জামীলা নিশাত: কবিতা, সমাজসেৱা আৰু নাৰী অধিকাৰৰ এক দৃঢ় কণ্ঠ

Story by  atv | Posted by  [email protected] • 3 h ago
জামীলা নিশাত
জামীলা নিশাত
 
শ্বাহ তাজ খান (পুনে)
 
হায়দৰাবাদৰ বাসিন্দা জামীলা নিশাতৰ ব্যক্তিত্বৰ দুটা বিশেষ দিশ আছে। এটা হৈছে তেওঁৰ প্ৰতিবাদী কবিতা, আনটো হৈছে তেওঁৰ সমাজকল্যাণমূলক সংস্থা 'শাহীন'। জামীলা নিশাতে নিজৰ সমগ্ৰ জীৱন নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে উৎসৰ্গা কৰিছে।
 
তেওঁৰ মতে, প্ৰতিগৰাকী মহিলাই সাহসেৰে জীৱন যাপন কৰিব লাগে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কেতিয়াও নিজকে অসহায় বুলি ভাবিব নালাগে। শিক্ষাৰ জৰিয়তে মহিলাসকলে আত্মনিৰ্ভৰশীল হ'ব লাগে, অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব লাগে আৰু আৰ্থিক, মানসিক তথা আৱেগিকভাৱে নিজকে শক্তিশালী কৰি তুলিব লাগে, যাতে তেওঁলোকে সমাজত সমান মৰ্যদাৰে আগবাঢ়ি যাব পাৰে।
 
জামীলা নিশাত
 
আৱাজ–দ্য ভইচ’সৈতে টেলিফোনযোগে হোৱা এক সাক্ষাৎকাৰত জামীলা নিশাতে কয় যে, তেওঁ ‘শাহীন উইমেনছ ৰিছ'ৰ্চ এণ্ড ৱেলফেয়াৰ এছ'চিয়েচন’ প্ৰতিষ্ঠা কৰাৰ সময়ত সমাজৰ মানসিকতা সম্পূৰ্ণ বেলেগ আছিল। তেতিয়া অধিকাংশ পৰিয়ালত ছোৱালীক দশম শ্ৰেণীলৈকে পঢ়ুৱালেই যথেষ্ট বুলি ধৰা হৈছিল, আনহাতে ল'ৰাক ডাক্তৰ বা অভিযন্তা কৰাৰ সপোনত গুৰুত্ব দিয়া হৈছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। ছোৱালীবোৰে উচ্চশিক্ষা গ্ৰহণ কৰিছে আৰু নিজৰ ভৰিত নিজেই থিয় দিবলৈ সক্ষম হৈছে আৰু আৰ্থিকভাৱেও স্বাৱলম্বী হৈ উঠিছে।
 
জামীলা নিশাত এগৰাকী বিশিষ্ট উৰ্দু কবি, সাহিত্যিক আৰু সমাজকৰ্মী। বিশেষকৈ মুছলমান মহিলাসকলৰ কল্যাণ আৰু অধিকাৰ সুৰক্ষাৰ বাবে তেওঁ বহু বছৰ ধৰি একনিষ্ঠভাৱে কাম কৰি আহিছে।
 
‘শাহীন’—এটা সপোনৰ বাস্তৱ ৰূপ
 
জামীলা নিশাতে প্ৰতিষ্ঠা কৰা ‘শাহীন’ সংস্থাই হায়দৰাবাদৰ পুৰণি চহৰৰ চুলতান শ্বাহী অঞ্চলত বসবাস কৰা পিছপৰা, বিশেষকৈ মুছলমান মহিলাসকলক সামাজিক আৰু আৰ্থিক বিভিন্ন সমস্যাৰ পৰা উত্তৰণৰ পথ বিচাৰি দিয়াত সহায় কৰি আহিছে। তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে, শিক্ষা হৈছে নাৰীৰ সবলীকৰণ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। তেওঁৰ দৃষ্টিত ছোৱালীৰ শিক্ষা কেৱল জ্ঞান আহৰণৰ বিষয় নহয়; ই হৈছে আৰ্থিক স্বাৱলম্বিতাৰ পথো।
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শিশুসকলৰ প্ৰতিবাদ
 
