যুদ্ধ, বিশ্বব্যাপী ইন্ধনৰ সংকটৰ মাজতে ভাৰতীয়সকলে কিয় হোমী জে ভাভাক স্মৰণ কৰিছে?

Story by  Aasha Khosa | Posted by  Munni Begum • 10 h ago
কল্পক্কাম পৰমাণু ৰিয়েক্টৰ আৰু হোমী জেহাংগীৰ ভাভা
কল্পক্কাম পৰমাণু ৰিয়েক্টৰ আৰু হোমী জেহাংগীৰ ভাভা
 
আছা খোছা
 
অ’টিটি প্লেটফৰ্মৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবেই আজি বহু ভাৰতীয় হোমী জেহাংগীৰ ভাভা আৰু ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ ভেটি স্থাপনৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে পৰিচিত হবলৈ সক্ষম হৈছে। এইটো সেই সময়ৰ কথা আছিল, যেতিয়া নতুনকৈ স্বাধীন হোৱা দেশখনে ক্ষুধা, দৰিদ্ৰতা, প্ৰাথমিক প্ৰয়োজনীয়তাৰ সৈতে যুঁজি আছিল। 
 
'ৰকেট বয়েজ' নামৰ ধাৰাবাহিকখনত ভাভাই শক্তিৰ দ্বাৰা আধুনিক বিশ্বত বিকাশ আৰু ৰাষ্ট্ৰীয় স্বায়ত্তশাসনৰ গতিপথ নিৰ্ণয় কৰা হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে, সীমিত সম্পদৰ পিছতো ভাৰতে পাৰমাণৱিক আৰু মহাকাশ কাৰ্যসূচীত বিনিয়োগ কৰিব লাগিব। এই দৃষ্টিভংগী দশকৰ পিছত দশক ধৰি অসাধাৰণভাৱে প্ৰমাণিত হৈ আহিছে।   
সাতটা দশকৰ পিছত, যেতিয়া বিশ্বই ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত সৃষ্ট আন এক শক্তি সংকটৰ সন্মুখীন হৈছে, তেতিয়াও ভাৰতে শান্তভাৱে ভাভাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। ৬ এপ্ৰিলত, দেশৰ আটাইতকৈ উন্নত পৰমাণু ৰিয়েক্টৰ কল্পক্কামত 'ক্ৰিটিকেলিটি' অৱস্থা লাভ কৰে। 
 
সাধাৰণ নাগৰিকৰ বাবে এই সাফল্যই এক গভীৰ অৰ্থ বহন কৰিছে যে, ভাৰতে পাৰমাণৱিক ইন্ধনত স্বনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। স্বচ্ছ শক্তি উৎপাদনৰ বাবে বৃহৎ পৰিমাণৰ ইউৰেনিয়ামৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট পৰিমাণে হ্ৰাস পাব। 
 
ভাভাই দেখুওৱা পথ অনুসৰণ কৰি ভাৰতীয় বিজ্ঞানীসকলে এসময়ত প্ৰায় যাদুকৰী যেন লগা কামটো কৰি দেখুৱাইছে। কল্পক্কাম ৰিয়েক্টৰে এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে, য’ত ই খৰচতকৈ অধিক ইন্ধন উৎপাদন কৰিব পাৰে। যি এক বহনক্ষম পাৰমাণৱিক ভৱিষ্যতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
 
তাতোকৈ তাৎপৰ্যপূৰ্ণ হ’ল থ’ৰিয়ামৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি— যিটো উপাদান বিশ্বৰ প্ৰায় ২৫ শতাংশ ভাৰতৰ হাতত সংৰক্ষিত  আছে। ইয়াৰ দ্বাৰা ভাৰতে শতিকাজুৰি পাৰমাণৱিক ইন্ধন যোগান ধৰিব পাৰে, যাৰ ফলত দীৰ্ঘম্যাদী শক্তি সুৰক্ষা নিশ্চিত হ’ব পাৰে।
 
'ৰকেট বয়েজ' নামৰ ধাৰাবাহিকখনৰ পোষ্টাৰ
 
কল্পক্কামৰ এই সাফল্য কেৱল দেশৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক 'অবিশ্বাস্য ভাৰতৰ' মুহূৰ্ত। ভাৰতে উন্নত পাৰমাণৱিক প্ৰযুক্তি আয়ত্ত কৰা দেশসমূহৰ এক নিৰ্বাচিত গোটত যোগদান কৰিছে, যিটো এক স্বীকৃতি আৰু উদযাপনৰ যোগ্য ঐতিহাসিক পদক্ষেপ স্বৰূপ।
 
