আৱাজ - দ্য ভইচ / ৰিয়াদ
বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ শেহতীয়া ছৌদি আৰৱৰ ৰিয়াদ ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে। পশ্চিম এছিয়াৰ পৰা ইউৰোপলৈকে বিৰাজমান অস্থিৰতাৰ মাজত ডোভালৰ এই ভ্ৰমণ কেৱল এক গতানুগতিক বা সৌজন্যমূলক সাক্ষাৎ নাছিল। ইয়াৰ আঁৰত লুকাই আছে ভাৰতৰ এক সুদূৰপ্ৰসাৰী আৰু শক্তিশালী ৰণনীতি, যিয়ে বিশ্ব দৰবাৰত ভাৰতৰ পৰিপক্ব বৈদেশিক নীতিক প্ৰতিফলিত কৰিছে।
দেওবাৰে ডোভাল ৰিয়াদত উপস্থিত হয়। তাত তেওঁ ছৌদি আৰৱৰ শীৰ্ষ নেতৃত্বৰ সৈতে মিলিত হয়। ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকসমূহত দ্বিপাক্ষিক সম্পৰ্ক, শক্তি খণ্ডৰ সহযোগিতা আৰু আঞ্চলিক পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। ইয়ে ইংগিত দিয়ে যে ভাৰতে এতিয়া ছৌদি আৰৱৰ সৈতে সম্পৰ্ক অধিক গভীৰ আৰু সুদৃঢ় কৰিব বিচাৰিছে।
ডোভালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈঠকখন আছিল ছৌদি আৰৱৰ শক্তি মন্ত্ৰী প্ৰিন্স আব্দুল আজিজ বিন ছলমানৰ সৈতে। ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ এক বৃহৎ অংশ ছৌদি আৰৱৰ পৰা আমদানি কৰে। সেয়েহে, শক্তি নিৰাপত্তা সদায় ভাৰতৰ প্ৰাথমিকতাত থাকে। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য ক্ৰমাগতভাৱে সলনি হৈ আছে আৰু যোগান শৃংখলৰ ওপৰতো চাপ বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত এই আলোচনা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।
ইয়াৰ উপৰি ডোভালে ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী প্ৰিন্স ফয়জল বিন ফাৰহান আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা ড০ মুছায়েদ আল আইবানৰ সৈতেও আলোচনাত মিলিত হয়। এই বৈঠকসমূহত নিৰাপত্তা সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু চোৰাংচোৱা তথ্য আদান-প্ৰদানৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰা হয়। পশ্চিম এছিয়াৰ পৰিৱৰ্তনশীল পৰিস্থিতিও আলোচনাৰ অংশ আছিল। দুয়োখন দেশে সহমত প্ৰকাশ কৰে যে আঞ্চলিক সুস্থিৰতাৰ বাবে একেলগে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়।
যোৱা কেইবছৰমানৰ ভিতৰত ভাৰত আৰু ছৌদি আৰৱৰ সম্পৰ্ক দ্ৰুতগতিত সলনি হৈছে। আগতে এই সম্পৰ্ক কেৱল তেল আৰু প্ৰবাসী ভাৰতীয়সকলৰ মাজতেই সীমাবদ্ধ আছিল। এতিয়া ইয়াত প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু বিনিয়োগৰ দৰে নতুন ক্ষেত্ৰসমূহো সংযোজন হৈছে। দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিশ্বাসো বৃদ্ধি পাইছে আৰু সেইবাবেই এতিয়া দুয়োখন দেশ এক দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ দিশে অগ্ৰসৰ হৈছে।
