ৰঙিয়াৰ ফাৰিহা আঞ্জুমৰ চমক; পোন্ধৰ বছৰ বয়সতে গঢ়িলে 'এছিয়ান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'

Story by  Ariful Islam | Posted by  Munni Begum • 1 Months ago
ৰঙিয়াৰ এগৰাকী উদীয়মান কিশোৰী কবি ফাৰিহা আঞ্জুম
ৰঙিয়াৰ এগৰাকী উদীয়মান কিশোৰী কবি ফাৰিহা আঞ্জুম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
বৰ্তমান একাংশ কিশোৰ-কিশোৰীয়ে ম’বাইল চাই সময় অপচয় কৰাৰ সময়তে, কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী উদীয়মান কিশোৰী কবিয়ে নিজৰ অনন্য প্ৰতিভাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। কিশোৰীগৰাকীয়ে বিখ্যাত 'এছিয়ান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিবিষ্ট কৰি সমগ্ৰ অঞ্চলটোলৈ অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনিছে। কবিতাৰে জগত জিনা মেধাৱী কিশোৰীগৰাকী হৈছে ৰঙিয়াৰ তিতকুৰিৰ ফাৰিহা আঞ্জুম (নেইনা)। মেধাৱী কিশোৰীগৰাকী ৰঙিয়াৰ ছাৰ্চ পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। বৰ্তমানলৈ ফাৰিহাই ৩০০ ৰো অধিক কবিতা লিখি উলিয়াইছে।
 
মাতৃত্বৰ চিৰন্তন আৰু নিঃস্বাৰ্থ প্ৰেমক শব্দৰ মালাৰে সজাই ফাৰিহাই এই বিৰল কৃতিত্ব অৰ্জন কৰিছে। শেহতীয়াকৈ নতুন দিল্লীৰ ‘ব্লু ষ্টাৰ পাব্লিকেচন’ৰ উদ্যোগত মাতৃ দিৱস উপলক্ষে আয়োজিত ‘লাভ লেটাৰ্ছ টু মা’ নামৰ এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই ঐতিহাসিক অনুষ্ঠানটোত সমগ্ৰ বিশ্বৰ ৭০০ তকৈও অধিক প্ৰতিভাশালী লেখকে অংশগ্ৰহণ কৰি মাতৃৰ ত্যাগ, অপৰিসীম মৰম আৰু অমূল্য ভূমিকাক সুঁৱৰি চিঠি, গল্প আৰু কবিতা সৃষ্টি কৰিছিল। এই মৰ্যাদাপূৰ্ণ মঞ্চখনত ৰঙিয়াৰ ফাৰিহা অঞ্জুমেও নিজৰ আৱেগিক আৰু হৃদয়স্পৰ্শী কবিতাৰে বিশ্বৰ শ শ লেখকৰ মাজত নিজৰ স্থান সুৰক্ষিত কৰে আৰু ‘এছিয়ান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম খোদিত কৰিবলৈ সক্ষম হয়।
 
 
বৈতুল্লাহ শইকীয়া আৰু ৰুমা বেগমৰ কন্যা ফাৰিহা অঞ্জুমৰ এই সফলতাই প্ৰমাণ কৰিছে যে প্ৰতিভা আৰু একাগ্রতা থাকিলে বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। ছাৰ্চ পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ এই ছাত্ৰীগৰাকীয়ে পঢ়া-শুনাৰ সমান্তৰালভাৱে সৰুৰে পৰাই সাহিত্য চৰ্চা, বিশেষকৈ কবিতা লিখাৰ সৈতে গভীৰভাৱে জড়িত আছিল। মনৰ ভাববোৰক কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰা ফাৰিহাৰ শব্দৰ গাঁথনি আৰু আৱেগিক প্ৰকাশভংগী সঁচাকৈয়ে প্ৰশংসনীয়।
 
