নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা সামৰিক সংঘাত দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে। এই সংঘাতৰ অংশস্বৰূপে আমেৰিকান সেনাই একেৰাহে ১১ নম্বৰ দিনৰ দিনা নিশা ইৰানৰ গুৰুত্বপূৰ্ণ কৌশলগত ঘাটিসমূহক লক্ষ্য কৰি ভয়ংকৰ বিমান আক্ৰমণ কৰে।
আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডৰ তত্ত্বাৱধানত চলোৱা এই বিশেষ সামৰিক অপাৰেচনত ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক আৰু লজিষ্টিকছ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হয়। আক্ৰমণত ক্ষতিগ্ৰস্ত মূল স্থানসমূহ এয়াৰক্ৰাফ্ট হেংগাৰ, ড্ৰোন ষ্ট’ৰেজ ছাইট, সামৰিক অপাৰেচন চেণ্টাৰ, সামুদ্ৰিক ক্ষমতা আৰু লজিষ্টিকছ আন্তঃগাঁথনি।
আমেৰিকাৰ দাবী অনুসৰি, এই ধাৰাবাহিক আক্ৰমণসমূহৰ মূল উদ্দেশ্য হৈছে ইৰানৰ সামৰিক শক্তিক সম্পূৰ্ণৰূপে দুৰ্বল কৰা আৰু বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ হৰমুজ প্ৰণালী ৰে চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰা।
এক আনুষ্ঠানিক তথ্য অনুসৰি, বিগত প্ৰায় তিনিটা মাহত ইৰানে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা ৩০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক জাহাজৰ ওপৰত আক্ৰমণ চলাইছে। ইৰানৰ এই আক্ৰমণসমূহৰ ফলত শ শ নাবিকৰ জীৱন সংকটত পৰাৰ লগতে বিশ্বজুৰি সামুদ্ৰিক ব্যৱসায়-বাণিজ্য তীব্ৰভাৱে ব্যাহত হৈ পৰিছিল।
এই ভয়ংকৰ আক্ৰমণ আৰু উত্তেজনাৰ পাছতো আমেৰিকান সেনাৰ সুৰক্ষা ব্যৱস্থাৰ বাবে হৰমুজ প্ৰণালী এতিয়াও বাণিজ্যিক জাহাজসমূহৰ চলাচলৰ বাবে মুকলি হৈ আছে বুলি আমেৰিকাই স্পষ্ট কৰি দিছে। পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰাত মধ্যপ্ৰাচ্যত এক বৃহৎ যুদ্ধৰ আশংকাই দেখা দিছে আৰু সমগ্ৰ বিশ্বৰ চকু এতিয়া এই সংঘাতৰ শেহতীয়া স্থিতিৰ ওপৰত নিৱদ্ধ হৈ পৰিছে।