গোল্ডী ব্ৰাৰৰ সন্ধান দিওঁতালৈ ১০ লাখ ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা FBI-ৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
গোল্ডী ব্ৰাৰ
গোল্ডী ব্ৰাৰ
 
নিউয়ৰ্ক 
 
আমেৰিকাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে (FBI) পলাতক গেংষ্টাৰ সতিন্দৰজিৎ সিং ওৰফে গোল্ডী ব্ৰাৰৰ গ্ৰেপ্তাৰত সহায়ক হোৱাকৈ তথ্য প্ৰদান কৰা ব্যক্তিক ১০ লাখ মাৰ্কিন ডলাৰ পৰ্যন্ত পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে।
 
এফবিআইৰ এক জাননী অনুসৰি, আমেৰিকা আৰু কানাডাত বিভিন্ন হিংসাত্মক অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত এটা আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধী চক্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগত গোল্ডী ব্ৰাৰক বিচাৰি থকা হৈছে। 
 
এফবিআইয়ে গোল্ডী ব্ৰাৰক বিশ্বৰ অন্যতম কুখ্যাত পলাতক অপৰাধীৰ তালিকা হিচাপে পৰিচিত সংস্থাটোৰ ‘টেন ম’ষ্ট ৱাণ্টেড ফিউজিটিভছ’ তালিকাত অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ বিৰুদ্ধে লৰেন্স বিষ্ণৈৰ নেতৃত্বাধীন সংগঠিত অপৰাধী গোটটোৰ (OCG) উত্তৰ আমেৰিকাৰ কাৰ্যকলাপ পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। 
 
এই অপৰাধী গোটটো ৰাজনৈতিক আৰু ধৰ্মীয় ব্যক্তিৰ হত্যাকাণ্ড, গুলীচালনা, অপহৰণ, ধন দাবী, আক্ৰমণ, মানৱ সৰবৰাহৰ লগতে মাদক দ্ৰব্য আৰু অস্ত্ৰৰ অবৈধ সৰবৰাহৰ দৰে একাধিক গুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে।
 
এফবিআইৰ লছ এঞ্জেলছ কাৰ্যালয়ৰ সহকাৰী সঞ্চালক পেট্ৰিক গ্ৰেণ্ডীয়ে কয় যে, বিভিন্ন হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগ আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বাবেই গোল্ডী ব্ৰাৰক এই বিশেষ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
 
গ্ৰেণ্ডীয়ে কয়, "সতিন্দৰজিৎ সিঙৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অপৰাধৰ অভিযোগ আৰু তেওঁৰ হিংসাত্মক প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁক এফবিআইৰ 'টেন ম’ষ্ট ৱাণ্টেড ফিউজিটিভছ' তালিকাত স্থান দিয়া হৈছে।"  
 
এফবিআইৰ জাননী অনুসৰি, ১ জুলাইত লছ এঞ্জেলছৰ এখন আমেৰিকান ফেডাৰেল আদালতে গোল্ডী ব্ৰাৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।
 
তেওঁৰ বিৰুদ্ধে ৰেকেটিয়াৰ ইনফ্লুৱেঞ্চড এণ্ড কৰাপ্ট অৰ্গেনাইজেশ্যনছ (RICO) আইনৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ, ধন দাবীৰ জৰিয়তে বাণিজ্যিক কাৰ্যকলাপত বাধা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ আৰু চেষ্টা, লগতে বিতৰণৰ উদ্দেশ্যে নিষিদ্ধ মাদক দ্ৰব্য মজুত ৰখা আৰু সৰবৰাহৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।
 
এফবিআইৰ অভিযোগ অনুসৰি, লৰেন্স বিষ্ণৈৰ শৈশৱৰ পৰিচিত গোল্ডী ব্ৰাৰে আমেৰিকা আৰু কানাডাত এই অপৰাধী গোটটোৰ বিভিন্ন কাৰ্যকলাপ পৰিচালনা কৰি আহিছিল। বিশেষকৈ নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি হত্যাকাণ্ড সংঘটিত কৰা, গুলীচালনা, অপহৰণ, আক্ৰমণ, ধন দাবী আৰু মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ দৰে অপৰাধমূলক কাৰ্যকলাপত তেওঁ নিৰ্দেশনা দিয়াৰ অভিযোগ আছে। 
 
এফবিআইৰ জাননীত উল্লেখ কৰা অনুসৰি, লৰেন্স বিষ্ণৈৰ সংগঠিত অপৰাধী গোটটোৰ মূল ঘাটি ভাৰতত অৱস্থিত। এই গোটটোৰ আমেৰিকা, কানাডা, ব্ৰিটেইন, ইউৰোপৰ বিভিন্ন দেশ আৰু অষ্ট্ৰেলিয়াত হাজাৰ হাজাৰ সদস্য তথা সহযোগী আছে বুলি তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে।
 
ইফালে, সংগঠিত অপৰাধী চক্ৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলোৱা ‘অপাৰেচন হাৰ্ড বল’ নামৰ এক ফেডাৰেল তদন্ত অভিযানৰ সময়ত গোল্ডী ব্ৰাৰৰ কেইবাজনো সন্দেহযুক্ত সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। এই তদন্তত ধন দাবী, পৰিকল্পিত হত্যাকাণ্ড, সংগঠিত অপৰাধ আৰু আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত বিভিন্ন চক্ৰৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। 
 
এফবিআইয়ে গোল্ডী ব্ৰাৰক অস্ত্ৰধাৰী আৰু বিপজ্জনক ব্যক্তি হিচাপে চিহ্নিত কৰিছে। সেয়েহে তেওঁৰ সন্ধান পালে কোনো ব্যক্তিয়ে নিজাববীয়াকৈ তেওঁৰ কাষ চাপিবলৈ বা তেওঁক আটক কৰিবলৈ চেষ্টা নকৰিবলৈ সংস্থাটোৱে সতৰ্ক কৰি দিছে।
 
লগতে গোল্ডী ব্ৰাৰৰ অৱস্থান সম্পৰ্কে কোনো তথ্য লাভ কৰিলে নিকটৱৰ্তী এফবিআই কাৰ্যালয়, আমেৰিকাৰ দূতাবাস বা কনছুলেটৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। এফবিআইৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তেও তথ্য দাখিল কৰিব পাৰিব। তথ্য প্ৰদান কৰা ব্যক্তিৰ পৰিচয় আৰু তেওঁ আগবঢ়োৱা তথ্য গোপনীয়ভাৱে ৰখাৰ ব্যৱস্থা থাকিব বুলিও এফবিআইয়ে আশ্বাস দিছে।