ৰাষ্ট্ৰীয় গৌৰৱৰ বাহিৰেও এই বিকাশৰ বিশ্বজনীন তাৎপৰ্য আছে। বিশ্বই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে, পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰতা বৃদ্ধিৰ জৰিয়তে ২০৭০ চনৰ ভিতৰত শূন্য নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হ'ব।
 
ইতিমধ্যে ভাৰতে এই দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ই ২০৩০ চনৰ জলবায়ুৰ মূল লক্ষ্য অতিক্ৰম কৰিছে, য'ত ২০০৫ চনৰ স্তৰৰ তুলনাত জিডিপি নিৰ্গমনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰা, অ-জীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা ৫০ শতাংশ সঞ্চিত বিদ্যুৎ ক্ষমতা লাভ কৰা, আৰু ২.৫–৩ বিলিয়ন টন CO2 ৰ সমতুল্য কাৰ্বন ছিংক সৃষ্টি কৰা আদি অন্তৰ্ভুক্ত। এই কৃতিত্বসমূহক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিয়ে স্বীকৃতি দিছে।
 
শক্তিৰ ক্ষেত্ৰত ভাৰতৰ নীৰৱ বিপ্লৱৰ প্ৰতি বিশ্বই লক্ষ্য কৰাৰ লগে লগে ভাৰতীয়সকলে হোমী জেহাংগীৰ ভাভাৰ কাহিনীটো মনত পেলোৱা উচিত, যাৰ পূৰ্বপুৰুষ পাৰ্চী (জড়োষ্ট্ৰিয়ান) ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ইৰাণৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। 
 
তেওঁ ১৯৫০ চনত ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ ভেটি স্থাপন কৰিছিল আৰু সীমিত ঘৰুৱা ইউৰেনিয়ামৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ভাৰতৰ বিশাল থ'ৰিয়াম ভাণ্ডাৰ ব্যৱহাৰ কৰি শক্তিৰ স্বাধীনতা লাভ কৰিবলৈ তিনিটা পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰস্তুত কৰি উলিয়াইছিল।  
১৯৫০ৰ দশকত প্ৰতিষ্ঠা কৰা এই কৌশলত ইউৰেনিয়ামৰ পৰা প্লুটোনিয়ামলৈ আৰু শেষত থ'ৰিয়ামলৈ যোৱা এটা বন্ধ ইন্ধন চক্ৰৰ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল যাতে দীৰ্ঘকালীন শক্তিৰ বহনক্ষমতা নিশ্চিত কৰিব পৰা যায়।
 
ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা বিজ্ঞানী ডাঃ আনন্দ ৰংগনাথনে এই উন্নয়নক এই সাফল্যক "হয়তো সাম্প্ৰতিক সময়ৰ আটাইতকৈ উৎসাহজনক ঘোষণা" বুলি অভিহিত কৰিছে। তেওঁ কয়, 'পৰমাণু শক্তি অবিহনে উন্নত ভাৰতৰ প্ৰয়াস অসম্পূৰ্ণ।
 
তেওঁ কয় যে, ভাৰতৰ ৫০০ গিগাৱাট স্বচ্ছ শক্তিৰ লক্ষ্য ইয়াৰ অবিহনে লাভ কৰিব নোৱাৰি। এটা পাৰমাণৱিক উদ্যোগে ৭ লাখ ঘৰত শক্তি প্ৰদান কৰিব পাৰে আৰু হাইব্ৰিড গাড়ীতকৈ কম CO2 নিৰ্গত কৰে।
 
বহু দেশে ইতিমধ্যে সেউজ শক্তি উৎপাদনৰ বাবে পাৰমাণৱিক শক্তি গ্ৰহণ কৰিছে, যেনে ফ্ৰান্স (৫৮): ৭১.৭%, ছুইডেন (৮): ৪০.৩%, চুইজাৰলেণ্ড (৫): ৩৭.৭%, আমেৰিকা (৯৯): ১৯.৩%, ৰাছিয়া (৩৭): ১৭.৯%, ভাৰত (২২): ৩.০%। ৩.০%ৰ সংখ্যা অতি কম। ২০৩০ চনৰ ভিতৰত আমি ইয়াক ১৫% লৈ বৃদ্ধি কৰিব লাগিব।