মক্কা/ঢাকা
পৱিত্ৰ মক্কা নগৰীৰ এটা মছজিদৰ ভিতৰত কৰ্তৃপক্ষই ‘অনৈতিক কাৰ্য’ বুলি অভিহিত কৰা কাণ্ড সংঘটিত কৰাৰ অপৰাধত দোষী সাব্যস্ত দুগৰাকী বাংলাদেশী নাগৰিকিক মৃত্যুদণ্ডৰে দণ্ডিত কৰে ছৌদি আৰবে। দেশখনৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বুধবাৰে (১৪ অক্টোবৰ) এই মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। অৱশ্যে, প্ৰকাশিত খবৰ অনুসৰি, দেশখনত থকা বাংলাদেশৰ কনছুলেটক এই বিষয়ে আগতীয়াকৈ অৱগত কৰা হোৱা নাছিল।
মন্ত্ৰালয়ে দুয়োৰে -- এজন পুৰুষ আৰু এগৰাকী মহিলা -- নাম নাজেৰুল ইছলাম আব্দুল বাছিৰ আৰু ছিতি আখতাৰ বুলি উল্লেখ কৰিছে। ছৌদি সংবাদ সংস্থাই এই ঘোষণা প্ৰকাশ কৰে। ছৌদি সংবাদ প্ৰতিষ্ঠান আজেল আৰু বাংলাদেশৰ দ্য বিজনেছ ষ্টেণ্ডাৰ্ডেও এই বিষয়ে বাতৰি প্ৰকাশ কৰিছে।
ছৌদি গৃহ মন্ত্ৰালয়ৰ মতে, ঘটনাটোৰ পাছত নিৰাপত্তা কৰ্তৃপক্ষই দুয়োকে গ্ৰেপ্তাৰ কৰে। তদন্তৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰি বিচাৰৰ অধিকাৰ থকা আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়োকে দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড বিহে।
আজেলৰ বাতৰি অনুসৰি, মন্ত্ৰালয়ে জনায় যে তেওঁলোকৰ কাৰ্যৰ গুৰুতৰ প্ৰকৃতি আৰু সময় তথা স্থানৰ পৱিত্ৰতা উলংঘনৰ বিষয়টো বিবেচনা কৰি আদালতে ‘তা’জিৰ’ৰ অধীনত মৃত্যুদণ্ড বিহে। ‘তা’জিৰ’ হৈছে ইছলামিক আইনৰ অধীনত আদালতৰ বিবেচনাৰে শাস্তি নিৰ্ধাৰণ কৰা এক শ্ৰেণী।
পৰৱৰ্তী সময়ত সংশ্লিষ্ট ন্যায়িক কৰ্তৃপক্ষই এই দণ্ডাদেশ বহাল ৰাখে। তাৰ পাছত দণ্ডাদেশ কাৰ্যকৰী কৰাৰ অনুমতি দি ৰাজকীয় আদেশ জাৰি কৰা হয়। মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে মক্কা অঞ্চলত দুয়োৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।
অৱশ্যে, ঘটনাটোৰ সবিশেষ তথ্য এতিয়াও সীমিত। বাতৰিসমূহত উদ্ধৃত বিবৃতিবোৰত ছৌদি কৰ্তৃপক্ষই কথিত কাৰ্যৰ সঠিক প্ৰকৃতি প্ৰকাশ কৰা নাই। বাংলাদেশী দুয়োকে কেতিয়া আৰু ক’ত গ্ৰেপ্তাৰ কৰা হৈছিল, সেয়াও উল্লেখ কৰা হোৱা নাই।
আজেলৰ বাতৰি অনুসৰি, মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ পাছত ছৌদি আৰবৰ গৃহ মন্ত্ৰালয়ে নিৰাপত্তা বজাই ৰখা, ন্যায় প্ৰতিষ্ঠা কৰা আৰু মছজিদৰ পৱিত্ৰতা উলংঘন কৰা বা অনৈতিক কাৰ্য সংঘটিত কৰাত দোষী সাব্যস্ত হোৱা লোকৰ বিৰুদ্ধে ইছলামিক আইন বলৱৎ কৰাৰ প্ৰতি চৰকাৰৰ অংগীকাৰ পুনৰ দোহাৰে।
মন্ত্ৰালয়ে লগতে সকীয়াই দিয়ে যে একেধৰণৰ অপৰাধ সংঘটিত কৰা যিকোনো ব্যক্তিয়ে ছৌদি আইন অনুসৰি আইনী পৰিণতিৰ সন্মুখীন হ’ব লাগিব।
