চেন্নাই
বুধবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে নতুন দিল্লীলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ গ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বুলি মঙলবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।
এই ভ্ৰমণৰ পূৰ্বে ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীত আছে তামিলনাডু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল।
এই ভ্ৰমণৰ সময়ত বিজয়ে ৰাজ্যখনৰ বাবে অতিৰিক্ত আৰ্থিক সাহায্য বিচৰাৰ লগতে তামিলনাডুৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ অনুমোদনৰ বাবে হেঁচা দিয়াৰ সম্ভাৱনা আছে।
২৩ এপ্ৰিলৰ বিধানসভা নিৰ্বাচনত দলটোক জয়ৰ দিশে আগুৱাই নিয়াৰ পাছত ১০ মে’ত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে তামিলাগা ভেট্ৰি কাঝাগামৰ প্ৰতিষ্ঠাপক বিজয়ে।