নতুন দিল্লী
আদালত অৱমাননাৰ অভিযোগত বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে ছিংগাপুৰৰ এখন আদালতে। জানিব পৰা মতে, ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বাইজুছৰ সম্পত্তি সংক্ৰান্তীয় আদালতৰ কেইবাটাও নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ বাইজুছৰ প্ৰতিষ্ঠাপকজনক এই কঠোৰ শাস্তি প্ৰদান কৰা হৈছে।
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, আদালতে বাইজুক সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে তেওঁক ৯০ হাজাৰ ছিংগাপুৰ ডলাৰ জৰিমনা পৰিশোধ কৰিবলৈও কোৱা হৈছে।
অৱশ্যে বৰ্তমান বাইজু ছিংগাপুৰত আছে নে আন ক’ৰবাত আত্মগোপন কৰি আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখযোগ্য যে, ২০০৮-২০০৯ চনৰ মাজভাগত বাইজুৱে ভিডিঅ’ ক’চিং আৰম্ভ কৰিছিল আৰু তাৰ দুবছৰৰ পাছত পত্নীৰ সৈতে লগ লাগি এটা ষ্টাৰ্টআপ প্ৰতিষ্ঠান গঢ়ি তুলিছিল। তেওঁলোকে ইয়াৰ নাম দিছিল বাইজুছ। অতি কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে সফলতাৰ শিখৰত উপনীত হৈছিল। কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্ততো বাইজুছ জনপ্ৰিয় হৈ পৰিছিল আৰু বিভিন্ন বিদেশী প্ৰতিষ্ঠানে ইয়াত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল।
পিছে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বাইজুছৰ বৃহৎ লোকচানৰ খবৰ পোহৰলৈ আহে। জানিব পৰা মতে, শেষৰটো বিত্তীয় বৰ্ষত বাইজুছৰ ৪৫৮৮ কোটি টকাৰ লোকচান হৈছিল আৰু ইয়াৰ প্ৰভাৱ কৰ্মচাৰীসকলৰ দৰমহাতো পৰিছিল। বাইজুৱে এই লোকচান নিয়ন্ত্ৰণ কৰিবলৈ বহুত চেষ্টা কৰিছিল যদিও কোনো লাভ নহ’ল। পৰৱৰ্তী সময়ত বাইজুছৰ বিৰুদ্ধে ঋণখেলাপিৰ অভিযোগো উত্থাপন হয়। তেনে এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰতে এতিয়া ছিংগাপুৰৰ আদালতে বাইজুছৰ প্ৰতিষ্ঠাপকজনক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে।