অমৰনাথ যাত্ৰালৈ গৈ থকা মধ্যপ্ৰদেশৰ তীৰ্থযাত্ৰীৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৫ জন

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
উধমপুৰ
 
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টলদী নল্লাহৰ সমীপত অমৰনাথ যাত্ৰালৈ গৈ থকা মধ্যপ্ৰদেশৰ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন ব্যক্তিগত বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত পাঁচজন লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তসকলৰ ভিতৰত এগৰাকী মহিলাকে ধৰি ৫ জন লোক আহত হয়, য’ত সকলোৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
 
ঘটনাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। এক্সত দিয়া এক পোষ্টত তেওঁ কয় যে, উধমপুৰৰ উপায়ুক্ত মিংগা শ্বেৰ্পাৰ সৈতে তেওঁ ইতিমধ্যে কথা পাতিছে আৰু সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নজৰ ৰাখিছে। 
 
ড° জিতেন্দ্ৰ সিঙে লিখিছে, "মধ্যপ্ৰদেশৰ পৰা অমৰনাথ যাত্ৰালৈ অহা এখন ব্যক্তিগত বাহন জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টলদী নল্লাহৰ ওচৰত পথ দুৰ্ঘটনাৰ সন্মুখীন হোৱা বুলি খবৰ লাভ কৰাৰ পিছতে মই উধমপুৰৰ উপায়ুক্ত মিংগা শ্বেৰ্পাৰ সৈতে কথা পাতিছোঁ। এই ঘটনাত পাঁচজন লোক আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে এগৰাকী মহিলাৰ আঘাত গুৰুতৰ হোৱাত তেওঁক তৎক্ষণাত জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সকলোধৰণৰ সহায় আগবঢ়োৱা হৈছে আৰু মোৰ কাৰ্যালয়ে নিৰন্তৰ পৰিস্থিতিৰ খবৰ ৰাখিছে।" 
 
বিষয়াসকলৰ তথ্য অনুসৰি, ভাগৱতী নগৰ বেচ কেম্পৰ পৰা পাহালগাম অভিমুখে যাত্ৰা কৰি থকা তীৰ্থযাত্ৰীসকলক কঢ়িয়াই নিয়া এখন আৰ্টিগা গাড়ী ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এখন দেৱালত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়। 
 
ঘটনাৰ খবৰ পাই চিআৰপিএফৰ ১৩৭ নং বেটেলিয়ন, গোৰ্খা ৪/৩, অসামৰিক প্ৰতিৰক্ষা বাহিনী, ট্ৰেফিক আৰক্ষী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱানসকল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত তীৰ্থযাত্ৰীসকলক চিকিৎসাৰ বাবে উধমপুৰস্থিত এছ'চিয়েটেড হস্পিটেল, চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
 
ইফালে, কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে অমৰনাথ যাত্ৰা-২০২৬ অব্যাহত আছে। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষিত যাত্ৰা নিশ্চিত কৰিবলৈ চিআৰপিএফে ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বিভিন্ন স্থানত ৰোড অপেনিং পাৰ্টি (ROP) মোতায়েন কৰিছে। 
 
ইয়াৰ উপৰিও, ৰামবান জিলাৰ চান্দেৰকোটত চিআৰপিএফৰ ৮৪ নং বেটেলিয়নে ২৪ ঘণ্টীয়া মোবাইল স্বাস্থ্য শিবিৰ স্থাপন কৰিছে। এই শিবিৰত অত্যাধুনিক জীৱন ৰক্ষাকাৰী এম্বুলেন্স, চিকিৎসক-চিকিৎসাকৰ্মী আৰু প্ৰয়োজনীয় ঔষধৰ ব্যৱস্থা কৰা হৈছে, যাতে তীৰ্থযাত্ৰী আৰু স্থানীয় লোকসকলে জৰুৰী স্বাস্থ্যসেৱা লাভ কৰিব পাৰে।