‘শাহীন’ৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে বিভিন্ন কাৰণত বিদ্যালয় এৰি দিবলগীয়া হোৱা ছোৱালীবোৰক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনা। দাৰিদ্ৰ্য বা সামাজিক বাধাৰ বাবে পঢ়া বন্ধ কৰি দিয়া ছোৱালীবোৰক ওপেন স্কুলিং ব্যৱস্থাৰ জৰিয়তে পুনৰ শিক্ষা গ্ৰহণ আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হয়। শিক্ষাৰ সমান্তৰালভাৱে সংস্থাটোৱে বিভিন্ন পেছাভিত্তিক প্ৰশিক্ষণো আগবঢ়ায়, যাতে মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে।
 
জামীলা নিশাতৰ মতে, শিক্ষাৰ জৰিয়তে নাৰীয়ে নিজৰ সামৰ্থ্য চিনি পাব লাগে আৰু জীৱনৰ বাবে প্ৰয়োজনীয় পেছাদাৰী দক্ষতা আহৰণ কৰিব লাগে। তেওঁ বিশ্বাস কৰে যে, এগৰাকী ছোৱালীয়ে আনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি নিজৰ ভৱিষ্যৎ নিজেই গঢ়ি তুলিব লাগে। শিক্ষিতা আৰু উপাৰ্জনক্ষম নাৰীয়ে কেৱল নিজৰ জীৱনেই সলনি নকৰে, সমগ্ৰ পৰিয়ালৰো উন্নতি সাধন কৰিব পাৰে।
 
ন্যায়ৰ সংগ্ৰামত এক দৃঢ় যোদ্ধা
 
‘শাহীন’ৰ মূল উদ্দেশ্য হৈছে ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক আইনী আৰু সামাজিক সহায় আগবঢ়োৱা। ২০০২ চনত প্ৰতিষ্ঠিত এই সংস্থাই ‘কনট্ৰেক্ট মেৰেজ’ৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱাৰ লগতে বাল্যবিবাহ ৰোধতো উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সংস্থাটোৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে হাজাৰ হাজাৰ মহিলাই আইনী সহায় আৰু আৰ্থিক সমৰ্থন লাভ কৰিছে।
 
জামীলা নিশাতে জনায় যে ‘শাহীন’ৰ অধীনত ‘সখী’ নামৰ এক বিশেষ কাৰ্যসূচী চলোৱা হয়, যি হিংসাৰ সন্মুখীন হোৱা মহিলাসকলক তৎক্ষণাত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে গঢ়ি তোলা হৈছে।
 
জামীলা নিশাত
 
‘সখী ৱান ষ্টপ চেণ্টাৰ’ত শাৰীৰিক, মানসিক বা যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে একেটা ঠাইতে চিকিৎসা, আইনী পৰামৰ্শ, মানসিক কাউন্সেলিং, আৰক্ষীৰ সহায় আৰু জৰুৰীকালীন অস্থায়ী আশ্ৰয়ৰ সুবিধা লাভ কৰে। জামীলা নিশাতৰ মতে, ‘সখী’ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ভয়, সামাজিক সংকোচ বা কুসংস্কাৰৰ বাবে যাতে কোনো মহিলাই নিজকে অকলশৰীয়া অনুভৱ নকৰে।
 
কবিতা আবেগ, প্ৰতিবাদ আৰু শক্তিৰ ভাষা
 
১৯৫৫ চনত হায়দৰাবাদত জন্মগ্ৰহণ কৰা জামীলা নিশাতে উছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু থিয়েটাৰ আৰ্টছত স্নাতকোত্তৰ ডিপ্ল'মা লাভ কৰে। সাহিত্য জগতত তেওঁ এগৰাকী জনপ্ৰিয় কবি। তেওঁৰ কবিতাত নাৰীৰ জীৱন, অনুভূতি, সংগ্ৰাম আৰু সমাজত তেওঁলোকৰ সন্মুখীন হোৱা বৈষম্যৰ গভীৰ প্ৰতিফলন দেখা যায়।
 
তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে নাৰীৰ অস্তিত্ব আৰু আত্মমৰ্যাদাৰ নিৰ্ভীক প্ৰকাশ। তেওঁৰ ৰচনা কেৱল কবিতা নহয়, সমাজৰ স্থবিৰতা আৰু বৈষম্যৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিবাদ। ডাখনী উৰ্দুৰ মধুৰতা আৰু হায়দৰাবাদৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন তেওঁৰ কবিতাত স্পষ্টকৈ ঘটিছে। পৰম্পৰা আৰু আধুনিকতাৰ এক মনোমোহা সংমিশ্ৰণ তেওঁৰ সৃষ্টিত দেখা যায়। সহজ অথচ গভীৰ ভাষাৰে লিখা তেওঁৰ কবিতাসমূহে পাঠকৰ মনত দীঘলীয়া প্ৰভাৱ পেলায়।
 