সৰুৰে পৰা লিখা-মেলাৰ প্ৰতি আকৰ্ষণ আছিল ফাৰিহাৰ। পঞ্চম শ্ৰেণীৰ পৰাই প্ৰবন্ধ, কবিতা লিখা অভ্যাস আছিল ছাত্ৰীগৰাকীৰ। আৱাজ - দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত ফাৰিহা আঞ্জুমে কয়ঃ "মই ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে লিখোঁ। মই অনলাইন মাধ্যমেৰে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ। ঠিক তেনেদৰে মাতৃ দিৱস উপলক্ষে আয়োজিত এই প্ৰতিযোগিতাখনত ভাগ লৈছিলোঁ। তাৰ পিছত মোৰ নাম 'এছিয়ান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নাম সন্নিবিষ্ট হ'ল।"
 
উল্লেখ্য যে, মেধাৱী ছাত্ৰীগৰাকীয়ে ইতিমধ্যে ১০০ টা কবিতাৰে 'Ceiling Know All My Secrets' নামেৰে নিজৰ এখন কবিতা পুথিও প্ৰকাশ কৰিছে।মেধাৱী ছাত্ৰীগৰাকীয়ে এখন উপন্যাস আৰু এখন কবিতা পুথি অহা মাহত প্ৰকাশ কৰিব। কিতাপ দুখনৰ কাম প্ৰায় সমাপ্ত হৈছে, মাত্ৰ চপা কাম বাকী আছে বুলি ফাৰিহাই জানিবলৈ দিয়ে। 
 
ফাৰিহা আঞ্জুমে অধ্যয়ন কৰি থকা এক মূহুৰ্ত
 
"প্ৰথমতে মই 'Writer Connect India' নামৰ সামাজিক মাধ্যমৰ এখন মঞ্চৰ প্ৰতিযোগিতাত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত মোক তাত সহ-প্ৰতিষ্ঠাপক হিচাপে নিমুক্তি দিলে। বৰ্তমান মই চিনেমাৰ ষ্টৰী এটা লিখাৰো কাম কৰি আছো। ভৱিষ্যতে মোৰ লিখা-মেলা অব্যাহত থাকিব আৰু মই এগৰাকী মনোবিজ্ঞানী আৰু ৰাজনীতিবিদ হ'বলৈ বিচাৰো।" — ফাৰিহা আঞ্জুমে কয়। 
 
ফাৰিহা আঞ্জুমৰ পিতৃ বৈতুল্লাহ শইকীয়াই কয়ঃ "মোৰ ছোৱালীজনীয়ে যে ইমান কম বয়সত এই ডাঙৰ সফলতা অৰ্জন কৰিব পাৰিব, মই ভবাই নাছিলোঁ। অত্যন্ত সুখী অনুভৱ কৰিছোঁ। সৰুৰে পৰা মোৰ ছোৱালীজনীক মই যিমান পাৰোঁ ভাল সা-সুবিধা দিবৰ বাবে চেষ্টা কৰিছোঁ। তাই আৰু সুনাম কঢ়িয়াই আনক আৰু ভাল কৰক।"
 
উল্লেখ্য যে, ফাৰিহাৰ এই ঐতিহাসিক সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত শুভাকাংক্ষীয়ে ভিৰ কৰে। বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু সহপাঠীসকলেও ফাৰিহাৰ এই সফলতাত অত্যন্ত আনন্দ প্ৰকাশ কৰিছে। ছাৰ্চ পাব্লিক স্কুলৰ তৰফৰ পৰা জনোৱা হৈছে যে ফাৰিহা কেৱল এগৰাকী মেধাৱী ছাত্ৰীয়েই নহয়, তেওঁৰ ভিতৰত থকা সাহিত্যিক প্ৰতিভাই আজি বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোৰ নাম আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলাই তুলিলে।
 
ফাৰিহা আঞ্জুমে অৰ্জন কৰা বঁটা
 
মাতৃ আৰু সন্তানৰ মাজৰ চিৰন্তন বন্ধনক শব্দৰ ৰূপ দিয়া ‘লাভ লেটাৰ্ছ টু মা’ অনুষ্ঠানটোত লাভ কৰা এই স্বীকৃতিয়ে ফাৰিহাক ভৱিষ্যতে সাহিত্য জগতত আৰু এখোজ আগুৱাই যাবলৈ নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব। লগতে ফাৰিহাৰ এই সাফল্যই নতুন প্ৰজন্মকো যথেষ্ট অনুপ্ৰাণিত কৰিব।