আমেৰিকান সেনাৰ ঘাটিত ইৰানৰ ভয়ংকৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পশ্চিম এছিয়াত ক্ৰমাগতভাৱে নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা সংঘাত এতিয়া প্ৰত্যক্ষ আৰু অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ ইৰানৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে বাহৰেইনত অৱস্থিত দুটাকৈ গুৰুত্বপূৰ্ণ আমেৰিকান সামৰিক ঘাটিত মিছাইল আৰু ড্ৰোনেৰে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ দাবী কৰিছে, যিয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
 
ইৰানৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই আক্ৰমণ আমেৰিকাৰ আগ্ৰাসনৰ এক কঠোৰ প্ৰত্যুত্তৰ। ইৰানৰ অভিযোগ অনুসৰি, আমেৰিকান বাহিনীয়ে তেওঁলোকৰ আকাশী সীমা উলংঘা কৰাৰ লগতে হেংগম দ্বীপৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাডাৰ কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপেই IRGC-য়ে বাহৰেইনৰ আল-ৰাফা আৰু আৱালি এয়াৰবেছত মোতায়েন কৰি ৰখা আমেৰিকাৰ শক্তিশালী 'পেট্ৰিয়ট এয়াৰ ডিফেন্স ৰাডাৰ চিষ্টেম'ক মূল লক্ষ্য হিচাপে লৈ এই প্ৰচণ্ড আক্ৰমণ চলায়।
 
এই আক্ৰমণৰ প্ৰভাৱ বাহৰেইনৰ আন্তঃগাঁথনিৰ ওপৰতো পৰিছে। বাহৰেইন প্ৰশাসনে জানিবলৈ দিয়া মতে, আক্ৰমণৰ লগে লগে দেশখনৰ এটা বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেলিহান শিখা নিয়ন্ত্ৰণলৈ আনিবলৈ বৰ্তমান অগ্নিনিৰ্বাপক বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা দলে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এক সকাহৰ বিষয় যে, এই ভয়াবহ ঘটনাত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত বাহৰেইন চৰকাৰে সাধাৰণ নাগৰিকৰ বাবে পূৰ্বতে জাৰি কৰা জৰুৰী সতৰ্কবাণী প্ৰত্যাহাৰ কৰিছে যদিও সকলোকে সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
 
এই উত্তপ্ত পৰিস্থিতিৰ মাজতে ইৰানে ইজৰাইললৈয়ো কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইৰাণৰ সংসদৰ বৈদেশিক নীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ মুখপাত্ৰ ইব্ৰাহিম ৰেজাইয়ে সকীয়াই দিছে যে, যদিহে ইৰানৰ কোনো আন্তঃগাঁথনিত পুনৰবাৰ আক্ৰমণৰ চেষ্টা চলোৱা হয়, তেন্তে তেহৰাণে পোনপটীয়াকৈ ইজৰাইলৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ল'ব। তেওঁ স্পষ্ট কৰি দিয়ে যে এই সকীয়নিক কেৱল এক 'মৌখিক ভাবুকি' বুলি গণ্য কৰিলে ভুল হ'ব।
 
কেৱল স্থলভাগতেই নহয়, পশ্চিম এছিয়াৰ সাগৰীয় পথসমূহতো এতিয়া যুদ্ধ সদৃশ পৰিৱেশে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। ইৰানী নৌসেনাই প্ৰকাশ কৰা তথ্য অনুসৰি, হৰমুজ জলডমৰুৰ পূব দিশৰ এক নিৰ্ধাৰিত নিষিদ্ধ এলেকাত এখন তেলবাহী জাহাজে সাগৰীয় মাইনত খুন্দা মৰাৰ ফলত জাহাজখনত জুই লাগে। একে সময়তে, ব্ৰিটেইনৰ সামুদ্ৰিক সংস্থাই নিশ্চিত কৰিছে যে ওমানৰ খাছাব অঞ্চলৰ উত্তৰ আৰু পূব দিশত দুখন তেলবাহী জাহাজৰ ওপৰত অচিনাক্ত প্ৰজেক্টাইলেৰে আক্ৰমণ চলোৱা হৈছে। ইয়াৰ উপৰিও, IRGC-ৰ দাবী অনুসৰি তেওঁলোকে হৰমুজ জলডমৰুৰ আকাশত পহৰা দি থকা আমেৰিকাৰ দুখনকৈ অত্যাধুনিক ড্ৰোন— এটা 'MQ-9' আৰু আনটো 'MQ-1 প্ৰিডেটৰ' ড্ৰোন সফলতাৰে গুলীয়াই ভূপতিত কৰিছে।
 
আনহাতে, এই আঞ্চলিক সংঘাতৰ অংশ হিচাপে চৌদি আৰৱৰ নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰকাশ কৰিছে যে, য়েমেনৰ হুথি বিদ্ৰোহীয়ে পশ্চিম চৌদি আৰৱক লক্ষ্য কৰি নিক্ষেপ কৰা এটা বেলিষ্টিক মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰা হৈছে।
 
কূটনৈতিক দিশটোৰ ওপৰত মন্তব্য কৰি ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে স্পষ্ট কৰি দিছে যে, যদিহে তেহৰাণৰ চৰ্তসমূহ মানি লোৱা হয়, তেন্তে হৰমুজ জলডমৰু পুনৰ মুকলি কৰি দিয়া হ'ব। অৱশ্যে, এক দৃঢ় স্থিতি গ্ৰহণ কৰি তেওঁ জনায় যে ইৰাণৰ হাতত থকা ৬০ শতাংশ পৰ্যন্ত সংবৰ্ধিত ইউৰেনিয়ামৰ ভাণ্ডাৰ আন কোনো দেশলৈ প্ৰেৰণ কৰাৰ যি সম্ভাৱনা আছিল, সেয়া তেহৰাণে সম্পূৰ্ণৰূপে নাকচ কৰিছে।
 
সামগ্ৰিকভাৱে, ইৰান আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা এই সংঘাতে পশ্চিম এছিয়াক এক নতুন সংকটৰ গৰাহলৈ ঠেলি দিছে।


শেহতীয়া খবৰ