গাল্ফ নিউজ, আজেল আৰু দ্য বিজনেছ ষ্টেণ্ডাৰ্ডে এই ঘোষণাৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছে। ইয়াৰে দ্য বিজনেছ ষ্টেণ্ডাৰ্ডে মন্ত্ৰালয়ৰ বিবৃতি সন্দৰ্ভত আজেলত প্ৰকাশিত বিৱৰণৰ উদ্ধৃতি দিছে।
জেদ্দাস্থিত বাংলাদেশৰ কনছুলেট জেনেৰেলে ঢাকাস্থিত সংবাদ প্ৰতিষ্ঠান দ্য ডেইলী ষ্টাৰক জনায় যে মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ পূৰ্বে তেওঁলোকক অৱগত কৰা হোৱা নাছিল। বিষয়টো আনুষ্ঠানিকভাৱে নিশ্চিত কৰিবলৈ ছৌদি কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনোৱা বুলিও কনছুলেটে প্ৰকাশ কৰে।
কূটনৈতিক মিছনটোৰ এজন বিষয়াই সংবাদ প্ৰতিষ্ঠানটোক কয়, “মন্ত্ৰালয়ে কনছুলেটক আগতীয়াকৈ অৱগত কৰা নাছিল।” তেওঁ লগতে কয়, “এই সন্দৰ্ভত আমি ছৌদি আৰবৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন ‘নোট ভাৰ্বাল’ দাখিল কৰি বিষয়টো আনুষ্ঠানিকভাৱে নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছোঁ।”
ছৌদি আৰবত মৃত্যুদণ্ডৰ প্ৰয়োগক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত থকা নিৰীক্ষণৰ মাজতে এই মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে। কালি ছৌদি আৰবৰ উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ হিন্দু নাগৰিক শিৱৰাছা আনোজানক বিহা মৃত্যুদণ্ড বাতিল কৰিছিল। ফেচবুকত কৰা এটা মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে ধৰ্মনিন্দাৰ অভিযোগত বিচাৰ চলোৱা হৈছিল। তেওঁ মন্তব্যটো তৎক্ষণাৎ মচি পেলাই তাৰ বাবে ক্ষমাও খুজিছিল। শ্ৰীলংকা চৰকাৰৰ ধাৰাবাহিক কূটনৈতিক প্ৰচেষ্টাৰ পাছত তেওঁ এই সকাহ লাভ কৰে।
অৱশ্যে, ছৌদি আৰু বাংলাদেশী সংবাদ প্ৰতিষ্ঠানসমূহৰ বাতৰিত উদ্ধৃত বিবৃতিবোৰত বাংলাদেশী দুয়োজনে কনছুলাৰ সহায় লাভ কৰিছিল নে নাই, তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছিল নে নাই অথবা বাংলাদেশে কোনো কূটনৈতিক আবেদন বা নিবেদন জনাইছিল নে নাই, সেই সম্পৰ্কে সবিশেষ তথ্য দিয়া হোৱা নাই।
উপলব্ধ বাতৰিসমূহতো দুয়োকে যি কাৰ্যৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল, তাৰ সঠিক প্ৰকৃতি উল্লেখ কৰা হোৱা নাই। সংবাদ প্ৰতিষ্ঠানসমূহে উদ্ধৃত কৰা বিবৃতিবোৰত ছৌদি কৰ্তৃপক্ষই অভিযোগ আৰু দণ্ডাদেশৰ বিষয়ে সাধাৰণভাৱে বৰ্ণনা কৰিছে; অধিক সবিশেষ প্ৰকাশ কৰা নাই।
গৃহ মন্ত্ৰালয়ৰ মতে, ন্যায়িক সিদ্ধান্তসমূহ বহাল ৰখা আৰু ৰাজকীয় আদেশ জাৰি কৰাৰ পাছত এই মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।