হাজো
পুনৰ অনুষ্ঠিত হ'ব হাজোত ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ হৈছে অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হোৱা এক পুৰণি আৰু ঐতিহাসিক খেল। এই খেলত দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত কৰা হয়।
এই খেলৰ আৰম্ভণিৰ সঠিক তাৰিখ জনা নাযায় যদিও, জনশ্ৰুতি অনুসৰি ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা মাঘ মাহৰ প্ৰথম দিনা ইয়াৰ পাতনি মেলা হৈছিল। এই খেলখন হাজোৰ এক সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত এই খেলক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে তীৰ্থনগৰী হাজোত।
প্ৰকৃতিপ্ৰেমী সংগঠনে ২০১৪ চনত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাছত বিগত ৯ বছৰ ধৰি বন্ধ হৈ আছিল হাজোবাসীৰ আৱেগ জড়িত হৈ থকা বুলবুলি চৰাইৰ যুঁজ। ২০২৪ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত SOP মৰ্মে পুনৰবাৰ এই খেল অনুষ্ঠিত কৰা হয়। ২০২৪ বৰ্ষত এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শেহতীয়াকৈ অসম চৰকাৰে সদনত লোৱা সিদ্ধান্ত মৰ্মে ২০২৬ বৰ্ষত পুনৰ আঁহতগুৰিত অনুষ্ঠিত কৰিব পাৰিব ম’হ যুঁজ। তাৰ মাজতে বুলবুলি চৰাইৰ খেলক লৈও এতিয়া আশাবাদী হৈ পৰিছে হাজোবাসী। যাৰ বাবে এতিয়া, পৰম্পৰাগতভাৱে চলি অহা বুলবুলি চৰাইৰ খেলৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে হাজোবাসীয়ে। এইবেলি চৰকাৰী SOP মানি বুলবুলি চৰাইৰ খেল অনষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে হাজোবাসীয়ে। মাঘৰ সংক্ৰান্তিত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে খেল পৰিচালনা সমিতি গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে।