ৰিয়াদত হাউথীৰ আক্ৰমণত দুজন ভাৰতীয়সহ ১১ জন আহত

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ডুবাই
 
ছৌদি আৰৱৰ ৰাজধানীৰ বিত্তীয় নগৰৰ এটা টাৱাৰক লক্ষ্য কৰি য়েমেনৰ হাউথী মিলিচীয়াই মঙলবাৰে চলোৱা আক্ৰমণত ১১ জন লোক আহত হয় ৷ আহতসকলৰ ভিতৰত দুজন ভাৰতীয় আৰু তিনিজন নেপালী নাগৰিক আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
 
ছৌদি আৰৱৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে জনোৱা মতে, ৰিয়াদৰ ৰজা আব্দুল্লা বিত্তীয় চহৰৰ টাৱাৰটোত হাউথী মিলিচীয়াৰদ্বাৰা সন্ত্রাসবাদী আক্ৰমণ চলোৱাৰ ফলত ১১ জন লোক আহত হয়। 
 
বিবৃতিত কোৱা হৈছে যে, আহতসকলৰ ভিতৰত দুজন ছৌদি নাগৰিক, দুজন ভাৰতীয় নাগৰিক, তিনিজন নেপালী আৰু চাৰিজন ইজিপ্তৰ লোক আছে।
 
ইয়াত লগতে কোৱা হৈছে যে, কৰ্তৃপক্ষই এই কাণ্ডৰ প্ৰতি তৎক্ষণাত সঁহাৰি জনাইছিল, এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অনুমোদিত সকলো পদ্ধতি আৰু ব্যৱস্থা কাৰ্যকৰী কৰাৰ লগতে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।
 
ছৌদি আৰৱত থকা ভাৰতীয় দূতাবাসেও নিশ্চিত কৰিছে যে, এই আক্ৰমণত দুজন ভাৰতীয় নাগৰিক আহত হৈছে।
 
এক্সৰ এটা পোষ্টত ভাৰতীয় দূতাবাসে কয় যে, ঘটনাৰ সবিশেষ নিশ্চিত কৰা হৈছে আৰু আহত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াললৈ সকলো সম্ভাব্য সাহায্য প্ৰদান কৰা হ’ব। 
 
ইয়াৰ পূৰ্বে ছৌদি আৰৱৰ নেতৃত্বত মিত্ৰজোঁটৰ মুখপাত্ৰ মেজৰ জেনেৰেল তুৰ্কী আল মালকিয়ে কয় যে, বিত্তীয় চহৰখনত এটা টাৱাৰক লক্ষ্য কৰি লোৱা হৈছে আৰু সেই স্থানত কৰ্তৃপক্ষই তাৎক্ষণিক সঁহাৰি জনাইছে। 
 
ইফালে ভাৰতীয় দূতাবাসে উপসাগৰীয় দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলকো স্থানীয় নিয়ম-নীতি মানি চলিবলৈ কয়। ইয়াৰ পূৰ্বে হাউথীয়ে ৰিয়াদত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।