৬৮ দিনত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ দৌৰি এক নতুন বিশ্ব অভিলেখ ৰচনা ছুফিয়া ছুফিৰ

Story by  atv | Posted by  Munni Begum • 6 h ago
বিখ্যাত আল্ট্ৰা ডিষ্টেন্স দৌৰবিদ ছুফিয়া ছুফি
বিখ্যাত আল্ট্ৰা ডিষ্টেন্স দৌৰবিদ ছুফিয়া ছুফি
 
নতুন দিল্লী
 
ভাৰতৰ বিখ্যাত আল্ট্ৰা ডিষ্টেন্স দৌৰবিদ ছুফিয়া ছুফিয়ে ৪,১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰৰ পথ মাত্ৰ ৬৮ দিনত ২৩ ঘণ্টাত অতিক্ৰম কৰি এক নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। সোমবাৰে তেওঁ কাশ্মীৰৰ ভূমিত ভৰি দি সামাজিক মাধ্যম এক্সত এই ঐতিহাসিক সাফল্যৰ কথা ঘোষণা কৰে।
 
জয়পুৰৰ ৩৯ বছৰীয়া এই বিশ্ব অভিলেখধাৰীগৰাকীয়ে বৰ্তমান কন্যাকুমাৰীৰ পৰা কাৰাকোৰামলৈ চলি থকা দীৰ্ঘ যাত্ৰাত অংশগ্ৰহণ কৰিছে। ডাল হ্ৰদৰ পাৰত কাশ্মীৰৰ ভূমিক শ্ৰদ্ধাৰে প্ৰণাম জনাওঁতে তেওঁ আৱেগিক হৈ পৰে। সেই মুহূৰ্তৰ অনুভূতিও তেওঁ এক্সত শ্বেয়াৰ কৰে। তেওঁৰ এই দৌৰ ভাৰতীয় সশস্ত্ৰ বাহিনীক উৎসৰ্গা কৰা হৈছে।
ছুফিয়াই লিখিছে, "এই দৌৰ আৰম্ভ কৰাৰ সময়তেই মই জানিছিলোঁ যে, এই পথটোৱে মোক প্ৰতিটো ক্ষেত্ৰতেই কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰিব। অসহ্য গৰম, অবিৰাম বৰষুণ, ব্যস্ত যান-জঁট, পাহাৰীয়া পথ, শাৰীৰিক বিষ, ক্লান্তি এনে বহু মুহূৰ্ত আহিছিল যেতিয়া মোৰ শৰীৰে থমকি ৰ’ব বিচাৰিছিল। কিন্তু মই সদায় মনত ৰাখিছিলোঁ যে মই কিয় এই যাত্ৰা আৰম্ভ কৰিছিলোঁ।"  
 
তেওঁ আৰু কয়, "এই অভিলেখ কেৱল মোৰ নহয়। এইটো সেই সকলো লোকৰ, যিসকলে পথৰ কাষত থিয় হৈ মোক উৎসাহ দিছিল, মোৰ সৈতে বহু দূৰ দৌৰিছিল, সাহস যোগোৱা প্ৰতিগৰাকী জোৱান, মোৰ সুৰক্ষাৰ বাবে কৰা প্ৰতিটো প্ৰাৰ্থনা, আৰু প্ৰতিটো বাৰ্তা, যিয়ে মোক আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰিছিল।"  
ছুফিয়াই স্পষ্টকৈ কয় যে, তেওঁৰ এই অভিযান কেৱল বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যেই নহয়। তেওঁ কয়, "আমি দেখুৱাইছোঁ যে, অটল বিশ্বাস, সাহস আৰু ধাৰাবাহিক প্ৰচেষ্টাই কি সম্ভৱ কৰি তুলিব পাৰে।"
 
তেওঁ লগতে জনায় যে, কাৰাকোৰামলৈ গৈ পোৱাৰ মূল লক্ষ্য পূৰণ নোহোৱালৈকে তেওঁৰ এই যাত্ৰা অব্যাহত থাকিব।
বৰ্তমান ছুফিয়া ছুফিয়ে ‘ৰান ফৰ ড্ৰিমছ’ (Run for Dreams) শীৰ্ষক ৫,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কন্যাকুমাৰী-কাৰাকোৰাম যাত্ৰা অব্যাহত ৰাখিছে। ভাৰতীয় সশস্ত্ৰ বাহিনীক উৎসৰ্গিত এই দৌৰৰ জৰিয়তে তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ-ত নিজৰ ষষ্ঠটো বিশ্ব অভিলেখ স্থাপন কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে। 


শেহতীয়া খবৰ