কোৰাণৰ নাৰীসকল হৈছে প্ৰেৰণাদায়ক ব্যক্তিত্ব

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ইমান ছাকিনা    
 
কোৰাণত নাৰীসকলক ইতিহাসৰ কোনো এটি কোণত নীৰৱে থকা ব্যক্তি হিচাপে নহয়, বিশ্বাস, শক্তি, বুদ্ধিমত্তা আৰু নৈতিক সাহসৰ ব্যক্তি হিচাপে উপস্থাপন কৰা হৈছে। তেওঁলোকৰ কাহিনীবোৰ কেৱল ঐতিহাসিক পৰিঘটনা নহয়; সেইবোৰ হৈছে শেষ সময়লৈকে মানৱ জাতিক পথ প্ৰদৰ্শন কৰিব পৰা জীৱন্ত শিক্ষা। 
 
কোৰাণত উল্লেখ কৰা অসাধাৰণ মহিলাসকলৰ জীৱনৰ জৰিয়তে বিশ্বাসীসকলক দেখুওৱা হৈছে যে, আধ্যাত্মিক উৎকৰ্ষতা লিংগ, সামাজিক অৱস্থান বা জীৱনৰ পৰিস্থিতিৰদ্বাৰা নিৰ্ধাৰিত নহয়। বৰং ই বিশ্বাস, চৰিত্ৰ, আল্লাহৰ প্ৰতি থকা ভক্তিৰ ওপৰত নিৰ্ভৰ কৰে। 
 
 
মহিলাৰ ওপৰত কোৰাণৰ দৃষ্টিভংগী
 
আৰম্ভণিৰে পৰাই কোৰাণে স্পষ্ট কৰি দিছে যে, পুৰুষ আৰু মহিলা আধ্যাত্মিকভাৱে সমান। দুয়োজনেই দায়িত্বশীল নৈতিক সত্তা, যিয়ে নিজৰ কৰ্মৰ বাবে জবাবদিহি হ’ব। ধাৰ্মিকতা, ধৈৰ্য্য, ত্যাগ, আন্তৰিকতা আদি গুণবোৰক প্ৰতিজন বিশ্বাসীয়ে লাভ কৰিব পৰা মূল্যবোধ হিচাপে দেখুওৱা হৈছে। কোৰাণত নাৰীক চিন্তাবিদ, সিদ্ধান্ত গ্ৰহণকাৰী, নেতা, মাতৃ আৰু সত্যৰ সন্ধানকাৰী হিচাপে বৰ্ণনা কৰা হৈছে। 
 
তেওঁলোকৰ কাহানীবোৰে সাংস্কৃতিক কু-সংস্কাৰক প্ৰত্যাহ্বান জনায় আৰু পাঠকক সোঁৱৰাই দিয়ে যে, অতিশয় কঠিন পৰিস্থিতিৰ সময়ত বিশ্বাস প্ৰায়ে শক্তিশালী হৈ উঠে।
 
মৰিয়ম (মেৰী): বিশুদ্ধতা আৰু বিশ্বাসৰ প্ৰতীক
 
সকলো নাৰীৰ ভিতৰত কোৰাণত মৰিয়মৰ অতি বিশেষ আৰু সন্মানীয় স্থান আছে। তেওঁ হৈছে একমাত্ৰ মহিলা যিগৰাকীৰ নাম উল্লেখ আছে আৰু আনকি তেওঁৰ বাবে উৎসৰ্গিত এটা সম্পূৰ্ণ অধ্যায়ও আছে। তেওঁৰ জীৱনে অত্যন্ত কঠিন মুহূৰ্তত আল্লাহৰ ওপৰত সম্পূৰ্ণ আস্থা  প্ৰতিফলিত কৰিছে।
 
কোৰাণত উল্লেখ কৰা মৰিয়াম আৰু তেওঁৰ পুত্ৰৰ প্ৰতিনিধিত্বমূলক ছবি
 
এক ঐশ্বৰিক অভিযানৰ বাবে নিৰ্বাচিত হোৱা মৰিয়ামে সামাজিক বিচ্ছিন্নতা, ভয় আৰু অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছিল। তথাপিও তেওঁ হতাশাৰে কোনো উত্তৰ দিয়া নাছিল। বৰঞ্চ তেওঁ আল্লাহৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ কাহিনীয়ে শিকাইছে যে, সমাজে ভুল বুজাবুজি বা অন্যায়ভাৱে বিচাৰ কৰিলেও সত্যৰ লগত থিয় হৈ থাকিলে প্ৰকৃত মৰ্যাদা লাভ কৰিব পাৰি।
 
