গুজৰাটৰ বানপীড়িতৰ কাষত মুছলমান স্বেচ্ছাসেৱক; বানাক্ৰান্তক আশ্ৰয় দিলে মছজিদত

Story by  atv | Posted by  [email protected] • 7 h ago
গুজৰাটৰ বানপীড়িতৰ কাষত মুছলমান স্বেচ্ছাসেৱক
গুজৰাটৰ বানপীড়িতৰ কাষত মুছলমান স্বেচ্ছাসেৱক
 
আহমেদাবাদ
 
ভয়ংকৰ বানপানীয়ে গুজৰাটক বিধ্বস্ত কৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ পৰিয়ালক ক্ষতিগ্ৰস্ত কৰাৰ সময়তে উদ্ধাৰ আৰু সাহায্য অভিযানৰ সৰ্বাগ্ৰে থিয় দিছে মুছলিম যুৱক, ধৰ্মীয় প্ৰতিষ্ঠান আৰু সামাজিক সংগঠনসমূহ। ধৰ্ম আৰু জাতিৰ প্ৰাচীৰ একাষৰীয়া কৰি তেওঁলোকে বিপদগ্ৰস্ত লোকসকলক খাদ্য, আশ্ৰয়, চিকিৎসা সাহায্য আৰু উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ প্ৰশাসন তথা স্থানীয় ৰাইজৰ সৈতে হাত মিলাইছে।
 
ৰাজ্যখনত নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত অন্যতম হৈছে চুৰাট, য’ত মাত্ৰ ২৪ ঘণ্টাতে ৩৫৮ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে আৰু ইয়াৰ ফলত ব্যাপক বানপানীৰ সৃষ্টি হৈছে। চুৰাটত ৩,৪০০ তকৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে, আনহাতে ৩,৮০০ তকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সমগ্ৰ গুজৰাটত ৭,৫২২ জন লোকক সাহায্য শিবিৰত আশ্ৰয় দিয়া হৈছে আৰু বানাক্ৰান্ত অঞ্চলৰ পৰা ৩,৭১১ জন লোকক উদ্ধাৰ কৰা হৈছে।
 
যদিও কেইবাটাও স্থানত বানপানী কমিবলৈ আৰম্ভ কৰিছে, তথাপিও বহু নামনি অঞ্চল বুৰ গৈয়ে আছে, যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে।
আহমেদাবাদ, ভদোদৰা, ভাৰুচ, বানাস্কান্থা আৰু অন্যান্য প্ৰভাৱিত জিলাসমূহত মুছলিম স্বেচ্ছাসেৱকসকলে আৱদ্ধ হৈ থকা বাসিন্দাসকলক উদ্ধাৰ কৰিবলৈ নাও ব্যৱহাৰ কৰিছিল। কেইবাটাও মছজিদ আৰু মাদ্ৰাছাক অস্থায়ী সাহায্য শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছিল, য’ত গৃহহীন পৰিয়ালসমূহক খাদ্য, বিশুদ্ধ খোৱাপানী, ঔষধ আৰু বাসস্থানৰ যোগান ধৰা হৈছিল।
 
মুছলিম ট্ৰাষ্ট, দাতব্য সংস্থা আৰু সামাজিক গোটসমূহে সামাজিক পাকঘৰ স্থাপন কৰিছিল, য'ত প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ বাবে আহাৰ প্ৰস্তুত কৰিছিল। ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যেৰে স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাসমূহৰ সৈতে সমান্তৰালভাৱে কাম কৰি সাহায্য সামগ্ৰী বিতৰণ, চিকিৎসা শিবিৰৰ আয়োজন আৰু অনাময় তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰিছিল।
 
মুছলিম সম্প্ৰদায়ৰ চিকিৎসক, অভিযন্তা আৰু সমাজকৰ্মীসকলেও সাহায্য প্ৰচেষ্টাৰ সমন্বয় সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংকটৰ সময়ত মানৱতা যে ধৰ্মীয় আৰু সামাজিক বিভাজনৰ ঊৰ্ধ্বত, সেই বাৰ্তাক পুনৰ দৃঢ় কৰি স্বেচ্ছাসেৱকসকলে বৃদ্ধ লোক, মহিলা আৰু শিশুসকলক উদ্ধাৰ কৰিবলৈ দূৰৱৰ্তী গাঁওসমূহত উপস্থিত হৈছিল।
তেওঁলোকৰ এই প্ৰচেষ্টাই স্থানীয় বাসিন্দাৰ লগতে চৰকাৰী বিষয়াৰো প্ৰশংসা বুটলিছে, যিয়ে দুৰ্যোগৰ সময়ত প্ৰদৰ্শিত দয়া আৰু সমাজ সেৱাৰ মনোভাৱক প্ৰতিফলিত কৰে।
 
গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ চাংভীয়ে কয় যে বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ্সংস্থাপনৰ কাম তীব্ৰতৰ কৰা হৈছে। তেওঁ ঘোষণা কৰে যে ঘৰুৱা সা-সম্পত্তি ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱা পৰিয়ালসমূহে ৬,৮০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। ঘৰে ঘৰে কৰা জৰীপৰ জৰিয়তে হিতাধিকাৰীসকলক চিনাক্ত কৰা হৈছে আৰু ধন বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
 
চুৰাট চহৰৰ আৰক্ষীকো চহৰখনৰ মুছলিম অধ্যুষিত এলেকাসমূহৰ পৰা ডিঙি পৰ্যন্ত পানী ফালি বানাক্ৰান্ত লোকসকলক উদ্ধাৰ কৰা দেখা গৈছিল।
 
চাংভীৰ মতে, ২০ শতাংশতকৈও অধিক যোগ্য পৰিয়ালে ইতিমধ্যে এই সাহায্য লাভ কৰিছে, আনহাতে বাকী থকা হিতাধিকাৰীসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সামৰি লোৱা হ’ব। চৰকাৰে সাহায্যৰ সময়মতে বিতৰণ নিশ্চিত কৰিবলৈ বিতৰণ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰি তুলিছে।
 
প্ৰব্ৰজিত শ্ৰমিকসকল এই বানপানীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশ, বিহাৰ আৰু অন্যান্য ৰাজ্যৰ ১৫০ জনতকৈও অধিক শ্ৰমিকে বানপানীত তেওঁলোকৰ সা-সম্পত্তি হেৰুৱাইছে। তেওঁলোকৰ এই দুৰ্দশাজনক অৱস্থাৰ কথা লক্ষ্য কৰি চাংভীয়ে বিষয়াসকলক তেওঁলোকক ততালিকে নতুন কাপোৰ আৰু অন্যান্য প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে কেৱল স্থানীয় বাসিন্দাসকলেই নহয়, দুৰ্যোগত নিজৰ জমা ধন আৰু সা-সম্পত্তি হেৰুওৱা প্ৰব্ৰজিত শ্ৰমিকসকলকো সাহায্য প্ৰদান কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ কথা প্ৰকাশ পায়।