ভাৰত-চীনসহ কেইবাখনো দেশৰ ওপৰত পুনৰ শুল্ক বৃদ্ধিৰ পৰিকল্পনা আমেৰিকাৰ

Story by  atv | Posted by  Munni Begum • 32 m ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
ৱাশ্বিংটন
 
আমেৰিকাই পুনৰ ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ পৰিকল্পনা কৰিছে। 'ৱাল ষ্ট্ৰীট জাৰ্ণেল'ৰ প্ৰতিবেদন অনুসৰি ভাৰত, চীনসহ কেইবাখনো দেশৰ বিৰুদ্ধে আমেৰিকাই শুল্ক বৃদ্ধিৰ পৰিকল্পনা কৰিছে।
 
আমেৰিকাই এই সপ্তাহৰ আৰম্ভণিতেই শুল্ক বৃদ্ধি ঘোষণা কৰিব পাৰে। আমেৰিকাৰ কোম্পানীবোৰক ক্ষতিগ্ৰস্ত কৰি বিশ্বৰ বজাৰত কম মূল্যৰ সামগ্ৰীৰে প্ৰতিযোগিতা সৃষ্টি কৰাৰ অভিযোগত আমেৰিকাই এই পদক্ষেপৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।
 
আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি (ইউএছটিআৰ) জেমিছন গ্ৰীয়েৰে ১৯৭৪ চনৰ বাণিজ্য আইনখনৰ ৩০১ নং ধাৰাত ভাৰতকে ধৰি ১৬ খন দেশৰ বিৰুদ্ধে তেওঁৰ কাৰ্যালয় আৰম্ভ কৰা তদন্তৰ ফলাফলো শীঘ্ৰে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। উক্ত আইন অনুসৰি অন্য দেশৰ অনিয়মীয়া বাণিজ্যিক নীতি বা অসাধু বাণিজ্যিক কাৰ্যকলাপৰ সন্ধান পালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শুল্ক আৰোপ কৰিব পাৰে।
 
গ্ৰীয়েৰে কয় যে, সেই ৰাজসাহায্য আৰু অন্যান্য চৰকাৰী সমৰ্থনৰ সহায়ত নিজৰ উদ্যোগসমূহক অত্যধিক উৎপাদনক্ষম কৰি তুলিছে। যাৰ ফলত বিশ্বৰ বজাৰত কম মূল্যৰ সামগ্ৰীৰে ভৰি পৰিছে আৰু আমেৰিকাৰ উৎপাদকসকল ক্ষতিগ্ৰস্ত হৈছে।
 
জুলাই মাহত ইউএছটিআৰে বিদেশী যোগান শৃংখলত বলপূৰ্বক শ্ৰমৰ তদন্ত সম্পূৰ্ণ কৰিছিল, যিটোৱে অতিৰিক্ত উৎপাদন তদন্তৰ অন্তৰ্ভুক্ত ১৬ খন দেশকে ধৰি কেইবা ডজন বাণিজ্যিক অংশীদাৰৰ ওপৰত ১০ৰ পৰা ১২.৫ শতাংশৰ ভিতৰত শুল্ক আৰোপ কৰাটো ন্যায্য বুলি কয়। অৱশ্যে চূড়ান্ত শুল্কৰ হাৰ এতিয়াও স্পষ্ট নহয় যদিও সেয়া বৰ্তমানৰ শুল্কৰ হাৰৰ ওপৰত হ'ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 
 
ভাৰত আৰু আমেৰিকাৰ মাজত অন্তৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পৰ্কীয় আলোচনা অব্যাহত আছে। ফেব্ৰুৱাৰী মাহত চূড়ান্ত কৰা চুক্তিৰ কাঠামো পুনৰ আলোচনাৰ মাজলৈ যোৱাৰ পিছত দুয়োখন দেশৰ মাজত নতুনকৈ বাণিজ্যিক সহযোগিতা সম্পন্ন কৰাৰো প্ৰচেষ্টা অব্যাহত আছে।
 
উচ্চতম ন্যায়ালয়ে যোৱা বছৰ আৰোপ কৰা আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন শুল্ক বাতিল কৰি দিছিল। ইফালে ভাৰতে বাংলাদেশ, ভিয়েটনাম, কম্বোডিয়া আদি প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰতকৈ আমেৰিকাৰ বজাৰত নিজৰ সামগ্ৰীৰ বাবে কম শুল্ক বিচাৰিছে।