এক অনুষ্ঠানত জামীলা নিশাত
 
তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থসমূহ হৈছে

‘লাভা’ (২০০০)
‘ইনকিছাফ’ (২০০০)
‘লমহে কি আঁখ’ (২০০২)
‘লমছ কি চৌগাত’ (২০০৬)
‘বাটাৰফ্লাই কেয়াৰছেচ' (২০১৫)
 
তেওঁৰ নতুন গ্ৰন্থ ‘দহকতে অংগাৰে’ (Burning Embers) ২০২৬ চনৰ ২১ ফেব্ৰুৱাৰীত হায়দৰাবাদত উন্মোচন হোৱাৰ সম্ভাৱনা আছিল।

সাহিত্য আৰু সমাজসেৱাৰ স্বীকৃতি
 
সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জামীলা নিশাতে বহু সন্মান লাভ কৰিছে। তেওঁ ১৯৭২ চনত আন্ধ্ৰ প্ৰদেশ উৰ্দু একাডেমীৰ ‘মখদূম বঁটা’, ১৯৯০ চনত ‘দেৱী প্ৰসাদ ৰায় চৌধুৰী বঁটা’, ২০১২ চনত ‘লাডলী বঁটা’, আৰু ২০২১ চনত নাৰী সমতা আৰু অধিকাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘মাৰ্থা ফেৰেল বঁটা’ লাভ কৰিছে। ইয়াৰ উপৰিও, ২০১৯ চনত তেলেংগানা চৰকাৰৰ বিশেষ সন্মানৰ লগতে বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় সংস্থাৰ পৰাও তেওঁ বহু স্বীকৃতি লাভ কৰিছে।
 
 
এক অনুষ্ঠানত জামীলা নিশাত

নাৰীৰ ক্ষমতায়নৰ এক জীৱন্ত আন্দোলন
 
জামীলা নিশাত কেৱল এগৰাকী কবি নহয়, তেওঁ সমাজৰ মাটিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী কৰ্মী। তেওঁৰ কবিতাই নাৰীক কণ্ঠ দিছে, আনহাতে তেওঁৰ সমাজসেৱাই হাজাৰ হাজাৰ মহিলাৰ জীৱনত আশাৰ নতুন বাট মুকলি কৰিছে। কবিতাৰ জৰিয়তে তেওঁ সমাজৰ পুৰণি আৰু বৈষম্যমূলক ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাইছে। সমাজসেৱাৰ জৰিয়তে তেওঁ প্ৰমাণ কৰিছে যে, দৃঢ় সংকল্প আৰু নিষ্ঠাই পিছপৰা সমাজৰ বাবে আশাৰ নতুন দিগন্ত উন্মোচন কৰিব পাৰে।
 
বৰ্তমান ছোৱালীবোৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটোৱে তেওঁক আশাবাদী কৰি তুলিছে যদিও ঘৰুৱা হিংসাৰ ঘটনা বৃদ্ধি পোৱাটোৱে তেওঁক উদ্বিগ্ন কৰি তুলিছে। তেওঁ জনায় যে ‘সখী’ কেন্দ্ৰত এতিয়া প্ৰতিদিনে কমেও তিনিটাকৈ নিৰ্যাতনৰ অভিযোগ আহে। ফলত সংস্থাটোৰ দায়িত্ব আৰু কৰ্মব্যস্ততা যথেষ্ট বৃদ্ধি পাইছে।
 
মঞ্চত জামীলা নিশাতক সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
জামীলা নিশাতে কয়, "যেতিয়ালৈকে কোনো নিৰ্যাতিত ব্যক্তিয়ে ন্যায় লাভ নকৰে, তেতিয়ালৈকে মই মনত শান্তি নাপাওঁ।”
 
তেওঁৰ কলম আৰু কৰ্ম দুয়োটাই আজিও একে উদ্যমে আগবাঢ়ি আছে। সাহিত্য আৰু সমাজসেৱাৰ অপূৰ্ব সংমিশ্ৰণেৰে তেওঁ দেখুৱাই দিছে যে সৃষ্টিশীলতা আৰু সক্ৰিয় সমাজসেৱা একেলগে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।