আৰিফুল ইছলাম / গুৱাহাটী
গুৱাহাটী মহানগৰীৰ বুঢ়া জামে মছজিদ হৈছে সমন্বয়ৰ প্ৰতীক। বছৰ বছৰ ধৰি ধৰ্মীয় ঐক্য আৰু ভাতৃত্ববোধৰ জীৱন্ত সাক্ষী হৈ আছে গুৱাহাটীৰ আমবাৰীস্থিত এই বুঢ়া জামে মছজিদ। প্ৰতিবাৰৰ দৰেই এইবাৰ ৰমজান মাহতো বুঢ়া জামে মছজিদৰ চৌহদত প্ৰায় ৫০০ গৰাকী ৰোজাদাৰে ইফটাৰ কৰি আছে। দেওবাৰে বুঢ়া মছজিদত ৰোজাদাৰৰ বাবে ইফটাৰ যোগান ধৰিলে ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীয়ে। ৰোজাদাৰক পানীৰ বটল, ফলমূল আৰু বিৰিয়ানি আদি বিতৰণ কৰে ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ ২০ জনীয়া ছাত্ৰৰ দল এটাই।
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ ২০ জনীয়া ছাত্ৰৰ দলটোক লৈ তত্ত্বাৱধায়ক ৰাজেশ কুমাৰ আগৰৱালে বুঢ়া জামে মছজিদত ইফটাৰ বিতৰণ কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে বিভিন্ন মছজিদ আৰু সামাজিক অনুষ্ঠানত ইফটাৰ বিতৰণ কৰিছে। ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীয়ে সম্পূৰ্ণ নিজাববীয়াকৈ 'ৰয়েল অন্ন সেৱা'ৰ জৰিয়তে বিগত ৬ বছৰ ধৰি খাদ্য বিতৰণ কৰি আহিছে।
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ ছাত্ৰসকলে ইফটাৰ বিতৰণ কৰা মুহূৰ্তত
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজেশ কুমাৰ আগৰৱালাই কয়; "এই কামটো কৰি আমাৰ অত্যন্ত ভাল লাগে, সুখী অনুভৱ কৰোঁ আৰু মনৰ ভিতৰৰ পৰা শান্তি লাভ কৰোঁ। ইয়াৰ পূৰ্বে আমি মালিগাঁৱৰ মছজিদ আৰু বেলেগ বেলেগ ঠাইত ইফটাৰ বিতৰণ কৰিছোঁ। তদুপৰি ৰমজানৰ পূৰ্বে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চৌহদ, এইমছ, শুকলেশ্বৰ মন্দিৰ আদিত খাদ্য বিতৰণ কৰি আহিছো। আমি সম্পূৰ্ন নিজাববীয়াকৈ এই কামটো কৰি আহিছোঁ। ৰোজাদাৰৰ মাজত পানী বটলৰ পৰা আৰম্ভ কৰি ফল-মূল, খেজুৰ, বিৰিয়ানি আদি বিতৰণ কৰা হৈছে।"
বুঢ়া জামে মছজিদত ইফটাৰ বিতৰণৰ এটি মুহূৰ্ত
বুঢ়া মছজিদৰ সাধাৰণ সম্পাদক নিজামূল হকে কয়; "আজি আমাৰ মাজত অসমৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীয়ে ইফটাৰ যোগান ধৰিছে। মই তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। প্ৰথমতে ইউনিভাৰ্ছিটীখনৰ কৰ্তৃপক্ষই আমাক যোগাযোগ কৰিছে৷ তেওঁলোকে কয় আমি ইফটাৰ দিব বিচাৰো। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাইত ইতিমধ্যে ইফটাৰ যোগান ধৰি আহিছে। তেওঁলোকে আমাৰ পৰা এদিনৰ খৰচৰ হিচাপ বিচাৰিছিল। আমি খৰচৰ কথা কওঁতে তেওঁলোকে অলপ বেছিকৈ বা ডাঙৰকৈ দিব বিচাৰিছিল। আৰু তেওঁলোকৰ ছাত্ৰই নিজেই ইফটাৰ বিতৰণ কৰিবলৈ আহিছে। এই কথাবোৰৰ পৰাই এটা ভাল বাৰ্তা যায়।"
বুঢ়া জামে মছজিদৰ সম্পাদক নিজামুল হকে গৌৰৱেৰে কয় যে যিসময়ত এচাম অসাধু লোকে সমাজখন বিভাজিত কৰাৰ বাবে যি অপচেষ্টা চলাই আহিছে, তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ কামবোৰ একো একোটা মোক্ষম আঘাত। অসমত মানৱতা আৰু ভাতৃত্ববোধ এতিয়াও জীয়াই আছে আৰু সদায় থাকিব। মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এইবোৰ চাওক। কিছু সংখ্যক মানুহে সমাজখনলৈ বিভাজন অনাৰ চেষ্টা চলাব পাৰে, কিন্তু সমাজত এনে শক্তিও আছে যিয়ে সমাজ একত্ৰিত কৰে। ভাতৃত্ববোধ আৰু মানৱতাবাদ এতিয়াও জীয়াই আছে আৰু সদায় থাকিব।
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ ছাত্ৰসকলে ইফটাৰ বিতৰণ কৰা মুহূৰ্তত
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ ছাত্ৰ ৰফিড আৰ্ফ আখতাৰে কয়; "আমি ২০ গৰাকী ছাত্ৰ আহিছোঁ ইয়ালৈ। আজি আমি অত্যন্ত সুখী। ইয়াত আমি নিজেই ইফটাৰ বিলাইছো। আমি কেৱল ৰোজা বুলিয়ে নহয়, আমাৰ 'ৰয়েল অন্ন সেৱা'ৰ জৰিয়তে বিভিন্ন ঠাইত খাদ্য বিতৰণ কৰোঁ। বিগত ৬ বছৰ ধৰি ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীয়ে এই কামটো কৰি আহিছে।"
উল্লেখযোগ্য যে, বুঢ়া জামে মছজিদত এইদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইফটাৰ বিতৰণ কৰে। তদুপৰি মছজিদ কৰ্তৃপক্ষই ৰমজানৰ প্ৰতিটো দিনতেই প্ৰায় ২৫০ ৰ পৰা ৩০০ মানুহক চেহেৰী যোগান ধৰে আৰু ৫০০ ৰ পৰা ৭০০ ৰোজাদাৰক ইফটাৰ যোগান ধৰে।
গুৱাহাটীৰ বুঢ়া জামে মছজিদ কমিটীৰ জাকাত ফান্দৰ তৰফৰ পৰাও এক বৃহৎ পৰিমাণৰ জাকাত আদায় কৰা হয়। এই জাকাতৰ জৰিয়তে দৰিদ্ৰ লোকসকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হয়। বহু বছৰ আগৰ পৰাই এই জাকাত ফান্দত আৰ্থিকভাৱে টনকিয়াল লোকে দান-বৰঙণি আগবঢ়াই আহিছে। বুঢ়া মছজিদ কমিটীয়ে সেই জাকাত ফাণ্ডৰ পৰাই দৰিদ্ৰসকলক কেৱল জাকাত হিচাপত পইচা দিয়াই নহয়, সেই টকাৰে তেঁওলোকক সংস্থাপন দিয়াৰো ব্যৱস্থা কৰে। ইতিমধ্যেই বুঢ়া জামে মছজিদ কমিটীয়ে জাকাত ফান্দৰ পৰাই বহু দৰিদ্ৰ লোকক চিলাই মেচিন, ৰিক্সা, ঠেলা আদি আগবঢ়াইছে আৰু মগনীয়াৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে।