নুৰুল হক / আগৰতলা
মামাৰ ঘৰ কেৱল মাত্ৰ খেলা-ধূলা তথা আনন্দ কৰাৰ ঠাই নহয়। মামাৰ ঘৰখন অনুশাসিত কাম-কাজৰ জৰিয়তে চৰিত্ৰ গঢ়াৰ লগতে উপযুক্ত শিক্ষাৰ জৰিয়তে সফলতা অৰ্জন কৰাৰো ঠাই। মামাৰ ঘৰত পঢ়ি উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী হিচাপে স্বীকৃতি লাভ কৰা ১৭ বছৰীয়া ইছৰাত জাহান স্নিহাই এইদৰে মতামত ব্যক্ত কৰিছে।
ত্ৰিপুৰাৰ ছিপাহিজালা জিলাৰ সোণামুৰা মহকুমাৰ সীমান্তৱৰ্তী সোণামুৰা গাঁৱৰ ইছৰাত জাহান স্নিহাই ২০২৬ চনত ত্ৰিপুৰা মাধ্যমিক শিক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিছে। তেওঁ কলা বিভাগত ৫০০ নম্বৰৰ পৰীক্ষাত ৪৬২ নম্বৰ লাভ কৰিছে। সোণমুৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯২.৪ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। একেদৰে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি জিলাখনৰ পৰীক্ষাৰ্থীসকলৰ ভিতৰত ইছৰাত জাহান স্নিহাৰ নম্বৰ সৰ্বাধিক।
সংখ্যালঘু মুছলমান পৰিয়ালৰ ছোৱালীজনীৰ চকু কপালত তুলিব পৰা এই সফলতাত সামাজিক মাধ্যমত শুভেচ্ছাৰে ভৰি পৰে। যি প্ৰেক্ষাপটত মুছলমান সমাজৰ এটা শ্ৰেণীয়ে এতিয়াও মকতাব, মাদ্ৰাছা আৰু ধৰ্মীয় শিক্ষাৰ নামত ছাত্ৰ-ছাত্ৰীক সাধাৰণ শিক্ষা গ্ৰহণ কৰাৰ পৰা আঁতৰাই ৰাখিছে, সেই প্ৰেক্ষাপটত প্ৰান্তীয় গাঁৱৰ এগৰাকী সংখ্যালঘু ছোৱালীৰ এই সফলতাই প্ৰশাসনিক বিভাগতো বিশেষ গুৰুত্ব লাভ কৰিছে।
ইছৰাত জাহান স্নিহা তেওঁৰ পৰিয়ালৰ সৈতে
আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হৈছে ইছৰাত জাহান স্নিহাৰ শিক্ষাৰ ওপৰত। ইছৰাত জাহান স্নিহা এগৰাকী দৰ্শন বিজ্ঞানৰ ছাত্ৰী। যদিও তেওঁ এতিয়াও মাৰ্ক শ্বীট পোৱা নাই, তথাপিও তেওঁৰ দৃঢ় বিশ্বাস যে, দৰ্শনত তাইৰ নম্বৰ ৯০ শতাংশতকৈ অধিক হ’ব। ইছৰাতে দৰ্শনৰ লগতে ভূগোল আৰু ৰাজনীতি বিজ্ঞানতো অধ্যয়ন কৰিছে।
ইছৰাত জাহানৰ পিতৃ চেলিম ৰহমান ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ সাধাৰণ কৰ্মচাৰী। তেওঁৰ মাক জয়নাব বিবি এগৰাকী গৃহিণী। ইছৰাতৰ পিতৃৰ সৈতে বাৰ্তালাপ কৰাত প্ৰকাশ পাইছে যে, তেওঁৰ কন্যাৰ এই সফলতাৰ আঁৰত তেওঁৰ শিক্ষক মামাক আব্দুল্লা আল মামুনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আব্দুল্লা আল মামুন নিজেই দৰ্শনৰ স্নাতকোত্তৰ শিক্ষক। প্ৰাথমিক পৰ্যায়ৰ পৰাই মাক-দেউতাকে নিজৰ জীয়েকক পঢ়া-শুনাৰ দায়িত্ব মামাকৰ হাতত অৰ্পণ কৰিছিল। ইছৰাত জাহান স্নিহাই মামাকৰ ঘৰত থাকিয়ে পঢ়িছিল।
সাধাৰণতে ল'ৰা-ছোৱালীয়ে মামাকৰ ঘৰত দিন কটায়, হাঁহি হাঁহি ধেমালি কৰি। ইছৰাতৰ মূল লক্ষ্য আছিল পঢ়া-শুনা কৰা। স্কুলৰ বাহিৰত তেওঁৰ মামাকে ইছৰাতৰ ঘৰৰ শিক্ষকৰ আছিল। মৰমৰ লগতে মামাকে ইছৰাতৰ শিক্ষকৰ ভূমিকাত তেওঁক পঢ়া-শুনাত ব্যস্ত কৰি ৰাখিছিল। মামাৰ মৰমৰ লগতে অনুশাসন আৰু পদ্ধতিগত শিক্ষাৰ গুৰুত্বও আছিল। সেই অনুশাসন আৰু পদ্ধতিগত শিক্ষা ইছৰাত জাহান স্নিহাৰ বাবে আশীৰ্বাদ হৈ পৰিছিল।
মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত দৰ্শন বিজ্ঞানেৰে উচ্চতৰ মাধ্যমিকত জিলাখনৰ শ্ৰেষ্ঠ ছাত্ৰী হিচাপে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ইছৰাতে। ভৱিষ্যতে অধিবক্তা হোৱাৰ সপোন লৈ ইছৰাত জাহান স্নিহাই অধিক শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে। সমাজত ক্ৰমাৎ সংঘটিত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰি ইছৰাত জাহানে আইন আৰু ন্যায় ব্যৱস্থা প্ৰতিষ্ঠা কৰিব বিচাৰিছে।