ধৰ্মান্তৰকৰণ হ’ল সনাতন বৃক্ষত নিমখ দিয়াৰ দৰেই: আইআৰএছ বিষয়া

Story by  atv | Posted by  Munni Begum • 1 h ago
ভাৰতীয় ৰাজহ সেৱাৰ (জনজাতীয়) বিষয়া নেশা ওৰাওঁ
ভাৰতীয় ৰাজহ সেৱাৰ (জনজাতীয়) বিষয়া নেশা ওৰাওঁ
 
ৰাঁচী
 
ভাৰতীয় ৰাজহ সেৱাৰ (জনজাতীয়) বিষয়া নেশা ওৰাওঁৱে শুকুৰবাৰে এক মন্তব্য কৰি ধৰ্মান্তৰকৰণক “সনাতন বৃক্ষ”ৰ শিপা ধ্বংস কৰাৰ সৈতে তুলনা কৰে। তেওঁ কয় যে নিজৰ ধৰ্ম “ত্যাগ কৰা”টো গছ এডালৰ শিপাত নিমখ ছতিওৱাৰ দৰেই কথা।
 
ঝাৰখণ্ডত এক সমাৱেশক সম্বোধন কৰাৰ সময়ত ওৰাওঁৱে এই মন্তব্য কৰে। ধৰ্মান্তৰকৰণৰ অপকাৰিতাৰ বিষয়ে জনজাতীয় সমাজক “শিক্ষিত” কৰাৰ উদ্দেশ্যে তেওঁ সমগ্ৰ ৰাজ্যখনতে প্ৰচাৰ চলাই আহিছে।
ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ত আইআৰএছ বিষয়াজনক এইদৰে দাবী কৰা দেখা গৈছে যে গছ এজোপাৰ শিপাত নিমখ ছতিয়ালে যেনেকৈ গছজোপা মৰি যায়, তেনেকৈ নিজৰ বিশ্বাস বা ধৰ্ম ত্যাগ কৰিলে নিজৰ পৰিচয় বিলুপ্ত হৈ যাব।
 
তেওঁ কয়, “ধৰি লওক সমাজখন এজোপা ডাঙৰ গছৰ দৰে। যেতিয়া আমি মূল ধৰ্ম আৰু পূজা-অৰ্চনাৰ পদ্ধতিসমূহ মানি চলোঁ, তেতিয়া আমি আচলতে গছজোপাৰ শিপাত সাৰ আৰু পানী দিওঁ।”
 
ওৰাওঁৱে লগতে কয়, “যেতিয়া আমি ধৰ্ম সলনি কৰোঁ আৰু আমাৰ দেৱ-দেৱী তথা বিশ্বাসক পাহৰি যাওঁ, তেতিয়া আমি গছজোপাৰ শিপাত নিমখ ঢালি দিওঁ। আপুনি যদি গছৰ শিপাত নিমখ ঢালি দিয়ে, তেন্তে গছজোপা মৰি যাব।”
 
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, ওৰাওঁৱে ১৯৯৬ চনৰ ‘পঞ্চায়ত আইন’ চমুকৈ পেছা আইনৰ বিশেষকৈ ৪(ডি) ধাৰাৰ উল্লেখ কৰি নিজৰ বক্তব্যৰ সপক্ষে যুক্তি দৰ্শায়। এই আইনে প্ৰতিখন গ্ৰাম সভাক জনসাধাৰণৰ পৰম্পৰা, ৰীতি-নীতি, তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ উৎস আৰু বিবাদ নিষ্পত্তিৰ পৰম্পৰাগত পদ্ধতিক সুৰক্ষিত তথা সংৰক্ষিত কৰাৰ অধিকাৰ প্ৰদান কৰে।
তেওঁ এক্সত লিখিছে, “এই অধিকাৰ সাব্যস্ত কৰাটো সাম্প্ৰদায়িক যেন লাগিব পাৰে। কিন্তু আচলতে এয়া এক আইনী আৰু সাংবিধানিক অধিকাৰ। আৰু ভিডিঅ’টোত মই জনজাতীয় লোকসকলক ইয়াকে বুজাবলৈ চেষ্টা কৰিছোঁ।” তেওঁ লগতে কয় যে শিক্ষিত লোকসকলে তেওঁৰ মন্তব্যক সাম্প্ৰদায়িক ৰং দিয়াটো দুৰ্ভাগ্যজনক।
 
তেওঁ কয়, “এয়া কেৱল জনজাতীয় লোকসকলৰ প্ৰাচীন সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণৰ বিষয়টোহে উত্থাপন কৰা হৈছে।”
 
‘ধৰ্মান্তৰিত জনজাতীয় লোকে পঞ্চায়তৰ পদবীত থাকিব নোৱাৰে’ প্ৰাচীন জনজাতীয় সংস্কৃতিৰ অৱক্ষয়ৰ তীব্ৰ বিৰোধিতা কৰি ওৰাওঁৱে দাবী জনাইছে যে ধৰ্মান্তৰিত জনজাতীয় লোকসকলক গ্ৰাম সভাৰ প্ৰশাসনিক পদবীত অধিষ্ঠিত হোৱাৰ পৰা বাৰণ কৰিব লাগে।
 
ওৰাওঁৱে কয়, “গীৰ্জাৰ এজন পাদুৰীয়ে যদি অন্য ধৰ্ম গ্ৰহণ কৰে, তেওঁ পাদুৰী হৈ থাকিব পাৰিবনে? একেদৰে, এজন পাহান (গাঁৱৰ পুৰোহিত) যদি ধৰ্মান্তৰিত হয়, তেওঁ কিয় পাহানৰ পদটো এৰি নিদিয়ে?”
 
তেওঁ ধৰ্ম সলনি কৰা আদিবাসীসকলক স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “এনে দুমুখীয়া নীতি কোনো কাৰণতে সহ্য কৰা নহ’ব।”