৰো তেওঁ একেই আন্তৰিকতা আৰু গুৰুত্বৰে প্ৰদান কৰে।
বৰ্তমানৰ পৰিৱৰ্তিত জীৱনশৈলীৰ বিষয়ে তেওঁ কয়, "আমি সঘনাই কওঁ যে বৰ্তমানৰ প্ৰজন্ম ম'বাইলৰ পৰ্দাত হেৰাই গৈছে। কিন্তু আমি জানো তেওঁলোকৰ বাবে সমানেই আকৰ্ষণীয় আৰু অংশগ্ৰহণমূলক কোনো বিকল্পৰ সৃষ্টি কৰিছোঁ? বিজ্ঞানৰ এই খেলবোৰে শিশুসকলক ম'বাইলৰ পৰা আঁতৰাই আনি প্ৰকৃতি আৰু বিজ্ঞানৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰাৰ এক সুন্দৰ প্ৰয়াস কৰিছে।"
এই পদক্ষেপে কেৱল শিশুসকলৰ ওপৰতেই যে ইতিবাচক প্ৰভাৱ পেলাইছে তেনে নহয়, বৰং সমগ্ৰ আৱাসিক চৌহদৰ পৰিৱেশলৈ এক আমূল পৰিৱৰ্তন কঢ়িয়াই আনিছে। যিসকল অভিভাৱকে প্ৰথমে কেৱল নিজৰ সন্তানে কি কৰিছে তাক চাবলৈ আহিছিল, তেওঁলোকেও এতিয়া নিজে এই পৰীক্ষাসমূহৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে। আৱাসিক এলেকাৰ অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ দৰেই এতিয়া এই 'ছায়েন্স কাট্টা' মানুহৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। বন্ধৰ দিনত কোনটো মললৈ যোৱা হ'ব সেই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে, শিশুসকলে এতিয়া ছাৰৰ সৈতে মিলি নতুন কি পৰীক্ষা কৰিব পাৰি, সেই বিষয়েহে আলোচনা কৰে।
সাম্প্ৰতিক সময়ত দ্ৰুত নগৰীকৰণৰ ফলত মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু আদান-প্ৰদান ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। কাষৰ ফ্লেটটোত কোন থাকে, সেই কথা বহুতেই নাজানে। এনে এক যান্ত্ৰিক সময়ত অধ্যাপক মুজতবা লোখণ্ডৱালাৰ দৰে এগৰাকী উচ্চশিক্ষিত আৰু সমাজমনস্ক ব্যক্তিৰ এই নিঃস্বাৰ্থ প্ৰয়াস সমাজৰ বাবে এক অনুকৰণীয় আদৰ্শ হৈ পৰিছে। আমাৰ চৌপাশে যেতিয়া অন্ধবিশ্বাস আৰু ভণ্ডামিৰ পয়োভৰ বাঢ়িছে, তেতিয়া শিশুসকলৰ মনত সৰুৰে পৰা 'বৈজ্ঞানিক মানসিকতা' গঢ়ি তোলাটো নিতান্তই প্ৰয়োজনীয় আৰু তেওঁৰ এই কাম বিশেষ স্বীকৃতিৰ যোগ্য।
বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ সৈতে যেতিয়া এনে এক মুক্ত, অনানুষ্ঠানিক আৰু পৰীক্ষানিৰ্ভৰ পৰিৱেশৰ মিলন ঘটে, তেতিয়াহে সমাজত প্ৰকৃত গৱেষক আৰু চিন্তাশীল মানুহৰ জন্ম হয়। আৱাসিক চৌহদৰ এই সেউজ 'বিজ্ঞানৰ বাগিচা'ত আজি কৌতূহলৰ যি সৰু বীজ অংকুৰিত হৈছে, সেয়া এদিন যে জ্ঞানৰ প্ৰকাণ্ড গছলৈ পৰিণত হ'ব, সেই কথা নিশ্চিত।