ৱাশ্বিংটন ডি চি
উজবেকিস্তান আৰু ভাৰত ভ্ৰমণৰ উদ্দেশ্যে আমেৰিকাৰ পৰা ৰাওনা হৈছে মাৰ্কিন বিদেশ সচিব মাৰ্কো ৰুবিঅ’। শনিবাৰে নিশা জইণ্ট বেছ এণ্ড্ৰুজৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰুবিঅ’ ২০ অক্টোবৰত ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা।
ভ্ৰমণৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে ৰুবিঅ’ই কয়, "ট্ৰাম্প প্ৰশাসনৰ অধীনত আমাৰ দেশৰ বাবে অৰ্থনৈতিক সুযোগ-সম্ভাৱনা অধিক সুৰক্ষিত আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে উজবেকিস্তান আৰু ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ।"
ইফালে, ৰাছিয়াৰ ইন্ধন বিক্ৰীৰ সৈতে জড়িত কেইবাটাও নিষেধাজ্ঞা সাময়িকভাৱে শিথিল কৰাৰ এদিন পাছতেই ভাৰতক আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ মিত্ৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছে ৰুবিঅ’ই। উল্লেখ্য যে, লিণ্ডছে অ’ গ্ৰাহামৰ ‘ছেংচনিং ৰাছিয়া এণ্ড ইৰান এক্ট’ৰ অধীনত এই নিষেধাজ্ঞাসমূহ কাৰ্যকৰী হোৱাৰ কথা আছিল। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই নিষেধাজ্ঞাসমূহ আপাততঃ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই সন্দৰ্ভত ৰুবিঅ’ই কয় যে, ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ। সেয়েহে ভাৰতৰ শক্তি আৰু ইন্ধনৰ প্ৰয়োজনীয়তাৰ বিষয়টো বিবেচনা নকৰাকৈ কোনো ধৰণৰ শুল্ক বা নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহ’ব।
সাময়িকভাৱে স্থগিত ৰখা এই আইনখনৰ অধীনত ৰাছিয়াৰ পৰা সৰ্বাধিক পৰিমাণে খাৰুৱা তেল অথবা প্ৰাকৃতিক গেছ আমদানি কৰা পাঁচখন দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই ১০০ শতাংশ পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাৰ ব্যৱস্থা আছিল। এই দেশসমূহৰ ভিতৰত ভাৰত আৰু চীনো অন্তৰ্ভুক্ত।
চলিত মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ লগতে বিশ্বৰ অন্যতম বৃহৎ তেল শোধনাগাৰ থকা গুজৰাটৰ জামনগৰলৈ যোৱাৰ কাৰ্যসূচী থকা ৰুবিঅ’ই কয় যে, এনে কঠোৰ শুল্ক ব্যৱস্থা কাৰ্যকৰী কৰিলে ইয়াৰ সম্ভাৱ্য প্ৰভাৱ কি হ’ব, সেই বিষয়ে পৰ্যালোচনা কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ৬০ দিনৰ সময়সীমা ব্যৱহাৰ কৰিব বিচাৰিছে।
ৰুবিঅ’ই উল্লেখ কৰা অনুসৰি, "এই নিষেধাজ্ঞাসমূহ কেৱল ৰাছিয়াৰ বিৰুদ্ধেই সীমাবদ্ধ নহয়। ইয়াৰ সৈতে ভাৰতকে ধৰি আন কেইবাখনো দেশৰ ওপৰত শুল্ক আৰোপৰ বিষয়টোও জড়িত হৈ আছে। সেয়েহে নিষেধাজ্ঞা আৰু শুল্ক দুয়োটা একেলগে কাৰ্যকৰী কৰিলে বিশ্ব অৰ্থনীতিৰ লগতে আমেৰিকাৰ নিজা অৰ্থনীতিৰ ওপৰতো কেনে প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে ৰাষ্ট্ৰপতিয়ে ৬০ দিনৰ ভিতৰত ভালদৰে অধ্যয়ন কৰিব বিচাৰিছে।"
তেওঁ লগতে কয়, "ভাৰতৰ দৰে দেশসমূহে নিজাববীয়াকৈ শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্য বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। তথাপি এই দেশসমূহে এতিয়াও ৰাছিয়াৰ পৰা যথেষ্ট পৰিমাণে ইন্ধন সংগ্ৰহ কৰি আছে। কাৰণ এদিনৰ ভিতৰতে এটা শক্তিৰ উৎসৰ পৰা আন এটা উৎসলৈ সম্পূৰ্ণৰূপে স্থানান্তৰিত হোৱাটো সহজ নহয়। তদুপৰি ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ মিত্ৰ আৰু সহযোগী দেশ। সেয়েহে সকলো দিশ বিবেচনা কৰি উপযুক্ত সিদ্ধান্তত উপনীত হ’বলৈ এই সময়খিনিৰ প্ৰয়োজন।"
ভাৰত ভ্ৰমণকালত ৰুবিঅ’ই দেশখনৰ কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব। মাৰ্কিন বিদেশ বিভাগৰ তথ্য অনুসৰি, এই বৈঠকসমূহত ভাৰত-আমেৰিকাৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰা আৰু শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ নতুন সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত বাণিজ্যিক বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতাৰ সুযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰুবিঅ’ই উদ্যোগ আৰু ব্যৱসায়িক খণ্ডৰ কেইবাগৰাকীও আগশাৰীৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ’ব।
ভাৰতত উপস্থিত হোৱাৰ পূৰ্বে ৰুবিঅ’ই উজবেকিস্তানত অনুষ্ঠিত হ’বলগীয়া চি৫+১ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত মধ্য এছিয়াৰ দেশসমূহৰ সৈতে আমেৰিকাৰ কূটনৈতিক আৰু কৌশলগত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিব তেওঁ। বিশেষকৈ এই সহযোগিতাই আমেৰিকা আৰু মধ্য এছিয়াৰ দেশসমূহৰ বাবে অধিক শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভৱিষ্যৎ গঢ়ি তোলাত কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়ত তেওঁ বক্তব্য আগবঢ়াব।
ইফালে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও মাৰ্কিন বিদেশ সচিবগৰাকীৰ আগন্তুক ভাৰত ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে বৰ্তমানৰ ব্যাপক বৈশ্বিক কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।
এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই এখন সংবাদমেলত কয়, "মাৰ্কিন বিদেশ সচিবগৰাকীৰ আগন্তুক ভাৰত ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ সামগ্ৰিক পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা ব্যাপক বৈশ্বিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব। এই ভ্ৰমণকালত শক্তি, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।"
মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই আলোচনাত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰিব। এনে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক যোগাযোগ অব্যাহত ৰখাৰ জৰিয়তে দুয়োখন দেশে নিজৰ উমৈহতীয়া লক্ষ্য আৰু অগ্ৰাধিকাৰসমূহ আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব।
সামগ্ৰিকভাৱে মাৰ্কিন বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ এই ভাৰত ভ্ৰমণত দুয়োখন দেশৰ কৌশলগত সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে শক্তি, বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।