অহা ১৬ ডিচেম্বৰত দিল্লীৰ পৰা বাংলাদেশলৈ উভতিব অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

Story by  atv | Posted by  [email protected] • 54 m ago
শ্বেখ হাছিনা
শ্বেখ হাছিনা
 
নতুন দিল্লী
 
অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে দিন-বাৰ চূড়ান্ত কৰিলে বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। যোৱা দুবছৰতকৈ অধিক সময় ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতত নিৰ্বাসিত জীৱন কটোৱাৰ অন্তত, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা ১৬ ডিচেম্বৰত নিজ দেশ বাংলাদেশলৈ উভতি যোৱাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
এই ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ বাবে শ্বেখ হাছিনাই বৰ্তমানৰ ঢাকা চৰকাৰলৈ এক বিশেষ আহ্বান জনাইছে। তেওঁৰ দাবী অনুসৰি, দেশখনৰ ৰাষ্ট্ৰীয় বিমান সংস্থা 'বাংলাদেশ এয়াৰলাইন্স'ৰ জৰিয়তে দিল্লীৰ পৰা তেওঁৰ যাত্ৰাৰ সু-ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে, স্বৰাজ্যলৈ উভতি যোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ভ্ৰমণৰ নথি-পত্ৰৰ সুবিধাও বৰ্তমানৰ বাংলাদেশ চৰকাৰেই প্ৰদান কৰাটো তেওঁ বিচাৰিছে।
 
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰৰ আগত দিয়া এক বিবৃতিত হাছিনাৰ মুখপাত্ৰ চৈয়দ মোজামেল আলীয়ে এই সিদ্ধান্তৰ আঁৰৰ তাৎপৰ্য বাখ্যা কৰে। তেওঁ প্ৰকাশ কৰে যে, ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা মুক্তিযুদ্ধত বাংলাদেশে যি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল, সেই বিজয়ৰ বৰ্ষপূৰ্তিৰ দিনটোতেই শ্বেখ হাছিনাই স্বদেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। আলীয়ে ৰয়টাৰৰ আগত যুক্তি দৰ্শাই কয় যে, যিহেতু ২০২৪ চনৰ ৫ আগষ্টৰ সেই বিশেষ দিনটোত শ্বেখ হাছিনাক বাংলাদেশৰ বিমানেৰেই নিৰাপত্তাজনিত কাৰণত ভাৰতলৈ লৈ যোৱা হৈছিল, সেয়েহে এতিয়া তেওঁৰ দিল্লীৰ পৰা ঢাকালৈ উভতি যোৱাৰ বাবে বিমান পৰিবহণৰ ব্যৱস্থাও বাংলাদেশ চৰকাৰেই কৰা উচিত।
 
মুখপাত্ৰগৰাকীয়ে লগতে দৃঢ়তাৰে কয় যে বৰ্তমানৰ পৰিস্থিতিত সংবিধানৰ নীতি-নিয়মৰ বিপৰীতে তেওঁক এনেদৰে নিৰ্বাসিত কৰি ৰখাটো অনুচিত। সেয়েহে, ১৬ ডিচেম্বৰৰ বিজয় দিৱসৰ পবিত্ৰ ক্ষণত তেওঁৰ এই স্বদেশ প্ৰত্যাৱৰ্তন সম্ভৱ কৰি তোলাটো এতিয়া বাংলাদেশ চৰকাৰৰ এক নৈতিক তথা প্ৰাথমিক দায়িত্ব হৈ পৰিছে।
 
উল্লেখযোগ্য যে, বাংলাদেশৰ ইতিহাসত ১৬ ডিচেম্বৰৰ দিনটো অতিশয় গৌৰৱোজ্জ্বল। সমগ্ৰ দেশজুৰি এই দিনটো 'বিজয় দিৱস' হিচাপে উলহ-মালহেৰে পালন কৰা হয়। ১৯৭১ চনৰ ঠিক এই দিনটোতেই পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল আৰু বিশ্বৰ বুকুত বাংলাদেশে এখন স্বাধীন তথা সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে সগৌৰৱেৰে আত্মপ্ৰকাশ কৰিছিল।
 
ইফালে, হাছিনাৰ এই প্ৰত্যাৱৰ্তনৰ খবৰৰ সমান্তৰালকৈ বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটতো আন এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱা দেখা গৈছে। সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ৰাজধানী ঢাকাৰ কেবিনেট সচিবালয়ত এক বিশেষ আলোচনাত মিলিত হয়। ২০২৪ চনৰ জুলাই-আগষ্ট মাহত দেশখনত সংঘটিত হোৱা প্ৰবল ছাত্ৰ প্ৰতিবাদৰ গৰ্ভৰ পৰা জন্ম লাভ কৰা ছাত্ৰ নেতৃত্বাধীন 'নেশ্যনেল চিটিজেন পাৰ্টী'ৰ নেতাসকলৰ সৈতে তেওঁ এই বৈঠকত অংশগ্ৰহণ কৰে।
 
সম্প্ৰতি দেশখনৰ বিভিন্ন প্ৰান্তত পেট্ৰ'ল বোমা বিস্ফোৰণ, অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে এক অস্থিৰ পৰিৱেশৰ মাজতে, হাছিনা বিৰোধী আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৰাজনৈতিক গোটসমূহৰ সৈতে ধাৰাবাহিক যোগাযোগ ৰক্ষা কৰাৰ অংশ হিচাপেই চৰকাৰে এই বৈঠকখনৰ আয়োজন কৰিছিল।
 
বৈঠকত এন চি পিৰ আহ্বায়ক নাহিদ ইছলামৰ নেতৃত্বত এটি চাৰিজনীয়া প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী ৰহমানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰে। বাংলাদেশৰ ৰাজ্যিক সংবাদ সংস্থা বি এছ এছৰ আগত প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত প্ৰেছ সচিব আতিকুৰ ৰহমান ৰুমনে জানিবলৈ দিয়া মতে, এই গুৰুত্বপূৰ্ণ বৈঠকখন প্ৰায় ৪০ মিনিট সময় ধৰি অনুষ্ঠিত হৈছিল।