মৰিয়মৰ আদৰ্শই নাৰী আৰু পুৰুষ উভয়কে নিজৰ বিশ্বাস বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে, যেতিয়া জীৱনে অপ্ৰত্যাশিত প্ৰত্যাহ্বান কঢ়িয়াই আনে। প্ৰকৃত সন্মান আল্লাহৰ ঘনিষ্ঠতাৰ পৰাই লাভ কৰি পৰা যায়, জনসাধাৰণৰ অনুমোদনৰ পৰা নহয়।
 
ফিৰাউণৰ পত্নী: অত্যাচাৰৰ মাজতো বিশ্বাস
 
কোৰাণৰ আন এক শক্তিশালী উদাহৰণ হৈছে ইছলামিক পৰম্পৰাত আছিয়া নামেৰে পৰিচিত ফিৰাউণৰ বিশ্বাসী পত্নী। ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অত্যাচাৰীৰ ৰাজপ্ৰসাদত তেওঁ বাস কৰিছিল, যদিও তেওঁ ধন-সম্পত্তি আৰু বিশেষাধিকাৰৰ সলনি বিশ্বাসক বেছি  গুৰুত্ব দিছিল।
 
তেওঁৰ সম্পত্তি আৰু ক্ষমতা থকাৰ পিছতো তেওঁ সত্যক স্বীকাৰ কৰিছিল আৰু নবী মুছাক সমৰ্থন  কৰিছিল। তেওঁৰ এই বিখ্যাত আবেদনে আল্লাৰ ওচৰত জান্নাতত আশ্ৰয় বিচাৰিছে, যিয়ে দেখুৱাইছে যে আধ্যাত্মিক স্বাধীনতা অত্যাচাৰী পৰিৱেশতো সম্ভৱ হয়।
 
তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে, পৰিস্থিতিয়ে ব্যক্তিৰ বিশ্বাসক সংজ্ঞায়িত নকৰে। কোনোবাই হয়তো অন্যায়ৰ মাজত জীয়াই থাকে, কিন্তু তথাপিও নৈতিকভাৱে সবল আৰু আধ্যাত্মিকভাৱে দৃঢ় হৈ থাকে।
 

কোৰাণত উল্লেখ কৰা  ফিৰাউণ আৰু তেওঁৰ পত্নী আছিয়াৰ প্ৰতিনিধিত্বমূলক ছবি
 
মুছাৰ মাতৃ: বিশ্বাসত শিপাই থকা সাহস
 
কোৰাণত নবী মুছাৰ মাতৃৰ বিষয়েও উল্লেখ কৰা হৈছে। যদিও তেওঁৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও তেওঁৰ সাহসে স্পষ্টকৈ কয়। যেতিয়া আল্লাহে তেওঁক নিজৰ কেঁচুৱা পুত্ৰক অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ নদীত উতুৱাই দিবলৈ আদেশ দিছিল, তেতিয়া তেওঁ আল্লাহক স্বাভাৱিক মানুহৰ বুজাবুজিৰ বাহিৰত গৈ বিশ্বাস কৰিছিল। 
 
এই মুহূৰ্তটোৱে বিশ্বাসৰ অন্যতম গভীৰ আস্থাৰ প্ৰতীক। যি ভয়ক জয় কৰি কাৰ্য কৰিছে। তেওঁৰ কাহিনীয়ে আল্লাহৰ ওপৰত আস্থাৰে পৰিচালিত মাতৃৰ প্ৰেমৰ শক্তিক প্ৰতিফলিত কৰে।  

শ্বেবাৰ ৰাণী: প্ৰজ্ঞা আৰু নেতৃত্ব
 
কোৰাণত শ্বেবাৰ ৰাণীক এগৰাকী জ্ঞানী আৰু চিন্তাশীল শাসক হিচাপে উপস্থাপন কৰা হৈছে। যেতিয়া তেওঁ নবী ছুলেইমানৰ পৰা বাৰ্তা লাভ কৰিছিল তেতিয়া তেওঁ অহংকাৰ বা ক্ষীপ্ৰ সিদ্ধান্তৰে কোনো উত্তৰ দিয়া নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ তেওঁৰ পৰামৰ্শদাতাসকলৰ সৈতে আলোচনা কৰিলে, প্ৰমাণবোৰ মূল্যায়ন কৰিলে আৰু অৱশেষত সত্যক গ্ৰহণ কৰিলে।
 
