গুৱাহাটী
বিশিষ্ট শিক্ষাবিদ, প্ৰখ্যাত অধ্যাপক আৰু ঐতিহ্যমণ্ডিত কটন কলেজ (বৰ্তমান কটন বিশ্ববিদ্যালয়)ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ৰবীন গোস্বামীৰ শুকুৰবাৰে গভীৰ নিশা গুৱাহাটীৰ নিজ বাসগৃহত মৃত্যু হয়।
শনিবাৰে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ নৱগ্ৰহ শ্মশান ঘাটত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। এই সময়ত পৰিয়ালৰ সদস্য, সহকৰ্মী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভকাংশী আৰু বহু গুণমুগ্ধ উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে, তেওঁ মৃত্যুত দেশে বিদেশে থকা তেওঁৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
১৯৪৭ চনৰ ১ অক্টোবৰত দক্ষিণ কামৰূপৰ খৈটামাৰী সত্ৰত জন্মগ্ৰহণ কৰা অধ্যাপক গোস্বামীয়ে শিক্ষাজীৱনৰ আৰম্ভণিৰে পৰাই অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত অসাধাৰণ নিষ্ঠা আৰু মেধাৰ পৰিচয় দিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয় আৰু কটন কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰে। এই দুইখন খ্যাতনামা শিক্ষানুষ্ঠানত অধ্যয়নে ইংৰাজী সাহিত্য আৰু শিক্ষণ পদ্ধতিৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আৰু দৃষ্টিভংগী গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছিল।
অধ্যাপক গোস্বামীৰ শিক্ষকতা জীৱন প্ৰায় ৩৫ বছৰজুৰি বিস্তৃত। ১৯৭১ চনৰ ১ এপ্ৰিলত কটন কলেজত অধ্যাপক হিচাপে যোগদান কৰি তেওঁ ২০০৬ চনত অৱসৰ গ্ৰহণলৈকে অগণন শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলাই যায়। ২০০২ চনৰ এপ্ৰিল মাহৰ পৰা অৱসৰ গ্ৰহণলৈকে তেওঁ ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি বিভাগটোক সুদক্ষ নেতৃত্ব আৰু বৌদ্ধিক চিন্তাৰে সমৃদ্ধ কৰি তোলে।
তেওঁৰ শিক্ষাদানৰ দক্ষতাৰ বাবে ১৯৯৬ চনৰ এপ্ৰিলৰ পৰা ১৯৯৯ চনলৈ তেওঁ একে সময়তে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীতো অধ্যাপক হিচাপে পাঠদান কৰিছিল।
শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত অধ্যাপক গোস্বামীৰ অৱদান বিশেষভাৱে স্মৰণীয়। তেওঁ উপলব্ধি কৰিছিল যে, কেৱল ব্ৰিটিছ সাহিত্যক কেন্দ্ৰ কৰি গঢ়ি উঠা পাঠ্যক্ৰমে শিক্ষাৰ পৰিসৰ সীমিত কৰি ৰাখে। সেই উপলব্ধিৰ ভিত্তিত তেওঁ কমনৱেলথ সাহিত্য, আমেৰিকান সাহিত্য আৰু ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ অনূদিত সাহিত্যক উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰে।
তেওঁৰ গৱেষণা আৰু অধ্যয়নৰ মূল ক্ষেত্ৰসমূহ আছিল ব্ৰিটিছ ৰোমাণ্টিক আৰু ভিক্টোৰিয়ান সাহিত্য, সাহিত্য তত্ত্ব, পাশ্চাত্য সমালোচনা আৰু অনুবাদ অধ্যয়ন। বিশেষকৈ অসমীয়া সাহিত্যক ইংৰাজীৰ জৰিয়তে বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত তেওঁ গভীৰ আগ্ৰহেৰে কাম কৰিছিল।
অৱসৰৰ পিছতো শিক্ষাক্ষেত্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক অটুট আছিল। ২০০৮ চনৰ পৰা ২০১২ চনলৈ তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰে। এই সময়ছোৱাত দূৰ-দূৰণিৰ আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে সহজভাৱে অধ্যয়ন কৰিব পৰা স্ব-অধ্যয়ন সামগ্ৰী প্ৰস্তুত, সম্পাদনা আৰু ৰচনাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰৰ এগৰাকী প্ৰামাণ্য শিক্ষাবিদ হিচাপে অধ্যাপক গোস্বামীয়ে বিভিন্ন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ সমিতি, পাঠ্যক্ৰম প্ৰস্তুতি আৰু গোপনীয় শৈক্ষিক কাম-কাজতো নিয়মীয়াকৈ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও, ৰাজ্যৰ বিভিন্ন সাহিত্যিক আৰু বৌদ্ধিক অনুষ্ঠানত তেওঁ এগৰাকী সন্মানীয় বক্তা হিচাপে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
আজিৰে পৰা তেওঁৰ জ্ঞানগভীৰ কণ্ঠ নীৰৱ হৈ গ'ল যদিও, তেওঁৰ সৰল ব্যক্তিত্ব, সুদূৰপ্ৰসাৰী চিন্তা, শিক্ষাৰ প্ৰতি অগাধ নিষ্ঠা আৰু অসমৰ উচ্চ শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদান চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ প্ৰয়াণে অসমৰ শিক্ষা আৰু সাহিত্য জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।