আৱাজ-দ্য ভইচ অসম ব্যুৰ'
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-এ NEET-UG পৰীক্ষাৰ ২০২৬ ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰৰ "মূল অভিযুক্ত" (কিংপিন)-ক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰীসকলে বিচাৰি পাইছে যে, এজন অৱসৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞানৰ শিক্ষক পি ভি কুলকাৰ্ণীয়ে ৩ মে’ত সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটোৰ কেইদিনমান পূৰ্বে পুনেত গোপনে আয়োজন কৰা কোচিং ক্লাছৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল কৰিছিল।
ভাৰতৰ আটাইতকৈ ডাঙৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা— ‘নেচনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট’ (NEET-UG)-ত ২২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ পিছত পৰীক্ষাটো বাতিল কৰা হৈছে আৰু এতিয়া অহা ২১ জুনত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।
কেনেকৈ প্ৰশ্নকাকত ফাদিল হৈছিল
CBIৰ মতে, এই সমগ্ৰ কাৰ্যকলাপ এপ্ৰিলৰ অন্তিম সপ্তাহত আৰম্ভ হৈছিল। কুলকাৰ্ণীয়ে আন এগৰাকী অভিযুক্ত মনীষা ৱাঘমাৰে (যাক ১৪ মে’ত গ্ৰেপ্তাৰ কৰা হৈছে) ৰ সৈতে মিলি শিক্ষাৰ্থীৰ এটা দল একত্ৰিত কৰিছিল।
কোনো ইলেক্ট্ৰনিক কপি বা ছপা কাগজ বিতৰণ কৰাৰ পৰিৱৰ্তে, কুলকাৰ্ণীয়ে পুনেত থকা নিজৰ ঘৰৰ পৰাই অত্যন্ত গোপনীয় "বিশেষ কোচিং ক্লাছ" চলাইছিল।
এই ক্লাছসমূহৰ সময়ত কুলকাৰ্ণীয়ে শিক্ষাৰ্থীসকলক প্ৰশ্ন, বহু বিকল্পযুক্ত উত্তৰ (MCQ options) আৰু শুদ্ধ উত্তৰবোৰ মুখেৰে মাতি লিখাইছিল বুলি অভিযোগ উঠিছে। সমবেত হোৱা শিক্ষাৰ্থীসকলক এই সকলোবোৰ তথ্য নিজৰ বহীত হাতেৰে লিখি ল’বলৈ কোৱা হৈছিল।
অলপতে উদ্ধাৰ হোৱা তথ্যৰ আধাৰত CBI তদন্তকাৰীসকলে নিশ্চিত কৰিছে যে, শিক্ষাৰ্থীসকলে হাতেৰে লিখা এই নোটসমূহ অফিচিয়েল NEET-UG ২০২৬ ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ আচল ৰসায়ন বিজ্ঞান (Chemistry) অংশৰ সৈতে "হুবহু মিলি গৈছে"।
প্ৰতিনিধিত্বমূলক ছবি
পি ভি কুলকাৰ্ণী কোন?
পি ভি কুলকাৰ্ণী মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ বাসিন্দা আৰু তেওঁ এখন প্ৰতিষ্ঠিত কলেজত ৰসায়ন বিজ্ঞানৰ শিক্ষক হিচাপে কৰ্মৰত আছিল। বিষয়াসকলে জনোৱা মতে, প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।
CBI-এ লগতে দাবী কৰিছে যে তেওঁ ‘নেচনেল টেষ্টিং এজেন্সী’ (NTA)-ৰ জৰিয়তে NEET পৰীক্ষা প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল, যাৰ বাবে তেওঁ গোপনীয় প্ৰশ্নকাকত লাভ কৰাৰ সুযোগ পাইছিল। অৱশ্যে সংস্থাটোৱে তেওঁৰ প্ৰকৃত ভূমিকা সন্দৰ্ভত অধিক তথ্য ৰাজহুৱা কৰা নাই।
NEET প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ CBI তদন্ত
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পিছত ১২ মে’ত CBI-এ এই তদন্তৰ দায়িত্ব নিজৰ হাতলৈ লয়। এই গোচৰটো প্ৰথমবাৰৰ বাবে ৭ মে’ত ৰাজস্থানত পোহৰলৈ আহিছিল।
তেতিয়াৰে পৰা সংস্থাটোৱে একাধিক ৰাজ্যত অভিযান আৰু তালাচী চলাইছে। বিষয়াসকলে জনাইছে যে ইলেক্ট্ৰনিক সামগ্ৰী, মবাইল ফোন আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে আৰু বৰ্তমান সেইবোৰৰ ফৰেনছিক তথা কাৰিকৰী বিশ্লেষণ চলাই থকা হৈছে।
১৪ মে’ৰ ভিতৰত জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে আৰু অহিল্যানগৰকে ধৰি বিভিন্ন চহৰৰ পৰা সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
সংস্থাটোৱে জনোৱা মতে, তেওঁলোকৰ তদন্তত এদল দালালৰ নেটৱৰ্ক ধৰা পৰিছে, যিসকলে শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ কৰিছিল আৰু এই বিশেষ ক্লাছৰ জৰিয়তে ফাদিল হোৱা প্ৰশ্নসমূহ যোগান ধৰাৰ বাবদ তেওঁলোকৰ পৰা কেইবা লাখ টকা সংগ্ৰহ কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
কোচিং প্ৰতিষ্ঠান তদন্তৰ আওতাত
CBI-এ লাটুৰৰ ‘ৰেণুকাঈ কেমিষ্ট্ৰী ক্লাচেছ’ (RCC)-ৰ সঞ্চালক শিৱৰাজ মতেগাঁওকাৰকো জেৰা কৰিছে।
CBIৰ এটা ২৮ জনীয়া দলে তেওঁৰ বাসগৃহলৈ গৈ তদন্তৰ সৈতে জড়িত ব্যক্তিসকলক সোধা-পোছা অব্যাহত ৰাখিছে। অৱশ্যে এই কোচিং প্ৰতিষ্ঠানটোৰ সৈতে প্ৰশ্নকাকত ফাদিলৰ অভিযুক্ত নেটৱৰ্কৰ সম্পৰ্ক কিমান দূৰলৈ আছে, সেই সন্দৰ্ভত বিষয়াসকলে এতিয়ালৈকে স্পষ্ট কৰা নাই।