অহাইঅ’/ আমেৰিকা
আমেৰিকাৰ এক ৰাজহুৱা অনুষ্ঠানৰ সময়ত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। অহাইঅ’ৰ টলেড’ত অনুষ্ঠিত হোৱা অল্ড ৱেষ্ট এণ্ড ফেষ্টিভেলৰ সমীপতে হোৱা এই গুলীচালনাত ১২ জন লোক আহত হয়৷ এই তথ্য সদৰী কৰিছে আমেৰিকা আৰক্ষীয়ে৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷
টলেড’ আৰক্ষীৰ মতে, স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৫:৩৭ বজাত ওল্ড ৱেষ্ট এণ্ড ফেষ্টিভেলৰ কাষতে গুলীচালনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছিল। এই খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়৷
টলেড’ৰ উপ আৰক্ষী অধীক্ষক জো হেফাৰনানে জনোৱা মতে, "আহতসকলৰ দুজনৰ অৱস্থা অতি সংকটজনক। কমেও দুজন লোকে অস্ত্ৰ লৈ আহিছিল, সম্ভৱতঃ ইজনে সিজনক গুলীয়াইছিল, যাৰ ফলত কেবাজনো লোক আহত হয়।"
অহাইঅ’ৰ গভৰ্ণৰ মাইক ডিৱাইনে এক বিবৃতিত কয়, "আজি ৰাতি টলেড’ৰ পৰিস্থিতিক লৈ মই গভীৰভাৱে চিন্তিত হৈ পৰিছো। গ্ৰীষ্মকালীন উৎসৱসমূহত সকলোৱে একেলগে নিৰাপদ স্থানত সময় কটাব পৰা পৰিস্থিতি গঢ়ি তুলিব লাগে৷ ছ’চিয়েল মিডিয়াত পোষ্ট কৰা একাধিক ভিডিঅ’ত দেখা গৈছে যে বন্দুকৰ গুলীৰ শব্দ শুনাৰ পাছতে মানুহবোৰ দৌৰা-দৌৰি কৰিবলৈ ধৰে৷ ফলত কেবাজনো আহত হয়৷ মোৰ পত্নী আৰু মই এই কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু এই হিংসাৰ সৈতে জড়িতসকলক আইন প্ৰয়োগকাৰী সংস্থাই শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব।"
উল্লেখ্য যে, টলেড’ৰ ঐতিহাসিক জিলাখনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অ’ল্ড ৱেষ্ট এণ্ড ফেষ্টিভেলত লাইভ মিউজিক, খাদ্য বিক্ৰেতা, ঘৰ ভ্ৰমণ আৰু বজাৰ কৰা আদি অনুষ্ঠান অনুষ্ঠিত হয়। যাক "টলেড’ৰ গ্ৰীষ্মকালীন উৎসৱৰ বতৰৰ আৰম্ভণি" বুলি অভিহিত কৰা হয়৷