গুৱাহাটী
অসম কেবিনেটে শুকুৰবাৰে চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ‘ভূমিহীন ব্যক্তি’ৰ সংজ্ঞা পুনৰ নিৰ্ধাৰণ কৰিবলৈ নীতিগত সংশোধনী অনুমোদন জনাইছে। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত প্ৰকাশ কৰিছে।
নতুন সংশোধনী অনুসৰি, চৰকাৰী ভূমি আৱণ্টনৰ বাবে ‘ভূমিহীন ব্যক্তি’ হিচাপে গণ্য হ’বলৈ হ’লে সংশ্লিষ্ট ব্যক্তিৰ পৰিয়াল কমেও তিনিটা প্ৰজন্ম ধৰি অসমত বসবাস কৰি অহা হ’ব লাগিব।
অৱশ্যে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক এই চৰ্তৰ পৰা অব্যাহতি দিয়া হৈছে। কিন্তু, তেওঁলোকে ইয়াৰ বাবে বৈধ নথি-পত্ৰ দাখিল কৰিব লাগিব।
ইয়াৰ উপৰিও, তেজপুৰত যান-বাহনৰ চলাচল অধিক সুগম কৰাৰ লক্ষ্যৰে মিছন চাৰিআলিত চাৰি লেইনৰ উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৪৭৪.২৫ কোটি টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা (Revalidation) প্ৰদান কৰিবলৈও কেবিনেটে অনুমোদন জনাইছে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, কেবিনেটে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ (ASHEC) পুনৰ্গঠনৰ সিদ্ধান্ততো সন্মতি জনাইছে। শিক্ষা খণ্ডৰ জনবল অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান (চাকৰি প্ৰাদেশীকৰণ) আইন, ২০১১ আৰু ২০১৩ চনত সংশোধিত আইনৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে।