নতুন দিল্লী
আমেৰিকাৰ সৈতে দ্বিপাক্ষিক বাণিজ্য চুক্তি শীঘ্ৰে চূড়ান্ত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে ভাৰতে। আমেৰিকাই নতুনকৈ শুল্ক আৰোপ কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ভাৰতে কয় যে, দেশৰ কোনো ঔদ্যোগিক খণ্ডতে গাঁথনিগতভাৱে অতিৰিক্ত উৎপাদন ক্ষমতা নাই।
উল্লেখযোগ্য যে, অতিৰিক্ত উৎপাদন ক্ষমতা আৰু অন্যায় বাণিজ্যিক পদ্ধতিৰ অভিযোগত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিয়ে ভাৰতসহ ১৪খন অৰ্থনীতিৰ ওপৰত নতুন শুল্ক আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে।
ভাৰত চৰকাৰে জানিবলৈ দিছে যে, এই বিষয়ত তদন্ত সম্পৰ্কীয় জাননীখন পৰ্যালোচনা কৰি থকা হৈছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত ভাৰতে আমেৰিকাৰ সৈতে গঠনমূলক সহযোগিতা আগবঢ়াই আহিছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে বুধবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, তদন্ত আৰম্ভ কৰাৰ জাননী জাৰি কৰাৰ সময়তে আৰু পৰৱৰ্তী কাৰ্যপ্ৰক্ৰিয়াত বাণিজ্য বিভাগে স্পষ্ট কৰি দিছিল যে, ভাৰতৰ কোনো ঔদ্যোগিক খণ্ডতে গাঁথনিগত অতিৰিক্ত উৎপাদন ক্ষমতা নাই।
মন্ত্ৰণালয়ৰ মতে, আমেৰিকাৰ এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। সমগ্ৰ প্ৰক্ৰিয়াটোত ভাৰতে নিজৰ স্থিতি দৃঢ়তাৰে দাঙি ধৰাৰ লগতে সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰি আহিছে।
১৯৭৪ চনৰ বাণিজ্য আইনৰ ৩০১ নম্বৰ ধাৰাৰ অধীনত আঠ মাহজোৰা তদন্তৰ অন্তত আমেৰিকাই নতুন শুল্ক আৰোপৰ এই প্ৰস্তাৱ আগবঢ়াইছে। তদন্তৰ সময়ত ১৬টা বাণিজ্যিক অংশীদাৰৰ বিৰুদ্ধে উত্থাপিত অন্যায় বাণিজ্যিক পদ্ধতি আৰু অতিৰিক্ত উৎপাদন ক্ষমতাৰ অভিযোগ পৰীক্ষা কৰা হৈছিল।
ভাৰতৰ উপৰি আমেৰিকাৰ এই প্ৰস্তাৱৰ আওতাত আছে চীন, বাংলাদেশ, কম্বোডিয়া, ইউৰোপীয় সংঘ, ইণ্ডোনেছিয়া, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ছিংগাপুৰ, ছুইজাৰলেণ্ড, টাইৱান, থাইলেণ্ড আৰু ভিয়েটনাম। ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ প্ৰস্তাৱ দিয়াৰ বিপৰীতে চীনৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপৰ কথা বিবেচনা কৰা হৈছে।
ইফালে, প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ (বিটিএ) পৰিসৰৰ ভিতৰতে আমেৰিকাৰ সৈতে বাণিজ্য সম্পৰ্কীয় সকলো বিষয় আলোচনা কৰা উচিত বুলি ভাৰতে স্পষ্ট কৰি দিছে। বাণিজ্য মন্ত্ৰণালয়ে উল্লেখ কৰে যে, দুয়োখন দেশৰ মাজত এই চুক্তি সন্দৰ্ভত আলোচনা অব্যাহত আছে। আৰম্ভণিৰে পৰাই ভাৰতৰ স্থিতি হৈছে যে, বাণিজ্য সম্পৰ্কীয় সকলো উদ্বেগ এই আলোচনাৰ জৰিয়তেই সমাধান কৰা উচিত।
ইয়াৰ লগতে মন্ত্ৰণালয়ে পুনৰবাৰ স্পষ্ট কৰে যে, আমেৰিকাৰ সৈতে সহযোগিতাৰে দ্বিপাক্ষিক বাণিজ্য চুক্তি অতি শীঘ্ৰে চূড়ান্ত কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যৰে ৱাশ্বিংটনৰ সৈতে গঠনমূলক আলোচনা অব্যাহত ৰাখিব বুলিও চৰকাৰে জানিবলৈ দিয়ে।