আগৰতলাৰ গাজী বাবাৰ মাজাৰৰ মিলন মেলাঃ হিন্দু-মুছলমানৰ ঐক্যৰ ৪০০ বছৰীয়া নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 6 h ago
আগৰতলাৰ ৪০০ বছৰীয়া গাজী বাবাৰ মাজাৰ
আগৰতলাৰ ৪০০ বছৰীয়া গাজী বাবাৰ মাজাৰ
 
নুৰুল হক / আগৰতলা
 
ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ গাজী বাবাৰ মাজাৰ শ্বৰীফে ৪০০ বছৰ ধৰি হিন্দু-মুছলমান যৌথ সমিতিৰ তত্ত্বাৱধানত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আহিছে। আগৰতলাৰ জয়পুৰত আছে এই মাজাৰটো। ৪০০ বছৰ পুৰণি এই মাজাৰটোৰ প্ৰতি আৰম্ভণিৰ পৰাই হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে বিশ্বাস কৰি অহাৰ লগতে আস্থা প্ৰকাশ কৰি আহিছে।
 
দিন পাৰ হোৱাৰ লগে লগে মুছলমানসকলৰ সমান্তৰালভাৱে হিন্দু সম্প্ৰদায়ৰ লোকসকলেও এই মাজাৰৰ যত্ন আৰু পৰিচালনাৰ দায়িত্ব পালন কৰিবলৈ লয়। মাজাৰ পৰিচালনা সমিতিত দুয়োটা সম্প্ৰদায়ৰ লোকে একেলগে কাম কৰি আছে। তাদুপৰি যোৱা ১০ বছৰ ধৰি মাজাৰত বাৰ্ষিক উৰুছ পৰিচালনাৰ ৪০ জনীয়া সমিতিত কেতিয়াবা যদি সভাপতিগৰাকী মুছলমান হয়, সম্পাদকজন হয় হিন্দু ধৰ্মৰ লোক।
 
ৰাজধানী চহৰখনৰ বুকুত অৱস্থিত এই মাজাৰটো এই অঞ্চলৰ জনসাধাৰণৰ অগাধ বিশ্বাস আৰু আস্থা সম্প্ৰীতিৰ এক নিদৰ্শন হৈ পৰিছে। গাজী বাবাৰ মাজাৰ শ্বৰীফত প্ৰতিবছৰৰ দৰে এইবেলিও বাৰ্ষিক উৰুছ আৰু মিলন মেলা অনুষ্ঠিত হ'ব।
 
এই উপলক্ষে ৪০ জনীয়া এখন কমিটী গঠন কৰা হৈছে। সমিতিৰ সভাপতি সুবল দাস, সহ-সভাপতি শ্বাজাহান মিয়া, সম্পাদক কমল হোছেইন এই সকলো অঞ্চলটোৰ উভয় সম্প্ৰদায়ৰ গণ্যমান্য ব্যক্তি। আগন্তুক উৰুছ আৰু মিলন মেলাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে সন্ধিয়া মাজাৰ চৌহদত অনুষ্ঠিত হয় এখন সংবাদমেল।
 
মাজাৰ পৰিচালনা সমিতি
 
সংবাদমেলত মাজাৰ পৰিচালনা সমিতিৰ সভাপতি সুবল দাসে কয় যে প্ৰতিবছৰৰ দৰে এইবাৰো গাজী বাবাৰ মাজাৰত উৰুছক লৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অহা ১৬ ৰ পৰা ১৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এই চাৰিওদিন মাজাৰ চৌহদত মিলন মেলাৰ আয়োজন কৰা হৈছে। সম্প্ৰীতিৰ বাৰ্তা দিয়াৰ উপৰি মাজাৰ সমিতিয়ে মানৱ সেৱামূলক কাৰ্যসূচী হিচাপে ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰিব। থাকিব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো।
 
সভাপতি সুবল দাসে জানিবলৈ দিয়ে যে আগন্তুক উৰুছ আৰু মাজাৰৰ অনুষ্ঠানত সকলো ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিব। তেওঁ আৰু কয় যে বিভিন্ন ধৰ্মৰ লোকে এই মাজাৰক সন্মান কৰে আৰু গাজী বাবাৰ প্ৰতি আস্থা প্ৰকাশ কৰি আহিছে। তেওঁলোকে গোটেই বছৰ মাজাৰৰ বাবাৰ ওচৰত বিভিন্ন মন্নত(কামনা) কৰে আৰু সেয়া পূৰণ হোৱাৰ পিছত মাজাৰত নিজৰ সামৰ্থ্য অনুসৰি দান-বৰঙনি আগবঢ়ায়। আগন্তুক এই অনুষ্ঠানতো অধিক সংখ্যক লোকৰ সমাগম হ’ব বুলি আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিছে।
 
আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, বিধায়ক দীপক মজুমদাৰে ৰক্তদান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। তদুপৰি অতিথি হিচাপে উপস্থিত থাকিব কাউন্সিলাৰ তুষাৰ কান্তি ভট্টাচাৰ্য, নিতু দে ঘোষ, বিশিষ্ট সমাজসেৱক অমিতাভ ভট্টাচাৰ্য আৰু জছিম উদ্দিন। আগৰতলাৰ ৰাজধানী মাজাৰৰ উৰুছত এই সম্প্ৰীতিৰ সমাৱেশক কেন্দ্ৰ কৰি সমন্বয়প্ৰেমী লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। তিনিদিনীয়া এই অনুষ্ঠানত আয়োজক সমিতিয়ে ৰাজ্যৰ সকলো প্ৰান্তৰ নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।