তৰুণ নন্দী / কলকাতা
বাইশ গজৰ ক্ৰিকেট পিটচত যেতিয়া তেওঁ বেট হাতত লৈ থিয় হয়, তেতিয়া উপস্থিত সকলোৰে মুখত কেৱল এটাই কথা- ‘এইজন দেখোন সম্পূৰ্ণ বিৰাট কোহলি!’ মাত্ৰ ন বছৰ বয়সতে ক্ৰিকেটৰ সকলো নীতি-নিয়ম মানি কৰা দুৰ্দান্ত বেটিং আৰু চকুৰ তীক্ষ্ণ দৃষ্টিত যেন ফুটি উঠে বিশ্বক্ৰিকেটৰ এক মহান তাৰকাৰ প্ৰতিচ্ছবি। উত্তৰ ২৪ পৰগনাৰ হাবৰা আৰু অশোকনগৰৰ ক্ৰিকেটপ্ৰেমীসকল এতিয়া উপভোগ কৰি আছে এগৰাকী ক্ষুদ্ৰ ক্ৰিকেটাৰৰ বেটৰ যাদু। এই বিস্ময় বালকগৰাকীৰ নাম সুতীৰ্থ চৰকাৰ।
স্থানীয় ক্ৰিকেট জগতত অৱশ্যে তেওঁক সকলোৱে ‘সৰু বিৰাট’ বুলিয়েই চিনি পায়। জ্যেষ্ঠ খেলুৱৈসকলৰ দ্ৰুতবেগী বলকো নিৰ্ভয়ে বাউণ্ডেৰীৰ বাহিৰলৈ পঠিওৱাটো যেন তেওঁৰ বাবে এক স্বাভাৱিক খেল। নিখুঁত কভাৰ ড্ৰাইভ, ষ্ট্ৰেইট ড্ৰাইভ অথবা চকুৰ পলকতে মৰা হুক শ্বট- সকলোতে তেওঁ যেন এক নিখুঁত ‘ক্লাছিক’ খেলুৱৈ।
অনুশীলন কৰি থকা মুহূৰ্তত সুতীৰ্থ চৰকাৰ
খেলপথাৰৰ গুঞ্জনৰ পৰা শুনা যায় যে, সুতীৰ্থৰ এই খেলৰ আঁৰত আছে গুৰু-শিষ্যৰ এক অপূৰ্ব ৰসায়ন। মাত্ৰ তিনি বছৰ বয়সতে হাবৰা ক্ৰিকেট একাডেমীত বংগৰ প্ৰখ্যাত প্ৰশিক্ষক উদয়শংকৰ দাসৰ হাত ধৰিয়েই তেওঁৰ ক্ৰিকেটৰ আনুষ্ঠানিক আৰম্ভণি হৈছিল। প্ৰথম দিনা প্ৰশিক্ষকে নাম সোধোঁতে কোমল মাতেৰে কণমানি শিশুটিয়ে কৈছিল, "মই বিৰাট কোহলি।" বছ, সেই কথা শুনাৰ পিছতেই অবোধ শিশুটিৰ চকুৰ সপোনক নিজৰ বুকুত সাবটি লৈছিল প্ৰশিক্ষক উদয়শংকৰ বাবুৱে।
ৰ'দ, বৰষুণ বা শীত- যোৱা ছয় বছৰে এখনৰ পিছত আন এখন খেলপথাৰত ঘাম উলিয়াই সুতীৰ্থক হীৰাৰ দৰে ঘঁহি-পিহি এগৰাকী ক্লাছিক শৈলীৰ বেটাৰ হিচাপে গঢ়ি তুলিছে তেওঁ। প্ৰশিক্ষকগৰাকীৰ এই অক্লান্ত পৰিশ্ৰম আৰু বিজ্ঞানসন্মত কঠোৰ অনুশীলনৰ ফলতেই আজি ৯ বছৰীয়া সুতীৰ্থই জ্যেষ্ঠসকলৰ সৈতে সমানে যুঁজ দিয়াৰ সাহস গোটাব পাৰিছে।
খেলপথাৰত সুতীৰ্থ নমাৰ লগে লগেই এক উন্মাদনাৰ সৃষ্টি হয়। দৰ্শকৰ ভিৰ বাঢ়িবলৈ ধৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত ক্ৰীড়া নিৰ্বাচক পাৰ্থ দাশগুপ্তও তেওঁৰ বেটিং দেখি মন্ত্ৰমুগ্ধ। তেওঁ জনায় যে এই বয়সত সাধাৰণতে শিশুসকলে ক্ৰছ বডি বেটেৰে খেলে, কিন্তু সুতীৰ্থই বলটো একেবাৰে চকুৰ তলত ৰাখি নিখুঁত চিধা বেটেৰে খেলি যায়, যিটোক ডাঙৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলৰ জন্মগত গুণ বুলি ধৰি লোৱা হয়।
সুতীৰ্থ চৰকাৰ
কণমানি সুতীৰ্থই হয়তো ক্ৰিকেট বিশ্বৰ ইমানবোৰ নীতি-নিয়ম এতিয়াও নাজানে, তথাপি তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে এদিন নীলা জাৰ্চী পিন্ধি দেশৰ হৈ খেলপথাৰ কঁপাই তোলা। প্ৰশিক্ষকৰ কঠোৰ প্ৰশিক্ষণৰ সমান্তৰালকৈ নিজৰ অদম্য সাহসক সংগী কৰি এই ক্ষুদ্ৰ বেটাৰগৰাকী যিদৰে আগবাঢ়িছে, তালৈ চাই বংগৰ ক্ৰিকেট মহলে আশাৰ এক নতুন ৰেঙনি দেখিছে। অশোকনগৰৰ এই খেলপথাৰৰ পৰাই হয়তো গঢ় লৈ উঠিছে ভাৰতীয় ক্ৰিকেটৰ অনাগত দিনৰ এক উজ্জ্বল প্ৰতিভা।