ভক্তি চালক
মহাৰাষ্ট্ৰৰ যৱতমাল জিলাৰ আৰ্ণি চহৰত পণ্ডিত প্ৰদীপজী মিশ্ৰৰ শিৱমহাপুৰাণ কথা শুনিবলৈ বহু লোকৰ সমাগম ঘটিছিল। শিৱমহাপুৰাণ কথাৰ বাবে চহৰখনত এক ভক্তিময় পৰিবেশে বিৰাজ কৰিছিল, যদিও ক্ৰমাৎ বৃদ্ধি পোৱা গৰম আৰু হঠাতে অহা অবতৰীয় বৰষুণে ভক্তসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিল।
এই সময়ছোৱাত স্থানীয় প্ৰশাসনৰ লগতে আৰ্ণিৰ সকলো ধৰ্মৰ লোক, বিশেষকৈ মুছলমান লোকসকলে এই ভক্তসকলক সহায় কৰিবলৈ লৰালৰিকৈ আগবাঢ়ি আছিল। মুছলমান লোকসকলৰ এই সেৱাই সমাজত পাৰস্পৰিক ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।
প্ৰচণ্ড গৰমত দূৰ-দূৰণিৰ পৰা অহা লাখ লাখ ভক্তৰ তৃষ্ণা নিবাৰণৰ বাবে এই মুছলমান যুৱক-যুৱতীসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই যুৱকসকলে কথালৈ যোৱাৰ বাটত আৰু কথা মঞ্চত থিয় হৈ ভক্তসকলক ঠাণ্ডা পানী আৰু চৰবত যোগান ধৰিছিল।
ইয়াছিন লালাই তেওঁৰ সামাজিক মাধ্যমৰ এক পোষ্টত এই সেৱাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ লিখিছে, "কথাৰ সম্পূৰ্ণ আঠটা দিন লালা কোম্পানীৰ তৰফৰ পৰা ভক্তসকলৰ বাবে পানী আৰু চৰবট উপলব্ধ কৰা হয়। আমি এই শিৱ মহাপুৰাণ কথাত অংশগ্ৰহণ কৰিবলৈ পায় অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছো। কিয়নো সহায় আগবঢ়োৱা হাত প্ৰাৰ্থনা কৰা হাততকৈ অধিক পবিত্ৰ হয়।"
কেৱল পানীয়েই নহয়, ভক্তসকলৰ বাবে প্ৰাতঃভোজনৰ ব্যৱস্থা কৰিবলৈও বহু লোক আগবাঢ়ি আহিছিল। মুবাৰক নগৰৰ বাসিন্দা শ্বৰীফ ভাইয়ে নিজৰ খৰচত ঘৰতে পোহা প্ৰস্তুত কৰি ভক্তসকলৰ মাজত বিতৰণ কৰিছে। ফায়েজ চৈয়দে এই পদক্ষেপৰ এটা ভিডিঅ’ তেওঁৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। শ্বৰীফ ভাইৰ নিস্বাৰ্থ সেৱা ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে।
কেৱল শিৱ মহাপুৰাণ কথাৰ বাবে অহা ভক্তসকলকেই নহয়, তাত নিজৰ কৰ্তব্য পালন কৰি থকা আৰক্ষী জোৱানসকলকো সেৱা আগবঢ়োৱা হৈছিল। অৰু খানে এটা ভিডিঅ’ও পোষ্ট কৰিছিল, য’ত তেওঁ কথা স্থানত নিৰাপত্তাৰ ব্যৱস্থাত নিয়োজিত আৰক্ষী জোৱানসকলক পানী বিতৰণ কৰা দেখা গৈছে।
এই সকলোবোৰ সেৱামূলক কাৰ্য্যৰ প্ৰয়োজনীয়তা বুধবাৰে নিশা আটাইতকৈ বেছি অনুভৱ হৈছিল। কিয়নো দিনটোৰ আৰ্দ্ৰতাৰ অন্তত হঠাতে নিশা প্ৰায় ১১:৩০ বজাত ধুমুহা আৰু প্ৰচণ্ড বৰষুণে আহিছিল। সিদ্ধেশ্বৰ নগৰীৰ কথা স্থানত ২০ হাজাৰৰো অধিক ভক্ত আছিল। হঠাৎ হোৱা এই দুৰ্যোগে ভক্তসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। এই সময়ত আৰ্ণিৰ ৰাইজে নিশাটোৰ ভিতৰতে সাহায্য আৰু উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছিল।
স্থানীয় মুছলমানলোকসকল আৰু অন্য ধৰ্মৰ লোকসকলে এম্বুলেন্স, অটোৰিক্সা, ট্ৰেক্টৰ ব্যৱহাৰ কৰি বৰষুণত আবদ্ধ হৈ থকা ভক্তসকলক নিৰাপদ স্থানলৈ লৈ যায়। ততাতৈয়াকৈ বাবা কম্বলপোছ দৰগাহ, মহেৰ মংগল কাৰ্যালয়, মহালক্ষ্মী মংগল কৰ্যালয় আদি স্থানসমূহ ভক্তসকলৰ থাকিবলৈ মুকলি কৰি দিয়া হয়।
জাতি-ধৰ্ম নিৰ্বিশেষে আৰ্ণিৰ জনসাধাৰণে কেৱল মানৱতাৰ কাৰণে এই সংকটৰ সময়ত যি কাম কৰিছে, সেয়া সঁচা অৰ্থত প্ৰশংসনীয় আছিল। কথাৰ সময়ত খাদ্য আৰু সেৱাৰ এই দান কেৱল ধৰ্মৰ মাজতে সীমাবদ্ধ হৈ নাছিল; ই সঁচাকৈয়ে আৰ্ণিত এক ৰাজহুৱা উৎসৱৰ ৰূপ লোৱা দেখা গৈছিল।