ৰিয়াদ ভ্ৰমণৰ পূৰ্বে ডোভালে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিল। তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰতিৰক্ষা পৰিষদৰ সচিব ৰুস্তম উমেৰভক সাক্ষাৎ কৰিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা যুদ্ধৰ মাজতেই এই আলোচনা হৈছিল। এই সাক্ষাতে ভাৰতৰ ভাৰসাম্যপূৰ্ণ বৈদেশিক নীতিক পুনৰবাৰ প্ৰতিফলিত কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মতে, এই বৈঠকত দুয়োখন দেশৰ মাজৰ নিৰাপত্তা সম্পৰ্কৰ পৰ্যালোচনা কৰা হয়। লগতে ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ বিষয়েও আলোচনা কৰা হয়। ভাৰতে পুনৰ স্পষ্ট কৰি দিয়ে যে তেওঁলোকে আলোচনাৰ মাধ্যমেৰে এই যুদ্ধৰ শান্তিপূৰ্ণ সমাধান বিচাৰে। ভাৰতৰ এই স্থিতি পূৰ্বতেও স্পষ্ট হৈছে।
ভাৰতৰ বৈদেশিক নীতিৰ এই ভাৰসাম্যই এতিয়া দেশখনৰ মূল শক্তিত পৰিণত হৈছে। এফালে ভাৰতে ছৌদি আৰৱৰ দৰে গুৰুত্বপূৰ্ণ শক্তি অংশীদাৰৰ সৈতে সম্পৰ্ক মজবুত কৰিছে আৰু আনফালে ইউৰোপৰ জটিল বিষয়সমূহৰ ক্ষেত্ৰতো সমানেই যোগাযোগ অব্যাহত ৰাখিছে। সেইবাবেই বৰ্তমান ভাৰতক বিশ্বৰ বুকুত এখন নিৰ্ভৰযোগ্য দেশ হিচাপে গণ্য কৰা হৈছে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে। শক্তিৰ মূল্য বৃদ্ধি পাইছে, খাদ্য যোগান বাধাগ্ৰস্ত হৈছে আৰু বহু দেশৰ অৰ্থনীতিৰ ওপৰত চাপ পৰিছে। ডোভাল আৰু উমেৰভৰ মাজৰ আলোচনাত এই সকলোবোৰ বিষয় স্থান পাইছে। তেওঁলোকে এই কথা উপলব্ধি কৰিছে যে এই সংঘাত যিমানেই দীঘলীয়া হ'ব, ইয়াৰ প্ৰভাৱ সিমানেই ব্যাপক হ'ব।
ৰিয়াদৰ বৈঠকসমূহতো একেই বহল দৃষ্টিভংগী পৰিলক্ষিত হৈছে। ভাৰতে ইংগিত দিছে যে দেশখনে কেৱল নিজৰ স্বাৰ্থৰ কথাই ভবা নাই, বৰং আঞ্চলিক শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰতো এক সক্ৰিয় ভূমিকা পালন কৰিব বিচাৰে। ছৌদি আৰৱৰ সৈতে সহযোগিতা এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ভাৰতৰ দৃষ্টি এতিয়া পশ্চিম এছিয়াৰ ওপৰত আগতকৈ অধিক নিবদ্ধ হৈছে। উপসাগৰীয় দেশসমূহৰ সৈতে ক্ৰমবৰ্ধমান সম্পৰ্ক অৰ্থনৈতিক আৰু ৰণনীতিগত, দুয়োটা দিশৰ পৰাই অতি প্ৰয়োজনীয়। শক্তি, বিনিয়োগ আৰু নিৰাপত্তা- এই তিনিওটা খণ্ডতেই সহযোগিতা বৃদ্ধি পাইছে। ছৌদি আৰৱেও ভাৰতক এক সুস্থিৰ আৰু নিৰ্ভৰযোগ্য অংশীদাৰ বুলি গণ্য কৰে।
ডোভালৰ এই ভ্ৰমণে বহুবোৰ ইংগিত দি গৈছে। ই প্ৰমাণ কৰে যে ভাৰত এতিয়া বিশ্ব দৰবাৰত অধিক সক্ৰিয়। ভাৰতে এক সঠিক ভাৰসাম্য বজাই ৰাখি আগবাঢ়িব বিচাৰে। আগন্তুক দিনত এই আলোচনাসমূহৰ প্ৰভাৱ দুয়োখন দেশৰ সম্পৰ্কত স্পষ্টভাৱে দেখা যাব। লগতে, সামগ্ৰিক আঞ্চলিক পৰিস্থিতিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।