নতুন দিল্লী
বিচিচিআইয়ে শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ১৩ ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পাছতে, ছেপ্টেম্বৰ মাহত ভাৰতক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা সীমিত অভাৰৰ শৃংখলা আয়োজন কৰাৰ বাংলাদেশৰ আশা প্ৰায় শেষ হৈ পৰিল।
বুধবাৰে বিচিচিআই আৰু আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে এক যৌথ বিবৃতিত এই শৃংখলাৰ কথা ঘোষণা কৰে। এই শৃংখলাৰ সময়ছোৱা বাংলাদেশে আগবঢ়োৱা প্রস্তাবিত সময়ৰ সৈতে মিলে।
বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবে যোৱা বছৰ ভাৰত-বাংলাদেশ দ্বি-পাক্ষিক শৃংখলা স্থগিত কৰিবলগীয়া হৈছিল।
আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া খেলকেইখন এ.চি.বি.-ৰ 'ফিউচাৰ ট্যুৰ্ছ প্ৰগ্ৰেম'ৰ অন্তৰ্গত। আফগানিস্তানৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে শেহতীয়া বছৰবোৰত নিজৰ খেলসমূহ অনুষ্ঠিত কৰিবলৈ ভাৰতক ঘাটি হিচাপে ব্যৱহাৰ কৰা এ.চি.বি.-য়ে এই শৃংখলাটোক নিজৰ ঘৰুৱা শৃংখলা বুলি গণ্য কৰিছে।
১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই শৃংখলাৰ দ্বিতীয়খন টি-২০ ১৫ ছেপ্টেম্বৰত আৰু তৃতীয়খন ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আটাইকেইখন খেল ইয়াৰে অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত খেলা হ'ব।
আফগানিস্তানে শেহতীয়াকৈ জুন মাহত তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল আৰু দুয়োটা দলে ২০২৪ চনৰ জানুৱাৰী মাহতো তিনিখনীয়া টি-২০ শৃংখলাত অংশ লৈছিল।
ভাৰতে ২০১৮ চনত আফগানিস্তানৰ ঐতিহাসিক প্ৰথমখন টেষ্ট মেচ আয়োজন কৰিছিল আৰু তেতিয়াৰ পৰাই দুয়োটা দলে নিয়মীয়াকৈ সকলো ফৰ্মেটতে ইটোৱে সিটোৰ বিৰুদ্ধে খেলি আহিছে।
বিচিচিআইৰ সভাপতি মিথুন মানহাছে কয় যে ভাৰতীয় ব'ৰ্ডে আফগানিস্তানত ক্ৰিকেটৰ বিকাশ আৰু তেওঁলোকৰ খেলুৱৈসকলক সৰ্বোচ্চ পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ কয়, "দ্বি-পাক্ষিক ক্ৰিকেট ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ, কিয়নো ই দলসমূহক শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে নিয়মীয়াকৈ খেলি মূল্যৱান অভিজ্ঞতা অৰ্জন কৰাত সহায় কৰে। আমি এই শৃংখলাৰ বাবে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডক ভাৰতলৈ আদৰণি জনাইছোঁ আৰু ইয়াক সফল কৰি তুলিবলৈ তেওঁলোকৰ সৈতে মিলি কাম কৰিবলৈ আশা ৰাখিছোঁ।"
"আমি বিশ্বাস কৰোঁ যে একেলগে বহু কাম কৰাৰ অৱকাশ আছে আৰু দুয়োখন ক্ৰিকেট প্ৰধান দেশৰ সম্পৰ্ক মজবুত কৰাৰ লগতে আফগানিস্তান ক্ৰিকেটক সহায় কৰা ব্যৱস্থা অব্যাহত ৰাখিম।"
বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে ভাৰত-আফগানিস্তান ক্ৰিকেটৰ প্ৰতিদ্বন্দিতাই বহু বছৰ ধৰি কেইবাখনো ৰোমাঞ্চকৰ খেল উপহাৰ দিছে, য’ত দুয়োটা দলতে উন্নত মানৰ ক্ৰিকেটাৰ আছে।
"ভাৰতীয় প্ৰশংসকসকলৰ মাজতো আফগানিস্তানৰ খেলুৱৈসকল যথেষ্ট জনপ্ৰিয়, যিয়ে দুয়োখন ক্ৰিকেট প্ৰধান দেশৰ মাজত গঢ়ি উঠা সুদৃঢ় সম্পৰ্ককে প্ৰতিফলিত কৰে। ভাৰতে ২০১৮ চনত আফগানিস্তানৰ ঐতিহাসিক প্ৰথমখন টেষ্ট আয়োজন কৰাটো এই যাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল আৰু তেতিয়াৰ পৰাই আমি দুয়োটা দলৰ মাজত নিয়মীয়া দ্বি-পাক্ষিক অংশগ্ৰহণ দেখি আহিছোঁ।"
খেলকেইখন আয়োজন কৰা দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি ৰোহন জেটলীয়ে কয় যে ডি.ডি.চি.এ.-য়ে দুয়োটা দলকে সৰ্বোত্তম সুবিধা প্ৰদান কৰিব।
এ.চি.বি.-ৰ অধ্যক্ষ মীৰৱাইছ আশ্ৰফে কয় যে এই শৃংখলাটো আফগানিস্তান ক্ৰিকেটৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ই বিচিচিআইৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক বিকাশৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
আশ্ৰফে কয়, "ভাৰতৰ মাটিত ভাৰতৰ বিৰুদ্ধে দ্বি-পাক্ষিক শৃংখলা অনুষ্ঠিত কৰাটো আমাৰ বাবে এক ডাঙৰ সাফল্য আৰু এই প্ৰতিযোগিতাখন সম্ভৱ কৰি তোলাৰ বাবে বিচিচিআইয়ে আগবঢ়োৱা সহযোগিতা আৰু সমৰ্থনক আমি উচ্চ প্ৰশংসা কৰোঁ।"
"আমি নিশ্চিত যে এই শৃংখলাই ব্যৱসায়িক, কাৰিকৰী আৰু ক্ৰিকেটৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ সুযোগৰ সৃষ্টি কৰিব আৰু লগতে আমাৰ দ্বি-পাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব। আমি এক সফল শৃংখলা আৰু বিচিচিআইৰ সৈতে আমাৰ অংশীদাৰিত্ব অধিক শক্তিশালী হোৱাৰ আশা ৰাখিছোঁ।"