তেওঁৰ কাহিনীয়ে ভাল নেতৃত্বৰ গুণাগুণসমূহ উন্মোচিত কৰে: পৰামৰ্শ, নম্ৰতা, কূটনীতি আৰু পথ প্ৰদৰ্শনৰ প্ৰতি মুকলি। এইদৰে কোৰাণ নাৰীৰ বৌদ্ধিক আৰু ৰাজনৈতিক সামৰ্থ্যক স্বীকাৰ কৰে, নেতৃত্বক লিংগৰ পৰিৱৰ্তে জ্ঞানৰ বিষয় হিচাপে উপস্থাপন কৰে।
 
কোৰাণত উল্লেখ কৰা নবী মুছাৰ মাতৃৰ প্ৰতিনিধিত্বমূলক ছবি
 
কোৰাণৰ নাৰীসকলৰ পৰা শিক্ষা
 
কোৰাণত উল্লেখ কৰা মহিলাসকলে কালজয়ী নিৰ্দেশনা প্ৰদান কৰেঃ
 
১/ বিশ্বাসে পৰিস্থিতিক অতিক্ৰম কৰে।
 
ৰাজপ্ৰসাদতেই হওক বা কষ্টৰ মাজতেই হওক, বিশ্বাস ব্যক্তিগত পছন্দ হৈয়েই থাকে।
 
২/ ধৈৰ্য্য শক্তি, দুৰ্বলতা নহয়।
 
বহু কোৰানীক নাৰীয়ে নীৰৱে পৰীক্ষা সহ্য কৰিছিল, যদিও আধ্যাত্মিকভাৱে বিজয়ী হৈ ওলাই আহিছিল।
 
৩/ নৈতিক সাহসেই গুৰুত্বপূৰ্ণ।
 
সত্যৰ পক্ষত থিয় দিবলৈ প্ৰায়ে সামাজিক হেঁচা বা কৰ্তৃত্বক প্ৰতিহত কৰাৰ প্ৰয়োজন হয়।
 
৪) জ্ঞান আৰু প্ৰতিফলন গুণ।
 
শ্বেবাৰ ৰাণীৰ কাহিনীয়ে চিন্তাশীল সিদ্ধান্ত গ্ৰহণ আৰু শিক্ষণক উৎসাহিত কৰে।
 
৫/ আল্লাহৰ ওপৰত থকা আস্থাই স্থিতিস্থাপকতা আনে।
 
মৰিয়মৰ পৰা মুছাৰ মাতৃলৈকে আল্লাহৰ ওপৰত নিৰ্ভৰশীলতাই ভয়ক আশালৈ ৰূপান্তৰিত কৰে। 

আধুনিক সময়ৰ বাবে প্ৰেৰণা
 
আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত মুছলমান মহিলাসকলে শিক্ষা, কেৰিয়াৰ, পৰিয়ালৰ দায়িত্ব আৰু সামাজিক প্ৰত্যাশাসমূহৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। কোৰাণে নাৰীসকলক এটা ভূমিকাত আৱদ্ধ কৰি ৰখা নাই; বৰঞ্চ ই উদ্দেশ্য, সততা আৰু ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।     

কোৰাণত উল্লেখ কৰা শ্বেবাৰ ৰাণীয়ে নবী ছুলেইমানক সাক্ষাৎ কৰাৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
কোৰাণৰ মহিলাসকলৰ কাহিনীবোৰে আধুনিক বিশ্বাসীসকলক সোঁৱৰাই দিয়ে যে, সফলতা কেৱল লৌকিক কৃতিত্বৰদ্বাৰা নহয় বৰঞ্চ ইয়াক আন্তৰিকতা, মমতা আৰু নৈতিক জীৱন-যাপনৰ দ্বাৰা জুখিব পাৰি। এই উদাহৰণবোৰে তুলনা বা সামাজিক চাপৰ পৰিৱৰ্তে বিশ্বাসত শিপাই থকা আত্মবিশ্বাসক উৎসাহিত কৰে।
 
তেওঁলোকৰ কাহিনীৰ ওপৰত চিন্তা কৰি, বিশ্বাসীসকলে আৱিষ্কাৰ কৰে যে, প্ৰকৃত শক্তি বিশ্বাসত নিহিত হৈ থাকে, প্ৰকৃত সন্মান আল্লাহৰ আজ্ঞা পালনত নিহিত থাকে আৰু প্ৰকৃত সফলতা উদ্দেশ্য আৰু বিশ্বাসৰ সৈতে বাস কৰাত নিহিত থাকে। কোৰাণত নাৰীৰ চিত্ৰণে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, মানৱতাক সোঁৱৰাই দি যে, আধ্যাত্মিক মহত্ব প্ৰত্যেক সৎ আত্মাৰ বাবে মুকলি।