কানহাংগাদ (কেৰালা)
এয়া এগৰাকী ৪৭ বছৰীয়া মহিলাৰ কাহিনী, যিগৰাকী মহিলাই তেওঁৰ প্ৰথম প্ৰচেষ্টাতে NEETত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইয়াৰ দ্বাৰা তেওঁ প্ৰমাণ কৰে যে বয়স হৈছে মাত্ৰ এটা সংখ্যা, যাৰ শিকন আৰু বিকাশৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁ হ’ল কেৰালাৰ কাৰাছগড জিলাৰ কানহাংগাদৰ জোৱান্না পি। যিসকলে সপোনৰ পিছত দৌৰিবলৈ নিজকে বয়সস্থ বুলি ভাবে, এতিয়া সেইসকল লোকৰ বাবে তেওঁ হৈ পৰিছে প্ৰেৰণাৰ উৎস।
জোৱান্নাই কয় যে তেওঁ কেৱল 'ডাঃ’ শব্দটো তেওঁৰ নামৰ আগত লগাই তেওঁৰ পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছিল। তেওঁৰ পিতৃ আব্দুল ৰেজাক এজন বেংকাৰ আছিল আৰু তেওঁ তেওঁৰ দুই কন্যাই চিকিৎসক হোৱাৰ আশা কৰিছিল। কিন্তু আমোদজনক কথাটো হ'ল জোৱান্নাৰ তেনে হোৱাৰ বাসনা নাছিল, তেওঁ এগৰাকী শিক্ষক হ’বলৈহে বিচাৰিছিল।
তেওঁ ভাবে যে তেওঁৰ আৰামদায়ক জীৱনৰ বাবে হয়তো তেওঁ উচ্চাকাংক্ষী নাছিল। তেওঁ স্কুল আৰু কলেজীয়া জীৱন উপভোগ কৰিছিল। মেডিকেল কলেজৰ প্ৰৱেশ পৰীক্ষাক তেওঁ কেতিয়াও গুৰুত্ব দিয়া নাছিল আৰু সেয়েহে তেওঁ সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল।
স্বামী আৰু সন্তানৰ সৈতে জোৱান্না পি
তেওঁ মেংগালুৰুৰ KMCৰ পৰা মেডিকেল ফাৰ্মাক'লজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এয়া তেওঁৰ পিতৃৰ সপোনৰ সৈতে প্ৰায় একেই আছিল।
কিন্তু তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা অৱস্থাতে তেওঁৰ পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত জোৱান্নাৰ পৃথিৱীখন ভাগি পৰা যেন অনুভৱ হয়, কাৰণ পিতৃৰ সৈতে তেওঁ অতি ঘনিষ্ঠ আছিল। তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল আৰু তীব্ৰ হতাশাত ভুগিছিল।
সেই একে বছৰতে অক্টোবৰত তেওঁ ড০ আব্দুল্লাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পূৰ্বে তেওঁ তেওঁৰ স্বামীক সুধিছিল যে তেওঁ পঢ়া-শুনা এৰিলে বেয়া পাব নেকি? তেওঁৰ স্বামীয়ে আনন্দৰে তেওঁক সন্মতি জনাইছিল।
অতি সোনকালে তেওঁ সাংসাৰিক জীৱনত জড়িত হৈ পৰে আৰু চাৰিটা সন্তানক ডাঙৰ-দীঘল কৰি সময় অতিবাহিত কৰে। সময়ৰ লগে লগে তেওঁৰ সন্তানকেইটাও ডাঙৰ হৈ আহে আৰু তেওঁৰ পিতৃৰ পূৰণ নোহোৱা সপোনটোৱে তাইক জুৰুলা কৰিবলৈ আৰম্ভ কৰে। তেওঁ নিজৰ ভিতৰত শূন্যতা অনুভৱ কৰিবলৈ লয়।
এদিন জোৱান্নাৰ স্বামীয়ে তেওঁক সুধিছিল যে তেওঁ আকৌ পঢ়িবলৈ বিচাৰে নেকি? কিয়নো জোৱান্নাৰ হতাশাৰ আঁৰৰ কাৰণটো সি বুজিব পাৰিছিল।
জোৱান্নাই কয় যে তেওঁৰ স্বামীয়ে তেওঁক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁলোকৰ কন্যা মৰিয়াম যেতিয়া তিৰুৱনন্তপুৰম মেডিকেল কলেজত ভৰ্তি হয়, তেতিয়া তেওঁ বহুত গৌৰৱ অনুভৱ কৰে। তেওঁলোকৰ দুই পুত্ৰইও চিকিৎসা বিজ্ঞানত কেৰিয়াৰক লৈ ব্যস্ত আৰু চতুৰ্থ সন্তানটি বৰ্তমান বিদ্যালয়ত অধ্যয়ন কৰি আছে।
ল’ৰা-ছোৱালীবোৰে যেতিয়া মেডিকেল স্কুলত নামভৰ্তি কৰে, তেতিয়া তেওঁ বুজি উঠিছিল যে তেওঁলোকক চিকিৎসক হোৱা দেখি দেউতাক কিমান সুখী হৈছিল।
তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ পিতৃয়ে তেওঁক আৰু তেওঁৰ ভাতৃ-ভগ্নীসকলক কেতিয়াও বাধ্য কৰোৱা নাছিল। অল ইণ্ডিয়া মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে তেওঁৰ পিতৃও তেওঁলোকৰ সৈতে তিৰুৱন্তপুৰমলৈ গৈছিল, কিন্তু সেই সময়ত তেওঁ প্ৰৱেশ পৰীক্ষাক গুৰুত্ব দিয়া নাছিল। আজি তেওঁৰ পিতৃ এই পৃথিৱীত নাই, সেয়ে তেওঁ আজি উপলব্ধি কৰে যে বিলম্ব হ’লেও পিতৃৰ সপোন তেওঁ পূৰণ কৰিবই লাগিব।
চৰকাৰে ২০২০ চনত যেতিয়া NETৰ বাবে বয়সৰ সীমা আঁতৰাই দিয়ে, তেতিয়া তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হয় যদিও সন্তানসকলৰ প্ৰস্তুতিত প্ৰভাৱ নপৰিবলৈকে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। ঘৰত যথেষ্ট অধ্যয়নৰ সামগ্ৰী আছিল। অৱশেষত, যেতিয়া তেওঁলোকৰ তৃতীয় পুত্ৰক মেডিকেল স্কুলত ভৰ্তি কৰোৱা হয়, তেতিয়া তেওঁ অধ্যয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ স্বামীয়ে তেওঁৰ বাবে এটা অধ্যয়নৰ স্থান তৈয়াৰ কৰি তাত সকলো কিতাপ আৰু সামগ্ৰী ৰাখি কয়, "এতিয়া তোমাৰ কেৱল এটাই কাম সেয়া হ’ল- অধ্যয়ন’’।
জোৱান্না পি তেওঁৰ স্বামী ডাঃ আব্দুল্লাৰ সৈতে
স্বামীয়ে নিজে প্ৰ-পত্ৰখন পূৰণ কৰি হাঁহি হাঁহি কৈছিল, "এতিয়া মই সকলো কাম কৰি আছো, তুমি নিশ্চয় পৰীক্ষাত উত্তীৰ্ণ হ'বা"। পৰীক্ষাৰ দুদিন আগতে তেওঁ ইউটিউবত NEET সম্পৰ্কীয় বহু ভিডিঅ' চাইছিল। পৰীক্ষাৰ দিনা শাৰীপাতি থকা ল’ৰা-ছোৱালীবোৰে তেওঁক যেতিয়া সুধিছিল যে আপুনি শিক্ষক নেকি, তেতিয়া তেওঁ হাঁহি কৈছিল, "নহয়, ময়ো তোমালোকৰ দৰে পৰীক্ষাত বহিবলৈ আহিছোঁ"। সকলোৱে তেওঁৰ বয়স দেখি আচৰিত হৈ পৰিছিল। চকীদাৰৰ পৰা আৰম্ভ কৰি পৰীক্ষকলৈকে, সকলোৱে তেওঁৰ এডমিট কাৰ্ডখন কেইবাবাৰো পৰীক্ষা কৰিছিল যাতে নিশ্চিত হ'ব পাৰে যে তেওঁ ভুৱা পৰীক্ষাৰ্থী নহয়।
ফলাফল ওলোৱাৰ দিনা তেওঁ চিন্তিত নাছিল। তেওঁৰ স্বামীয়ে প্ৰথমে তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰটো দিয়ে। ৪৭ বছৰ বয়সত প্ৰথমটো প্ৰচেষ্টাত সফল হোৱাত তেওঁ সুখী আছিল। তেওঁৰ নিজৰ ঘৰৰ ওচৰৰ এখন কলেজত BDS কৰাৰ মন আছিল। তেওঁৰ স্বামীয়ে তেওঁক MBBS আৰু স্ত্ৰীৰোগৰ বিশেষজ্ঞ হোৱাটো বিচাৰিছিল যদিও তেওঁ কেৱল তেওঁৰ পিতৃৰ সপোন পূৰণ কৰিবলৈ বিচাৰিছিল।
বাতৰি কাকতৰ সাংবাদিকসকলে যেতিয়া তেওঁৰ সৈতে কথা পাতিব বিচাৰিছিল, তেতিয়া তেওঁ অস্বস্তি অনুভৱ কৰিছিল, কিন্তু যেতিয়া মানুহে তেওঁক কৈছিল যে তেওঁৰ কাহিনী অতি প্ৰেৰণাদায়ক, তেতিয়া তেওঁ উপলব্ধি কৰিছিল যে যদি তেওঁৰ কাহিনীটোৱে এগৰাকী মহিলাক তেওঁৰ সপোন পূৰণ কৰিবলৈ প্ৰেৰণা দিব পাৰে, তেনেহ'লে সেয়া এক ডাঙৰ কথা হ'ব। বিশেষকৈ যিহেতু তেওঁ বোৰ্খা পৰিধান কৰা এগৰাকী মুছলমান মহিলা, সেয়ে তেওঁৰ সংগ্ৰাম জনসাধাৰণৰ বাবে অধিক আকৰ্ষণীয়।
এতিয়া মানুহে তেওঁক পথত ৰখাই তেওঁৰ সৈতে ফটো উঠে, প্ৰশংসা কৰে আৰু এবাৰ যেতিয়া তেওঁলোক চাহ খাবলৈ ঘাইপথত ৰৈছিল, মাক জীয়েকে তেওঁলোকৰ ওচৰলৈ আহি কয় যে তেওঁ তেওঁলোকৰ বাবে এক অনুপ্ৰেৰণা। আত্মীয় এজনৰ ঘৰতো তেওঁক লগ পাবলৈ বহু লোক আহিছিল। জোৱান্নাই কয় যে এই সকলোবোৰ তেওঁৰ বাবে আকৰ্ষণীয় আৰু উপভোগ্য অভিজ্ঞতা।