আঁচনিখনৰ এটা মূল বৈশিষ্ট্য হৈছে বিদেশী চিকিৎসা স্নাতক পৰীক্ষা (এফএমজিই)ৰ বাবে নিয়মীয়া প্ৰশিক্ষণ প্ৰদান কৰা, যিয়ে বিদেশী প্ৰশিক্ষিত চিকিৎসা স্নাতকসকলে ভাৰতত চিকিৎসা বিজ্ঞানৰ অনুশীলন কৰিবলৈ ক্লিয়াৰ কৰিব লাগিব। চিকিৎসা পাঠ্যক্ৰমৰ প্ৰথম বছৰৰ পৰাই আৰম্ভ হ’ব এই প্ৰশিক্ষণ।
ড০ কাদিৰে ঘোষণা কৰে যে, এই কাৰ্যসূচীৰ অধীনত নামভৰ্তি কৰা প্ৰথম ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে ২০২৬ চনৰ শৈক্ষিক অধিবেশনৰ বাবে বিশেষ বৃত্তি লাভৰ বাবে যোগ্যতা লাভ কৰিব। নীট নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ টিউচন মাচুলৰ ২৫, ৫০, ৭৫, বা ১০০ শতাংশ ৰেহাই দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক এফএমজিই প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী বছৰবোৰতো এই বৃত্তি অব্যাহত ৰখা হ’ব।
শ্বাহীন গ্ৰুপ অৱ ইনষ্টিটিউচন
বৰ্তমান তাজিকিস্তানৰ এমএছআইটি আৰু কিৰ্গিস্তানৰ দক্ষিণ এছিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি মুকলি হৈ আছে। চিকিৎসা বিজ্ঞানৰ উচ্চাকাংক্ষী ছাত্ৰ-ছাত্ৰীসকলক সময়মতে পঞ্জীয়ন কৰি সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ড° কাদিৰে।
কোৰাণ মুখস্থকাৰীসকলৰ নীট ২০২৬ত উজ্জ্বল সাফল্য
ইয়াৰ মাজতে আন এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে বিদাৰৰ শ্বাহীন প্ৰি-ইউনিভাৰ্চিটি কলেজে। পৱিত্ৰ কোৰাণ সম্পূৰ্ণ মুখস্থ (হিফজ) কৰা ২২ জন শিক্ষাৰ্থীয়ে নীট ২০২৬ পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।
সফল শিক্ষাৰ্থীসকলক অভিনন্দন জনাই ড° আব্দুল কাদিৰে কয় যে, এই সাফল্যে প্ৰমাণ কৰিছে যে, ধৰ্মীয় শিক্ষা আৰু আধুনিক বিজ্ঞানভিত্তিক শিক্ষা পৰস্পৰৰ প্ৰতিদ্বন্দ্বী নহয়; বৰঞ্চ দুয়োটাই একেলগে শিক্ষাৰ্থীক সৰ্বোচ্চ সাফল্যৰ পথ দেখুৱাব পাৰে
তেওঁ কয়, "এই অসাধাৰণ প্ৰদৰ্শনে প্ৰমাণ কৰে যে, যেতিয়া শিক্ষাৰ্থীয়ে কোৰাণ আৰু ছুন্নাহৰ শিক্ষাৰ লগতে মানসম্পন্ন আধুনিক শিক্ষা, সঠিক দিশ-নিৰ্দেশনা আৰু অনুকূল শিক্ষাৰ পৰিৱেশ লাভ কৰে, তেতিয়া তেওঁলোকে নীটৰ দৰে কঠিন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাতো সফল হ'ব পাৰে।"
শ্বাহীন গ্ৰুপৰ শৈক্ষিক দৰ্শন
শ্বাহীন গ্ৰুপৰ শৈক্ষিক দৰ্শন কবি-দাৰ্শনিক আল্লামা ইকবালৰ ‘শ্বাহীন’ (ঈগল) ধাৰণাৰ পৰা অনুপ্ৰাণিত হৈছে। এই ধাৰণাই উচ্চ লক্ষ্য, চোকা দৃষ্টি, আত্মনিৰ্ভৰশীলতা, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতীক।
সংস্থাটোৰ বিশ্বাস যে, কোৰাণ আৰু ছুন্নাহৰ নৈতিক আদৰ্শৰ সৈতে আধুনিক শিক্ষাৰ সমন্বয় ঘটালে শিক্ষাৰ্থীসকল কেৱল পেছাগতভাৱে সফল নহয়, সমাজৰ দায়িত্বশীল নাগৰিক হিচাপেও গঢ় লৈ উঠিব পাৰে।
প্ৰতিনিধিত্বমুলক ফটো
শ্বাহীন গ্ৰুপৰ মতে, গণতান্ত্ৰিক আৰু সমতাভিত্তিক সমাজত প্ৰতিগৰাকী শিশুৰেই মানসম্পন্ন শিক্ষা লাভ কৰাৰ সমান অধিকাৰ আছে। সংস্থাটোৰ লক্ষ্য কেৱল নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ বিস্তাৰ নহয়; বৰঞ্চ মেধাৰ ভিত্তিত শিক্ষাৰ্থীসকলক চৰকাৰী চিকিৎসা, অভিযান্ত্ৰিক আৰু অন্যান্য সন্মানীয় পেছাগত প্ৰতিষ্ঠানত প্ৰৱেশৰ যোগ্য কৰি তোলা।
প্ৰতিষ্ঠানটোৰ মতে, প্ৰকৃত সফলতা কেৱল শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাত নহয়, বৰঞ্চ শিক্ষাৰ জৰিয়তে সমাজক শক্তিশালী কৰা আৰু ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পৰা নাগৰিক গঢ়ি তোলাত নিহিত হৈ আছে।
ইয়াৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত প্ৰতিজন শিশুক গুণগত শিক্ষা প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক দায়বদ্ধতাক লালন-পালন কৰা, শিক্ষক-ছাত্ৰৰ সম্পৰ্ক শক্তিশালী কৰা, শিক্ষিত ব্যক্তিসকলক এখন উন্নত সমাজ গঢ়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰস্তুত কৰা আদি অন্তৰ্ভুক্ত।