অৰুণাচল প্ৰদেশত অবিৰত বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত ৯৪ হাজাৰৰো অধিক

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ইটানগৰ
 
অবিৰত বৰষুণৰ ফলত পুনৰ সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনৰ ঘটনাই অৰুণাচল প্ৰদেশৰ কমেও ছয়খন জিলাত বিস্তৰ ক্ষতি সাধন কৰিছে। বহু ঘৰ-বাৰী, পথ-দলং আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) ১০ জুলাইৰ পৰা ৰাজ্যখনত বৰষুণৰ তীব্ৰতা ক্ৰমে হ্ৰাস পাব বুলি পূৰ্বাভাস দিছে। 
 
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ (SEOC)ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত কেয়ি পান্যোৰ, আপাৰ ছিয়াং, তিৰাপ, চাংলাং, পাপুম পাৰে আৰু আপাৰ সোৱণশিৰী জিলাৰ বিভিন্ন স্থানত বান আৰু ভূমিস্খলনৰ নতুন ঘটনা সংঘটিত হৈছে।
 
আইএমডিয়ে বৃহস্পতিবাৰে শি-য়োমি, ছিয়াং, পূব ছিয়াং, ল'ৱাৰ দিবাং ভেলী, লোহিত আৰু লংডিং জিলাৰ বাবে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত ধুমুহা, বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
 
শুকুৰবাৰৰ পৰা বৰষুণৰ তীব্ৰতা কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তেতিয়া কেৱল পাপুম পাৰে, ল'ৱাৰ দিবাং ভেলী আৰু তিৰাপ জিলাতহে অ'ৰেঞ্জ এলাৰ্ট বলৱৎ থাকিব। সপ্তাহৰ শেষলৈ বতৰৰ অধিক উন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু শনিবাৰৰ ভিতৰত ৰাজ্যৰ অধিকাংশ অঞ্চল বতৰজনিত সতৰ্কবাণীৰ পৰা মুক্ত হ'ব বুলি আশা কৰা হৈছে। 
 
অৱশ্যে, পূবাঞ্চল আৰু পাদদেশীয় জিলাসমূহত ধুমুহা আৰু প্ৰবল বৰষুণৰ সম্ভাৱনাৰ বাবে সোমবাৰলৈকে হালধীয়া সতৰ্কবাণী (Yellow Alert) জাৰি থাকিব।
 
শেহতীয়া বৰষুণত আপাৰ ছিয়াঙৰ য়িংকিয়ং গাঁও, তিৰাপৰ খোঁছা চহৰ আৰু খেতি গাঁও, চাংলাঙৰ ফাংটিপ, অল্ড জুখি, ইয়ানমান, বুবাং-১, জংজি হাভি, ছংকো হাভি, থামিয়াং, নামটক, নয়টং, চাগ্ৰা আৰু ফুংছা গাঁও, পাপুম পাৰেৰ গেৰাম, গয়া, হোজি-১, হোজি-২, খীল, লাংপেক, মেপছ'ৰ', টেচিৰ, তৰু আৰু য়ায়ী-১ গাঁও, লগতে আপাৰ সুবনশিৰিৰ এৰু, নিংপিন, দাৰু, উলি, ছেগি, ডেবম, বুই, লিডা, বুলো, ঙুকি আৰু ৰিদ্দি গাঁও বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।
 
যোৱা দুসপ্তাহত হোৱা অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনে ৰাজ্যখনত ব্যাপক ধ্বংসযজ্ঞ সংঘটিত কৰিছে। বৰষুণজনিত বিভিন্ন ঘটনাত এতিয়ালৈকে ৬জন লোকৰ মৃত্যু হৈছে। বুধবাৰে লোহিত জিলাৰ এটা নিৰ্মাণস্থলীত ভূমিস্খলনৰ ফলত বিহাৰৰ দুজন শ্ৰমিকৰ মৃত্যু হয়। 
 
ইয়াৰ পূৰ্বে ২৪ জুনত কেয়ি পান্যোৰত আকস্মিক বানত উটি যোৱা দুগৰাকী মহিলাৰ এতিয়াও সন্ধান পোৱা হোৱা নাই। আনহাতে, কেয়ি পান্যোৰৰ প'ছা অঞ্চলত হোৱা আকস্মিক বানত তিনিজন আৰু আঞ্জাও জিলাৰ ছাৰ্তি গাঁৱত ভূমিস্খলনত এজন লোকৰ মৃত্যু হৈছিল। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজ্যখনৰ ২৬খন জিলাৰ ২৩৭টা চাৰ্কলৰ অন্তৰ্গত ৩৩৩খন গাঁৱৰ মুঠ ৯৪,২০১জন লোক বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।
 
এই দুৰ্যোগৰ ফলত কৃষি আৰু চৰকাৰী আন্তঃগাঁথনিও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ৩৩৪.২ হেক্টৰ শস্যভূমি, ইয়াৰে ১৮৫.৫ হেক্টৰ উদ্যান শস্যৰ ভূমি আৰু ১৪৮.৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। লগতে প্ৰায় ১,০১০ হেক্টৰ বনাঞ্চলৰো ক্ষতি সাধন হৈছে। 
 
আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১৩১টা পথ, ১৯খন দলং, ২১টা কালভাৰ্ট, ১৯১টা পানী যোগান ব্যৱস্থা, ৫৮টা চৰকাৰী ভৱন, ২১টা বিদ্যুৎ লাইন, ২২৪টা বৈদ্যুতিক খুঁটি, চাৰিটা জলবিদ্যুৎ প্ৰকল্প, সাতটা ৰিটেইনিং ৱাল, সাতটা বান প্ৰতিৰোধী দেৱাল, দুখন চিকিৎসালয়, তিনিখন বিদ্যালয়, নলা-নৰ্দমা ব্যৱস্থা আৰু অন্যান্য বহু ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে। ৰাজ্যজুৰি শতাধিক ঘৰ-বাৰীয়েও ক্ষতিৰ সন্মুখীন হৈছে।
 
বৰ্তমান কেয়ি পান্যোৰ জিলাত দুটা সাহায্য শিবিৰ সক্ৰিয় আছে, য'ত ২৫২জন লোক আশ্ৰয় লৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য আৰু পুনৰুদ্ধাৰ অভিযান অব্যাহত আছে।