প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ মঞ্চতো ভাৰত আৰু নিউজিলেণ্ড বিশ্বস্ত অংশীদাৰ আৰু ঘনিষ্ঠ বন্ধু। বৰ্তমান সময়ৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ ৰাষ্ট্ৰসংঘকে ধৰি বৈশ্বিক প্ৰতিষ্ঠানসমূহত সংস্কাৰ অতি প্ৰয়োজন। সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেত্ৰিত হৈ আগবাঢ়িবলৈ আজি আমি এক যৌথ কৰ্মগোট গঠন কৰিছোঁ। ইণ্ডো-পেচিফিক অঞ্চলত শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত-নিউজিলেণ্ড সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ।"
এই অগ্ৰাধিকাৰসমূহৰ প্ৰতিফলন ঘটাই ভাৰত-নিউজিলেণ্ডৰ যৌথ বিবৃতিত দুয়োখন দেশে "মুক্ত, উন্মুক্ত, শান্তিপূৰ্ণ আৰু সমৃদ্ধ ইণ্ডো-পেচিফিক অঞ্চল" গঢ়ি তোলাৰ প্ৰতি অংগীকাৰ পুনৰ দৃঢ়ভাৱে প্ৰকাশ কৰে। বিবৃতিত সাৰ্বভৌমত্ব, ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা অটুট ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।
দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সাগৰ আইন সন্মিলন (UNCLOS) অনুসৰি সমুদ্ৰ আৰু আকাশপথত অবাধ চলাচলৰ অধিকাৰৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। লগতে, সকলো ধৰণৰ বিবাদ সংলাপ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ ওপৰত জোৰ দিয়ে।
বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত যৌথ বিবৃতিত “সাহসী আৰু ফলপ্ৰসূ ৰাষ্ট্ৰসংঘ সংস্কাৰ”ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হয়। ইয়াৰ লগতে স্থায়ী আৰু অস্থায়ী উভয় শ্ৰেণীৰ সদস্য বৃদ্ধি কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ সম্প্ৰসাৰণৰ প্ৰতি সমৰ্থন জনোৱা হয়। নিউজিলেণ্ডে পুনৰ এবাৰ সংস্কাৰিত আৰু সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰতি নিজৰ সমৰ্থন পুনৰ ব্যক্ত কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সীমান্তপাৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰভাৱে নিন্দা কৰে। লগতে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৫ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ ওচৰত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰো তীব্ৰ নিন্দা কৰিছে।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে “শূন্য সহনশীলতা” নীতি গ্ৰহণৰ আহ্বান জনাই দুয়োখন দেশে সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা, সন্ত্ৰাসবাদৰ বিত্তীয় যোগানৰ উৎস বন্ধ কৰা, আশ্ৰয়স্থলসমূহ উচ্ছেদ কৰা আৰু দোষীসকলক দ্ৰুতগতিত আইনৰ আওতালৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
যৌথ বিবৃতিত সন্ত্ৰাসবাদবিৰোধী যৌথ কৰ্মগোট গঠনৰ বাবে বুজাবুজি চুক্তি (Memorandum of Arrangement) স্বাক্ষৰিত হোৱাক আদৰণি জনোৱা হয়। এই কৰ্মগোটে দুয়োখন দেশৰ মাজত তথ্য, অভিজ্ঞতা আৰু জ্ঞান আদান-প্ৰদানৰ বাবে এক সুসংগঠিত কাঠামো প্ৰদান কৰিব।
ইয়াৰ উপৰিও, ৰাষ্ট্ৰসংঘ আৰু ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ (FATF)কে ধৰি বিভিন্ন বহুপাক্ষিক মঞ্চত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিও দুয়োখন দেশে অংগীকাৰ পুনৰ ব্যক্ত কৰে। লগতে, ৰাষ্ট্ৰসংঘই নিষিদ্ধ ঘোষণা কৰা সন্ত্ৰাসবাদী সংগঠন, ইয়াৰ সহযোগী, পৃষ্ঠপোষক, অৰ্থ যোগানদাতা আৰু সমৰ্থকসকলৰ বিৰুদ্ধে সকলো দেশে তাৎক্ষণিক, অব্যাহত, সমন্বিত আৰু দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়।
নিৰাপত্তাৰ উপৰিও, যৌথ বিবৃতিত আছিয়ান (ASEAN)ৰ নেতৃত্বাধীন আঞ্চলিক ব্যৱস্থাৰ জৰিয়তে সহযোগিতা, আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ প্ৰতি সমৰ্থন, স্থিতিস্থাপক বিশ্বব্যাপী যোগান শৃংখল, সাৰ্বজনীন পাৰমাণৱিক নিৰস্ত্ৰীকৰণ, পাৰমাণৱিক অস্ত্ৰ বিস্তাৰ ৰোধ আৰু মধ্যপ্ৰাচ্য তথা ইউক্ৰেইনকে ধৰি বিভিন্ন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সংলাপ আৰু কূটনীতিৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হৈছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ আমন্ত্ৰণত ১০ আৰু ১১ জুলাইত দুদিনীয়া চৰকাৰী ভ্ৰমণত নিউজিলেণ্ডত আছে। প্ৰায় ৪০ বছৰৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম নিউজিলেণ্ড ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্ব (Strategic Partnership)লৈ উন্নীত কৰাৰ লগতে বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, নিৰাপত্তা আৰু আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ‘ৰোডমেপ-২০৩০’ গ্ৰহণ কৰিছে।