পুনৰ পাকিস্তানত ভঙা হ'ল শতিকা পুৰণি মন্দিৰ

Story by  atv | Posted by  [email protected] • 1 h ago
পুনৰ পাকিস্তানত ভঙা হ'ল শতিকা পুৰণি মন্দিৰ
পুনৰ পাকিস্তানত ভঙা হ'ল শতিকা পুৰণি মন্দিৰ
 
নতুন দিল্লী
 
পাকিস্তানৰ নৰোৱাল জিলাৰ অন্তৰ্গত ছিৰাজ গাঁৱত থকা প্ৰায় এক শতিকা পুৰণি এটা ঐতিহাসিক হিন্দু মন্দিৰ ধ্বংস কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি পাকিস্তানত সংখ্যালঘুৰ সুৰক্ষা আৰু অধিকাৰৰ বিষয়টো পুনৰবাৰ উত্থাপন কৰিছে।
 
স্থানীয় লোকৰ অভিযোগ অনুসৰি, পাকিস্তানৰ নিষিদ্ধ ঘোষিত কট্টৰপন্থী সংগঠন 'তেহৰিক-ই-লাব্বাইক পাকিস্তান'ৰ সদস্যসকলে প্ৰায় ১০০ বছৰীয়া এই প্ৰাচীন মন্দিৰটো ভাঙি পেলায়। ধ্বংসকাৰ্যৰ পাছতেই দুৰ্বৃত্তই মন্দিৰৰ চূড়াত থকা মূল্যৱান ধাতৱ অংশ, ইটা আৰু অন্যান্য সামগ্ৰীসমূহ দ্ৰুতগতিত সেই স্থানৰ পৰা আঁতৰাই পেলায়। এই সমগ্ৰ ঘটনাৰ আঁৰত ভূমি দখলৰ এক পৰিকল্পিত চক্ৰান্ত নিহিত হৈ থকাৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে, পূৰ্বে 'এভাকুই ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডে' মন্দিৰৰ সমীপৰ মাটিখণ্ড এখন মাদ্ৰাছা নিৰ্মাণৰ বাবে লিজত দিছিল। কিন্তু কেইবাবছৰ ধৰি ভাড়া আদায় নিদিয়াৰ পৰিপ্ৰেক্ষিতত এই লিজ বাতিল কৰা হয়। ইয়াৰ পাছতেই উদ্দেশ্যপ্ৰণোদিতভাৱে মন্দিৰৰ ভূমি বেদখল কৰাৰ এই কুচকাৱাজ আৰম্ভ হয় বুলি অভিযোগ উঠিছে।
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ কাণ্ডক এক ‘গৰ্হণীয় আৰু উচ্ছেদ কাৰ্য’ বুলি আখ্যা দি কঠোৰ গৰিহণা দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে এনে ধৰণৰ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই ঐতিহাসিক উপাসনাস্থলীখন সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত স্থানীয় পাকিস্তানী প্ৰশাসন আৰু কৰ্তৃপক্ষৰ চৰম ব্যৰ্থতা তথা উদাসীনতা প্ৰকাশ পাইছে বুলি ভাৰতে ক্ষোভ ব্যক্ত কৰিছে। এই ঘটনাই পাকিস্তানত বসবাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ নিৰন্তৰ নিৰাপত্তাহীনতা, ধৰ্মীয় স্বাধীনতাৰ সংকোচন আৰু উপাসনাস্থলীৰ সুৰক্ষাৰ ওপৰত এক বৃহৎ প্ৰশ্নবোধক চিহ্ন থিয় কৰাইছে বুলি মন্ত্ৰালয়ে মত প্ৰকাশ কৰে।
 
উল্লেখযোগ্য যে, এই জঘন্য ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তান চৰকাৰৰ প্ৰতি কেইবাটাও কঠোৰ দাবী উত্থাপন কৰিছে। সমগ্ৰ ঘটনাটোৰ এক খৰতকীয়া তথা নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত সম্পন্ন কৰি ইয়াৰ লগত জড়িত দোষীসকলক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ ভাৰতে দাবী জনাইছে। ইয়াৰ লগতে, ধংসপ্ৰাপ্ত ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থানটোৰ পূৰ্বৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰাৰ লগতে ইয়াৰ জৰুৰী মেৰামতিৰ বাবে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তান চৰকাৰক কঠোৰ আহ্বান জনোৱা হৈছে।