মালে
ভাৰত মহাসাগৰীয় অঞ্চলৰ উপকূলৱৰ্তী দেশসমূহৰ মাজত থকা সামুদ্ৰিক আৰু সভ্যতাগত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে, সাগৰ দেশসমূহৰ মাজত বিভাজনৰ পৰিৱৰ্তে সংযোগৰ মাধ্যম হৈ থাকিব লাগে।
মালদ্বীপৰ মালেত অনুষ্ঠিত কলম্বো নিৰাপত্তা সন্মিলন (চিএছচি)ৰ অষ্টম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকত ভাষণ প্ৰদান কৰি ডোভালে সামুদ্ৰিক নিৰাপত্তা, আঞ্চলিক স্থিৰতা আৰু অৰ্থনৈতিক সমৃদ্ধি নিশ্চিত কৰাৰ বাবে অঞ্চলটোৰ দেশসমূহৰ মাজত নিৰন্তৰ সহযোগিতা বজাই ৰখাৰ আহ্বান জনায়।
ডোভালে কয়, “ভাৰত মহাসাগৰীয় অঞ্চলৰ উপকূলৱৰ্তী দেশ হিচাপে আমি এক উমৈহতীয়া সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰ। সুদীৰ্ঘ ইতিহাসৰ মাজেৰে গঢ় লৈ উঠা সভ্যতাগত ঐতিহ্যই আমাক পৰস্পৰৰ সৈতে সংযুক্ত কৰি ৰাখিছে।”
পূৰ্বপুৰুষসকলে এৰি থৈ যোৱা ঐতিহ্যৰ কথা স্মৰণ কৰি তেওঁ কয় যে, ইতিহাসৰ বিভিন্ন সময়ত সাগৰে বিভিন্ন দেশ আৰু জনগোষ্ঠীক একত্ৰিত কৰি আহিছে। ভৱিষ্যৎ প্ৰজন্মৰ বাবেও এই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ অংশগ্ৰহণকাৰী দেশসমূহক আহ্বান জনায়।
ডোভালে উল্লেখ কৰে যে, ভাৰত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, নিৰাপত্তা আৰু স্থিৰতা নিশ্চিত কৰাৰ এক উমৈহতীয়া লক্ষ্যৰে ২০২০ চনৰ নৱেম্বৰ মাহত কলম্বো নিৰাপত্তা সন্মিলন গঠন কৰা হৈছিল।
তেওঁ কয়, “এই উমৈহতীয়া দৃষ্টিভংগীৰ আধাৰত গঠন হোৱা কলম্বো নিৰাপত্তা সন্মিলনে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অৱশ্যে, আমাৰ এতিয়াও বহু দূৰ আগুৱাই যাবলৈ বাকী আছে।”
আঞ্চলিক সহযোগিতাৰ এই মঞ্চখন অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি ডোভালে কয় যে, কলম্বো নিৰাপত্তা সন্মিলন ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি আৰু বৃহত্তৰ ‘মহাসাগৰ’ (MAHASAGAR) দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আগবাঢ়িছে।
তেওঁ কয়, “ভাৰতৰ বাবে কলম্বো নিৰাপত্তা সন্মিলন হৈছে আমাৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি আৰু ‘মহাসাগৰ’ দৃষ্টিভংগীৰ এক সমন্বিত ৰূপ। মহাসাগৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে নিৰাপত্তা আৰু উন্নয়নৰ ক্ষেত্ৰত পাৰস্পৰিক তথা সামগ্ৰিক অগ্ৰগতি সাধন কৰা। সময়ৰ লগে লগে উদ্ভৱ হোৱা গুৰুতৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সদস্য দেশসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আমাৰ সামূহিক সক্ষমতা বৃদ্ধি কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”
সন্মিলনৰ উমৈহতীয়া লক্ষ্য পূৰণৰ বাবে ভাৰতে সকলো প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।ডোভালে লগতে কয়, “কলম্বো নিৰাপত্তা সন্মিলন গঠনৰ উদ্যোগ গ্ৰহণ কৰা অন্যতম অংশীদাৰ দেশ হিচাপে ভাৰতে নিজৰ সাধ্যানুসাৰে সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়াব। আমাৰ উমৈহতীয়া লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ প্ৰতিশ্ৰুতি থাকিব।”
ইফালে, ২৫ নৱেম্বৰত মালদ্বীপৰ ভিলা নটিকা পেৰাডাইজ আইলেণ্ডত অনুষ্ঠিত কলম্বো নিৰাপত্তা সন্মিলনৰ অষ্টম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকৰ সামৰণিত সদস্য দেশসমূহে সন্মত কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ লগতে ২০২৬–২০২৭ বৰ্ষৰ সহযোগিতাৰ এক ৰূপৰেখা গ্ৰহণ কৰে। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক যৌথ বিবৃতি অনুসৰি, বৈঠকত মালদ্বীপৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল ইব্ৰাহিম লতীফ, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব অৱসৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰ্শ্বাল সম্পৎ থুয়াকোন্ঠা আৰু বাংলাদেশৰ নেচনেল ডিফেন্স কলেজৰ কমাণ্ডেণ্ট লেফটেনেণ্ট জেনেৰেল মহম্মদ ফাইজুৰ ৰহমানে নিজ নিজ দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। মৰিচাছে ভাৰ্চুৱেল মাধ্যমযোগে বৈঠকত অংশগ্ৰহণ কৰে।
অষ্ট্ৰেলিয়া আৰু মালয়েছিয়াই অতিথি ৰাষ্ট্ৰ হিচাপে সন্মিলনত অংশগ্ৰহণ কৰে। অষ্ট্ৰেলিয়াৰ হৈ দেশখনৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য বিভাগৰ প্ৰথম সহকাৰী সচিব ছাৰা ষ্ট'ৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে মালয়েছিয়াৰ হৈ প্ৰধানমন্ত্ৰীৰ বিভাগৰ সামুদ্ৰিক নিৰাপত্তা আৰু সাৰ্বভৌমত্ব শাখাৰ খাইৰুল আজহাৰ (নিক) বিন আবু বাকাৰে প্ৰতিনিধিত্ব কৰে।
বৈঠকৰ আলোচনাকালত সন্মিলনৰ প্ৰথমগৰাকী মহাসচিব অৱসৰপ্ৰাপ্ত ভাইচ এডমিৰেল এছ এন ঘোৰমাডেই ২০২৫ চনৰ ২০ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ এক বিস্তৃত পৰ্যালোচনা দাঙি ধৰে।
নতুনকৈ গ্ৰহণ কৰা ২০২৬–২০২৭ বৰ্ষৰ সহযোগিতাৰ ৰূপৰেখাত সন্মিলনৰ পাঁচটা মূল সহযোগিতাৰ ক্ষেত্ৰৰ অধীনত বিভিন্ন লক্ষ্য আৰু পৰিকল্পিত কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰসমূহ হৈছে ক্ৰমে -- সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা,সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী মতাদৰ্শৰ প্ৰসাৰ ৰোধ, অবৈধ সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় সংঘবদ্ধ অপৰাধ প্ৰতিৰোধ, চাইবাৰ নিৰাপত্তা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি তথা প্ৰযুক্তিৰ সুৰক্ষা, মানৱীয় সহায় আৰু দুৰ্যোগকালীন সাহায্য।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ কৰা হয় যে, নিৰন্তৰ পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে আঞ্চলিক শান্তি আৰু নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহে পুনৰ নিজৰ সামূহিক প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
বিশেষকৈ প্ৰশিক্ষণ, ফলপ্ৰসূ কাৰ্যপদ্ধতি আৰু অভিজ্ঞতাৰ আদান-প্ৰদান তথা সক্ষমতা বৃদ্ধিৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে সহযোগিতাৰ পাঁচোটা মূল ক্ষেত্ৰ অধিক শক্তিশালী কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। লগতে কলম্বো নিৰাপত্তা সন্মিলনৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ বাবে নিৰন্তৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হয়।
ইয়াৰ পূৰ্বে বুধবাৰে বৈঠকত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে, ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহ কেৱল এক উমৈহতীয়া সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰেই নহয়, শতিকাজুৰি গঢ় লৈ উঠা সভ্যতাগত সম্পৰ্কৰেও পৰস্পৰৰ সৈতে বান্ধ খাই আছে।
তেওঁ কয়, “আহক, আমি আমাৰ উত্তৰ প্ৰজন্মৰ বাবে এনে এক ঐতিহ্য আৰু পৰম্পৰা এৰি থৈ যাওঁ, য'ত সাগৰে তেওঁলোকক বিভাজিত কৰাৰ পৰিৱৰ্তে একতাৰ বন্ধনেৰে বান্ধি ৰাখিব।”
কলম্বো নিৰাপত্তা সন্মিলনৰ প্ৰথমগৰাকী মহাসচিব হিচাপে অৱসৰপ্ৰাপ্ত ভাইচ এডমিৰেল এছ এন ঘোৰমাডেৰ নিযুক্তিকো ডোভালে আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে, এই আঞ্চলিক মঞ্চই ইতিমধ্যে সকলো সদস্য দেশৰ পাৰস্পৰিক স্বাৰ্থ আৰু কল্যাণক অগ্ৰাধিকাৰ দিয়া এক কাৰ্যকৰী সহযোগিতামূলক ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে।
ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি আৰু ‘মহাসাগৰ’ দৃষ্টিভংগীৰ সমন্বয়ৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কলম্বো নিৰাপত্তা সন্মিলনৰ ভূমিকা দোহাৰি ডোভালে পৰিৱৰ্তিত নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সদস্য দেশসমূহৰ সৈতে ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি পুনৰ উল্লেখ কৰে।